অসম

assam

ETV Bharat / entertainment

পৰিচালক জাহ্নু বৰুৱালৈ মঘাই ওজা স্মাৰক বঁটা - JAHNU BARUA MOGHAI OJAH AWARD

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চদশ বাৰ্ষিক মঘাই ওজা স্মাৰক বঁটা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক জাহ্নু বৰুৱালৈ আগবঢ়োৱা হৈছে ৷

AJYCP to confer 2025 Moghai Ojah Memorial Award to Jahnu Barua
জাহ্নু বৰুৱালৈ মঘাই ওজা স্মাৰক বঁটা (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Dec 27, 2024, 1:21 PM IST

যোৰহাট : লোকশিল্পী তথা ঢোলৰ যাদুকৰ খ্যাত মঘাই ওজাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰি আহিছে মঘাই ওজা স্মাৰক বঁটা ৷ মঘাই ওজা স্মাৰক বঁটা ২০২৫ বৰ্ষৰ বাবে প্ৰদান কৰা হ’ব অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমক চিনাকি কৰোৱা বিশিষ্ট প্ৰযোজক তথা পৰিচালক জাহ্নু বৰুৱাক । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সৌজন্যত যোৰহাট নগৰত আগন্তুক বৰ্ষৰ ১৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মঘাই ওজা দিৱসত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বৰুৱালৈ উক্ত বঁটা প্ৰদান কৰা হ’ব ।

১৯৫২ চনৰ ১৮ অক্টোবৰত অসমৰ শিৱসাগৰত জন্মগ্ৰহণ কৰা বৰুৱাই অসমীয়া চিনেমাক গোলকীয় মানচিত্ৰত স্থান দিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে । চাৰি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত বৰুৱাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা অসংখ্য ছবি পৰিচালনা কৰিছে ।

শিৱ কলিতা-ড৹ জয়ন্ত মাধৱ দত্তৰ ভাষ্য (ETV Bharat Assam)

তেওঁৰ কিছুমান উল্লেখনীয় বোলছবি হ’ল হালধীয়া চৰায়ে বাওধান খাই (১৯৮৭), ফিৰিঙতি (১৯৯২), সাগৰলৈ বহু দূৰ (১৯৯৫) আৰু মেনে গান্ধী কো নেহি মাৰা (২০০৫) ৷ বৰুৱাৰ প্ৰত্যক্ষ আৰু পোনপটীয়া দৃষ্টিভংগীৰে নিৰ্মিত ছবিবোৰ মানৱতাবাদী দৰ্শন, সংবেদনশীল কাহিনী আৰু সূক্ষ্ম চৰিত্ৰৰ বাবে জনাজাত । সমগ্ৰ কৰ্মজীৱনত বৰুৱাই অসংখ্য বঁটা আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

বৰুৱাৰ বঁটাৰ তালিকাত ২০০৩ চনৰ ‘পদ্মশ্ৰী’ আৰু ২০১৫ চনত লাভ কৰা ‘পদ্মভূষণ’, যি দুটা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান সেয়াও সন্নিবিষ্ট হৈ আছে । ইয়াৰ উপৰিও তেওঁ অজেয় (২০১৩) আৰু বান্ধোন (২০১২) ৰ বাবে শ্ৰেষ্ঠ অসমীয়া কথাছবিকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । চলচ্চিত্ৰ নিৰ্মাণৰ লগতে বৰুৱা আন বিভিন্ন কামৰ সৈতে জড়িত হৈ আছে । ১৯৯৩ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সন্থাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰুৱাই অসমীয়া চিনেমাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে ।

সংবাদ মেলখনত সংবাদ কৰ্মীসকলক সম্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই উল্লেখ কৰে যে জাহ্নু বৰুৱা এগৰাকী অতি সন্মানীয় আৰু প্ৰশংসিত চলচ্চিত্ৰ পৰিচালক যিয়ে ভাৰতীয় চিনেমালৈ উল্লেখনীয় অৱদান আগবঢ়াইছে । তেওঁৰ চলচ্চিত্ৰসমূহৰ কলাত্মক আৰু সাংস্কৃতিক মূল্যৰ বাবে এজন অগ্ৰণী আৰু অতুলনীয় অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে ।

১৫ মাৰ্চৰ উক্ত অনুষ্ঠানত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাই প্ৰমুখ্যে পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন আগশাৰীৰ ব্যক্তি তথা অনুষ্ঠানে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক :মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ বঁটাটি মোৰ বাবে অস্কাৰতকৈও বেছি মূল্যৱান: সীমা বিশ্বাস

ABOUT THE AUTHOR

...view details