হায়দৰাবাদ : দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন এইকেইদিন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক একশ্যন ছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰচাৰত । ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২: দ্য ৰুল’ । যোৱা শুকুৰবাৰে ছুপাৰষ্টাৰগৰাকী আৰু পুষ্পা ২ৰ দলটোৱে ছবিখনৰ প্ৰচাৰৰ বাবে মুম্বাইলৈ যায় । উক্ত অনুষ্ঠানতে আল্লু অৰ্জুনে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে বলীউডত কাম কৰাৰ কথা কয় ।
অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটাৰ বিষয়ে কওঁতে আল্লু অৰ্জুনে কয়, "এয়া মোৰ বাবে এক বৃহৎ সন্মান আছিল । মই সকলোকে ক’ব পাৰো যে পুষ্প ১ ৰ আগতে সুকুমাৰ জীক কৈছিলো যে মই সঁচাকৈয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে চেষ্টা কৰিব বিচাৰো । মই ইয়াক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব বিচাৰো আৰু হয়তো আমি ৰাষ্ট্ৰীয় বঁটাৰ বাবেও চেষ্টা কৰিব পাৰো । তেওঁ (সুকুমাৰে) মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এই কামটো কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব । সুকুমাৰে কয়, আমি এনে এখন ছবি নিৰ্মাণ কৰিম য’ত সকলোৱে অনুভৱ কৰিব যে আপোনাৰ অভিনয় ৰাষ্ট্ৰীয় বঁটাৰ যোগ্য ।"