অসম

assam

ৰীল লাইফত নহয় ৰীয়েল লাইফত মানৱতাৰ নিদৰ্শন দেখুৱালে অভিনেতা অক্ষয় কুমাৰে - Akshay Kumar

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 11:16 AM IST

Akshay Kumar Viral Video: ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে খিলাড়ী অক্ষয় কুমাৰৰ এটা ভিডিঅ’। য’ত অক্ষয় কুমাৰে কপিল শৰ্মা শ্ব’ত এগৰাকী কমেডিয়ানৰ জীৱন ৰক্ষা কৰা দেখা গৈছে । চাওক ভিডিঅ’...

Akshay Kumar saves a man who fainted mid air during the shoot of Kapil Sharma Show Fans call actor khiladi Viral Video
ৰিল লাইফত নহয় ৰিয়েল লাইফত মানৱতাৰ নিদৰ্শন দেখুৱালে অভিনেতা অক্ষয় কুমাৰে (ETV Bharat)

চিটাৰা ডেস্ক, 17 জুলাই: নিজৰ বলিষ্ঠ তথা খুহুতীয়া অভিনয়ৰ দ্বাৰা সদায় দৰ্শকৰ হৃদয় জিনাত পিচ পৰি থকা নাই বলীউডৰ খিলাড়ী অক্ষয় কুমাৰ ৷ তেওঁৰ অভিনয়, নৃত্য, এক্সন খুবেই পচন্দ কৰে দৰ্শকে ৷ বলীউডত তেওঁ এতিয়ালৈকে বিভিন্ন চৰিত্ৰত অভিনয় কৰি আহিছে ৷ কিন্তু এইবাৰ বাস্তৱ জীৱনতো যে তেওঁ নায়কতকৈ কম নহয় তাকেই যেন প্ৰমাণিত কৰিলে অভিনেতা অক্ষয় কুমাৰে ৷

শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি ছাৰ্ফিৰাৰ জৰিয়তে বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে । বিগত ১২ জুলাইত মুক্তিলাভ কৰিছিল ছাৰ্ফিৰা ছবিখনে । ছাৰ্ফিৰাৰ লগতে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ ছবি ইণ্ডিয়ান-২ ও বক্স অফিচত একেলগে চলি আছে । বিগত পাঁচ দিন ধৰি দুয়োখন ছবিৰ মাজত বক্স অফিচত উপাৰ্জনৰ বাবে প্ৰতিযোগিতা চলি আহিছে ।

তাৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। এই ভিডিঅ'টোত অক্ষয় কুমাৰে এগৰাকী কমেডিয়ানৰ জীৱন ৰক্ষা কৰা দেখা গৈছে । এই ভিডিঅ'টো ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোত অক্ষয় কুমাৰৰ মানৱতা দেখি অনুৰাগীয়ে তেওঁক চেলুট কৰিছে ।

কমেডিয়ানৰ প্ৰাণ ৰক্ষা কৰিলে অক্ষয়ে

ছ’চিয়েল মিডিয়াত ভাইৰেল ক্লিপটোত দেখা গৈছে যে দ্য কপিল শৰ্মা শ্ব’ত কমেডিয়ান তথা অভিনেতা আলী আজগৰ আৰু তেওঁৰ সৈতে আন এজন কমেডিয়ানে ৰছীৰে বান্ধি বতাহত ওলমি অভিনয় কৰিবলৈ ওলাইছে, হঠাৎ সেই সময়ত আলীৰ সৈতে থকা কমেডিয়ানগৰাকী অচেতন হৈ পৰে কিন্তু ৰচীৰে বান্ধ খাই থকাৰ বাবে তেওঁ তললৈ পৰি নাযায় । এয়া দেখি সকলোৱে থতমত খাই উঠে আৰু একে সময়তে সমগ্ৰ ক্ৰুৰ সৈতে অক্ষয় কুমাৰে লোকজনৰ প্ৰাণ ৰক্ষাৰ বাবে নামি পৰে । অক্ষয়ে প্ৰথমে এই ব্যক্তিজনৰ মূৰটো জোকাৰি লোকজনক চেতন অৱস্থালৈ ঘূৰাই আনে । তাৰ পিচত লাহে লাহে তললৈ নমাই অনা হয় ।

অনুৰাগীয়ে ক’লে – এইজনেই হ’ল প্ৰকৃত খিলাড়ী

অক্ষয় কুমাৰৰ এই বীৰত্বৰ বাবেই তেওঁৰ অনুৰাগীয়ে তেওঁক খিলাড়ী আখ্যা দিছে । এজন অনুৰাগীয়ে লিখিছে, খিলাড়ী ভাইয়া, কোনো অভিনেতাই এনেকৈ কাৰো জীৱন ৰক্ষা কৰিব নোৱাৰে, কিন্তু অক্ষয় কুমাৰ এনে অভিনেতাৰ শাৰীত নপৰে । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ইয়াক কোৱা হয় মগজু সদ্ব্যৱহাৰ, গুড আক্কি । জনাই দিও যে, এই ভিডিঅ’টো প্ৰায় পাঁচ বছৰ পুৰণি, যিটো পুনৰবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক:কৰ'নাত আক্ৰান্ত খিলাড়ী অক্ষয় কুমাৰ...অনন্ত-ৰাধিকাৰ বিবাহত উপস্থিত নাথাকে অভিনেতাগৰাকী - Akshay Kumar Covid positive

ABOUT THE AUTHOR

...view details