গুৱাহাটী : পুনৰ এবাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ অভিনেত্রীৰ । অভিনেত্রী প্ৰাঞ্জনা দত্তৰ পাছত এইবাৰ অভিনেত্রী দেৱাশ্ৰী দাসে এৰিলে বৃন্দাবন থিয়েটাৰ । প্ৰযোজকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনি বৃন্দাবন থিয়েটাৰ এৰিলে অভিনেত্রী দেৱাশ্ৰী দাসে ।
অভিনেত্রীগৰাকীয়ে সামাজিক মাধ্যম যোগে বৃন্দাবন থিয়েটাৰ ত্যাগ কৰাৰ কাৰণ বণৰ্না কৰাৰ লগতে আনিলে কেতবোৰ বিস্ফোৰক অভিযোগ । অভিনেত্রী দেৱাশ্ৰী দাস ২০২৪-২৫ বৰ্ষত বৃন্দাবন থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল ।
লক্ষণীয় বিষয় যে কিছুদিন পূৰ্বে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই ।
ইয়াৰ পিছতে দেওবাৰে অভিনেত্রী দেৱাশ্ৰী দাসে ক্ষোভ উজাৰি এৰিলে বৃন্দাবন থিয়েটাৰ । বৃন্দাবন থিয়েটাৰত বহুত অশান্তিত থকাৰ লগতে অসন্মানিত হোৱাৰ কথা সদৰী কৰি প্ৰযোজকৰ বিৰুদ্ধে আনিলে কেতবোৰ গুৰুতৰ অভিযোগ । সামাজিক মাধ্যম যোগে অভিনেত্রীগৰাকীয়ে কয় - “চুক্তিৰ সময়ত তেওঁলোকে মোৰ ওচৰত দুখন কাগজ লৈ আহিছিল । দুখনতে চহী কৰিছিলো । আখৰাৰ সময়ত তেওঁলোকে পইচা দি আছিল । যেতিয়া নাটক আৰম্ভ হ’ল, তেতিয়াৰ পৰা তেওঁলোক পইচা দিব নোৱৰা হ’ল । কেতিয়াবা ৫০০০ দিয়ে, কেতিয়াবা ১০,০০০ দিয়ে । কেতিয়াবা ৫০,০০০ৰো দিয়ে । দূৰ্গা পূজা পেণ্ডেলত আমাক হিচাপ পঠিয়াইছিল । মই তেতিয়া হিচাপ চাই কৈছো, এইখন মোৰ হিচাপ নহয় । ক’ত ক’ত পইচা কাটিছে চাই দেখিলো যে তেওঁলোকে ৰিটেনশ্যন বুলি কিবা এটা কাটিছে । মই সকলোকে সুধিলো ৰিটেশ্যনটো আচলতে কি । থিয়েটাৰত টি ডি এছ আৰু ন' শ্ব', ন' মানী থাকে, কিন্তু ৰিটেনশ্যন বোলা বস্তুটো মই প্ৰথম পাইছো । পিছত গম পালো থিয়েটাৰত কাম কৰি থকা যাতে কোনো গুচি যাব নোৱাৰে সেইবাবে ৰিটেনশ্যন কটা হয় । থিয়েটাৰখন শেষ হোৱাৰ পিছত পইচা দিয়া হয় । আমি বেনাৰত কাম কৰা শিল্পী জানো পলাই যাম ? আমি পলাই নাযাওঁ । এইটো এটা গাত লগা কথা । যাবলগীয়া থাকিলে আমি কৈ যাম । দুৰ্গা পূজাৰ পিছত যেতিয়া মই চুক্তিপত্ৰ চালো তেতিয়া মই চহী কৰা কাগজ দুখনৰ মাজত আৰু দুখন কাগজ সুমুৱাই দিছে । আমাক প্ৰৱঞ্চনা কৰি চহী কৰোৱা হ'ল । চুক্তিপত্রত মোৰ আৰু প্ৰাঞ্জনা দত্তৰ পঠালি চহী নাই । অৰ্থাৎ আমি সেই কাগজ পোৱাই নাই ।”
