চিটাৰা ডেস্ক, 18 জুন :অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি ছাৰ্ফিৰাৰ বহু প্ৰতীক্ষিত ট্ৰেইলাৰ আজি, ১৮ জুনত উন্মোচন কৰা হয় । ছাৰ্ফিৰাৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক সুধা কংগাৰাৰ সৈতে একত্ৰিত হৈছে অক্ষয় কুমাৰ । চলচ্চিত্ৰখন সুধাৰ তামিল চলচ্চিত্ৰ ছুৰাৰাই পট্ৰুৰ হিন্দী ৰিমেক, য’ত অভিনয় কৰিছিল দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্যই ।
ছাৰ্ফিৰাৰ ট্ৰেইলাৰত সুধাই তেওঁৰ ব্লকবাষ্টাৰ তামিল ছবিখনৰ হিন্দী সংস্কৰণৰ বাবে পুনৰ সৃষ্টি কৰা পৃথিৱীখনৰ আভাস পোৱা যায় । ট্ৰেইলাৰৰ পৰা স্পষ্ট যে অক্ষয় কুমাৰে গাঁৱৰ পৰা অহা এজন ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে ডাঙৰ সপোন দেখাৰ সাহস কৰে । নিজাকৈ বিমান সংস্থা আৰম্ভ কৰাৰ সপোন পূৰণৰ বাবে তেওঁ শক্তিশালী ৰাজনীতিবিদ, ব্যৱসায়ী, আমোলাৰ সৈতে মুখামুখি হয় ।
কেপ্তেইন জি আৰ গোপীনাথে ৰচনা কৰা আত্মজীৱনী চিম্পলি ফ্লাই :এ ডেকান অডিচিৰ পৰা সংকলিত এই চিনেমাখন । গ্ৰন্থখনত কম খৰচী বিমান সংস্থা স্থাপনৰ ক্ষেত্ৰত গোপীনাথৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে । সুধাই গোপীনাথৰ জীৱনক কল্পনাত অভিযোজিত কৰি মূল চৰিত্ৰটোক এক নতুন সামাজিক প্ৰেক্ষাপটত স্থান দিছে ।
ছাৰ্ফিৰাৰ ট্ৰেইলাৰ উন্মোচন কৰাৰ পূৰ্বে অক্ষয়ে চিনেমাখনৰ এখন মনোমোহা পোষ্টাৰ শ্বেয়াৰ কৰিছিল । আজি ছাৰ্ফিৰাৰ ট্ৰেইলাৰ মুকলি কৰাৰ কেইঘণ্টামান পূৰ্বে অক্ষয় কুমাৰে এখন নতুন পোষ্টাৰেৰে সকলোকে উত্তেজিত কৰি তোলে ।