অসম

assam

ETV Bharat / entertainment

ছাৰ্ফিৰা ছবিখনৰ পৰা চাওক অক্ষয় কুমাৰৰ ফাৰ্ষ্ট লুক পোষ্টাৰ - Akshay Kumar new movie

Sarfira movie: অক্ষয় কুমাৰ অভিনীত ছাৰ্ফিৰাৰ নিৰ্মাতাসকলে ফাৰ্ষ্ট লুক পোষ্টাৰ উন্মোচন কৰাৰ লগতে ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ১২ জুলাইত চিনেমা হলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ ১৮ জুনত মুক্তি পাব ।

Akshay Kumar's Sarfira Trailer to Be out on THIS Date; Check Actor's First Look Poster
অক্ষয় কুমাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:11 PM IST

চিটাৰা ডেস্ক, 14 জুন :অক্ষয় কুমাৰক লৈ নিৰ্মিত বহু প্ৰত্যাশিত ছবি ছাৰ্ফিৰাৰ নিৰ্মাতাসকল ছবিখনৰ ট্ৰেইলাৰ উন্মোচনৰ বাবে সাজু হৈছে আৰু ফাৰ্ষ্ট লুক পোষ্টাৰো প্ৰকাশ কৰিছে । অক্ষয়ে ইনষ্টাগ্ৰামত চৰিত্ৰটোৰ পোষ্টাৰ শ্বেয়াৰ কৰি ট্ৰেইলাৰ মুকলিৰ তাৰিখ ঘোষণা কৰিছে ।

পোষ্টাৰখনত অক্ষয়ক দাড়িৰ সৈতে দেখিবলৈ পোৱা গৈছে আৰু তেওঁ কেমেৰাৰ পৰা আঁতৰি চাই আছে ৷ টেগলাইনত লিখা আছে, "ইমান ডাঙৰ সপোন দেখা যাতে মানুহ তোমাক পাগল বুলি কয় ।"

তেওঁ প্ৰকাশ কৰে, "এজন মানুহৰ কাহিনী যিয়ে ডাঙৰ সপোন দেখিবলৈ সাহস কৰিছিল ! আৰু মোৰ বাবে এইটো এটা কাহিনী, এটা চৰিত্ৰ, এখন চলচ্চিত্ৰ, জীৱনজোৰা সুযোগ ! #Sarfira ট্ৰেইলাৰ ১৮ জুনত মুক্তি হ’ব । 12 জুলাইত ছাৰ্ফিৰা উপভোগ কৰক কেৱল চিনেমাগৃহত ।" ছাৰ্ফিৰাৰ ট্ৰেইলাৰ ১৮ জুনত মুক্তি পাব ।

লগতে পঢ়ক :দৰ্শকৰ দৃষ্টিত চন্দুৱে সঁচাকৈয়ে ধৰা দিলে চেম্পিয়ন হিচাপে - Chandu Champion Review

শেহতীয়াকৈ অক্ষয় আৰু ৰাধিকা মদনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছিল । ভিডিঅ’টোত অক্ষয় আৰু ৰাধিকাক আন দুজনৰ সৈতে সংগীতৰ ছন্দত নাচি থকা দেখা গৈছে । দুয়োৱে বেকগ্ৰাউণ্ড মিউজিকত নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে, সম্ভৱতঃ তেওঁলোকৰ আগন্তুক ছবি ছাৰ্ফিৰাৰ শ্বুটিঙৰ সময়ত চিত্ৰগ্ৰহণ কৰা হৈছিল এই ভিডিঅ’টো ।

ছাৰ্ফিৰা তামিল চলচ্চিত্ৰ ছুৰাৰাই পট্ৰু (Soorarai Pottru)ৰ পুনৰ্নিৰ্মাণ । চলচ্চিত্ৰখনৰ শিৰোনাম ফেব্ৰুৱাৰীত উন্মোচন কৰা হৈছিল আৰু মুক্তিৰ তাৰিখ 12 জুলাই নিৰ্ধাৰণ কৰা হৈছিল । ছাৰ্ফিৰাত পৰেশ ৰাৱাল আৰু সীমা বিশ্বাসেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী সুধা কংগাৰাই ছবিখনৰ পৰিচালনাৰ দায়িত্ব বহন কৰিছে । ছুৰাৰাই পট্ৰুৰ পূৰ্বে তেওঁ ইৰুধি সুত্ৰু (Irudhi Suttru) (তামিল) আৰু ছালা খাদুছ (Saala Khadoos) (হিন্দী) পৰিচালনা কৰিছিল, যি তেলেগু ভাষাত গুৰু হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল ।

নিজৰ উৎসাহ প্ৰকাশ কৰি পৰিচালক সুধা কংগাৰাই এটা নিউজ পৰ্টেলক কয়, “ছাৰ্ফিৰাৰ জৰিয়তে আমি এনে এক সংগীতৰ আশ্চৰ্য ৰচনা কৰাৰ লক্ষ্য লৈছো যিয়ে কেৱল মনোৰঞ্জন কৰাই নহয়, দৰ্শকৰ হৃদয়তো যাতে স্থায়ী প্ৰভাৱ পেলায় । চাউণ্ডট্ৰেক বৈচিত্ৰময় আৰু ই বিভিন্ন ছেগমেণ্টৰ অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰিব ।"

সুধা আৰু শালিনী উষাদেৱীৰ ৰচনা, পূজা তোলানীৰ সংলাপ আৰু জি.ভি. প্ৰকাশ কুমাৰৰ সংগীতেৰে, ছাৰ্ফিৰা প্ৰযোজনা অৰুণা ভাটিয়া (কেপ অফ গুড ফিল্মছ), দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্য আৰু জ্যোতিকা (২ডি এণ্টাৰটেইনমেণ্ট) আৰু বিক্ৰম মালহোত্ৰাই । ছুৰাৰাই পট্ৰু ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা দক্ষিণৰ অভিনেতা সূৰ্যয়ো ছাৰ্ফিৰাত অতিথি শিল্পী হিচাপে অভিনয় কৰিব ।

লগতে পঢ়ক :পৰ্দাত ওলোৱাৰ ক্ষেত্ৰত বাধা আহিছে মিষ্টাৰ পাৰ্ফেক্টছ’নিষ্টৰ পুত্ৰৰ - Junaid khan debut Movie Maharaj

ABOUT THE AUTHOR

...view details