প্ৰৱঞ্চনা হোৱা বুলি সদৰী কৰি তেওঁ আৰু কয় - "মালিকে মোৰ গোটেইখিনি কথা মানি লৈছিল । মই কৈছিলো যে মই এইখন চুক্তিপত্ৰ নামানো । মই আইনী পদ্ধতিত চুক্তিপত্ৰ কৰিম বুলি কৈছিলো আৰু তেওঁ মানি লৈছিল । ৰিটেনশ্যনৰ পইচা নাৰাখো বুলি তেওঁ মানি লৈছিল । তেতিয়া ৫০,০০০ টকা দিলে আৰু পেণ্ডেললৈ গ’লো । তাৰ পিছত আমি ফোন কৰিলে মালিকে ফোন নধৰে । আমি নাটক কৰি নামি আহিলে মালিক নোহোৱা হৈ যায় । আমি এঘণ্টা-দুঘণ্টা থিয়েটাৰৰ অফিছত বহো । মই, প্ৰাঞ্জনা দত্ত, অনামিকাৰ লগত তেওঁ বহিব নিবিচাৰে ।”
আন এক অভিযোগ কৰি তেওঁ কয়, “তালগুৰিত ৰূম মেনেজমেণ্টে মোৰ লগত বৰ বেয়া ব্যৱহাৰ কৰে । মোৰ বাবে কমিটীয়ে যিটো ৰূম চাইছিল, সেইটো তেওঁলোকে বেলেগক দি দিয়ে । ইমান দিনে বহুত সহ্য কৰি আছিলো । মই কমিটীৰ মানুহৰ লগত গৈ চাৰিটামান ঘৰ চালো । মই সম্পাদকক সকলো কথা ক’লো । পিছত ৰূম মেনেজমেণ্টৰ দাদাজনে মই চাই বাতিল কৰা ৰূমকেইটা চালে আৰু তেওঁ ক’লে যে ইয়াতকৈ ভাল ৰূম দিব নোৱাৰে । তেওঁ কমিটীৰ মানুহত আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিল । আনহাতে দীপাৱলীৰ সময়তো মই থিয়েটাৰত নাথাকো বুলি কৈছিলো । পইচা দিম বুলি কোৱাত মই গ’লো । কমিটীৰ মানুহে কোৱাত মই নাটক কৰিবলৈ গ’লো । থিয়েটাৰখনৰ স্বাৰ্থত মই থাকি দিলো ।”
তেওঁ লগতে উল্লেখ কৰে,"এইবোৰ কথাত মই মানসিকভাৱে ভাগি পৰিছো । যাৰ বাবে ৪ জানুৱাৰীৰ পৰা মই আৰু এইখন থিয়েটাৰৰ লগত জড়িত থাকিব নিবিচাৰো । এইখন থিয়েটাৰত আহি মই বহুত অশান্তিত ভুগিছো । মই মানসিক অশান্তিৰ বাবে আনকি সংলাপো পাহৰি যাও । এনেদৰে অশান্তিত থাকিব নোৱৰাৰ বাবে মই এই সিদ্ধান্ত ল'লো । আনকি ৰাতি ডেৰ বজাত থিয়েটাৰৰ উপ-সম্পাদক অনুপ ডেকাই প্ৰাঞ্জনা দত্তক ভাবুকি দিছিল । একাংশ আৰ্টিষ্টে কৈছে -যোৱাবাৰ এগৰাকী অভিনেত্ৰী গুচি যোৱাৰ পিছতো ১৪ দিনতে নাটক কৰি উলিয়াইছিল । এইবোৰ কথা শুনিবলৈ পাইছো ইয়াত । মই এইখন থিয়েটাৰত আহি বহুত অসন্মানিত হৈছো । মই ৪ জানুৱাৰীৰ পৰা এইখন থিয়েটাৰত নাথাকো । উদ্যোক্তা কমিটীসমূহে মোক বেয়া নাপাব । মোক থিয়েটাৰৰ মানুহে একো বুলিয়েই নাভাবে । মোক ক্ষমা কৰিব দিব ।”
আনহাতে তেওঁ পাবলগীয়া ধনখিনি নালাগে বুলিও সামাজিক মাধ্যম যোগে সদৰী কৰে ।
লগতে পঢ়ক :কহিনুৰত আৰু দেখিবলৈ পোৱা নাযাব ‘টাইটানিক’