অসম

assam

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 12:59 PM IST

ETV Bharat / entertainment

অস্ত্ৰোপচাৰৰ পিচত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল অৰ্জুন বিজলানীক

Arjun Bijlani Health Update : শেহতীয়াকৈ অৰ্জুন বিজলানীৰ এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । এতিয়া অভিনেতাজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । ইফালে অভিনেতাগৰাকীয়ে নিজৰ ঘৰৰ কিছু ছবিও শ্বেয়াৰ কৰিছে ।

Actor Arjun Bijlani discharged from hospital after surgery
অৰ্জুন বিজলানী স্বাস্থ্য আপডেট

চিটাৰা ডেস্ক, ১২ মাৰ্চ:শেহতীয়াকৈ টিভি অভিনেতা অৰ্জুন বিজলানীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তাৰ পিচত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । অভিনেতাজনে পেটৰ তলৰ অংশত প্ৰচণ্ড বিষ অনুভৱ কৰিছিল, চিকিৎসকৰ পৰীক্ষাত এপেণ্ডিক্স হোৱা বুলি ধৰে পৰে ৷ অৱশ্যে অভিনেতাগৰাকীৰ এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ সুচাৰূপে সম্পন্ন হয় ।

এতিয়া অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হৈছে ৷ অভিনেতাগৰাকীয়ে শেহতীয়াকৈ ঘৰৰ পৰা কিছু ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলক স্বাস্থ্যৰ আপডেট দিছে । অৰ্জুন বিজলানীয়ে নিজৰ ইনষ্টাগ্ৰামত ঘৰৰ দুখন ছবি পোষ্ট কৰিছে । এই ছবিবোৰত অৰ্জুনে নিজৰ ঘৰৰ বেলকনিত বহি বাহিৰৰ দৃশ্য উপভোগ কৰা দেখা গৈছে ।

এই পোষ্টটোৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, ‘‘এতিয়া মই ঘৰত আছো । মই সুস্থ হৈ উঠিছে ।’’ এই ছবিবোৰলৈ চাই এনে লাগে যেন আগৰ তুলনাত এতিয়া অভিনেতাজনৰ স্বাস্থ্য বহুত উন্নত হৈছে ।

অনুৰাগীৰ প্ৰতিক্ৰিয়া

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘আপোনাক ঘৰত দেখা পাই ভাল লাগিল । ৰিলাক্স কৰক... চিল কৰক...নেহাৰ সৈতে উপভোগ কৰক । আজৰি সময় উপভোগ কৰক ।’’ আন এটা ফেন পেজে মন্তব্য কৰি লিখিছে – আপোনাক ঘৰত দেখি মই অতিশয় আনন্দিত হৈছো । আশাকৰো সোনকালে সুস্থ হৈ উঠিব । আন এজনে মন্তব্য- ঘৰত দেখা পাই সুখী । আশাক কৰো আপুনি ভালেই আছে ।

অৰ্জুনক ৮ মাৰ্চত ভৰ্তি কৰোৱা হৈছিল

উল্লেখ্য যে, অৰ্জুন বিজলানীক ৮ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ৯ মাৰ্চত অভিনেতাগৰাকীৰ এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ হৈছিল । অভিনেতাগৰাকীৰ পত্নী নেহাই অস্ত্ৰোপচাৰৰ পিচত চিকিৎসালয়ৰ পৰা তেওঁৰ এখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক তেওঁৰ স্বাস্থ্যৰ আপডেট দিছিল । অস্ত্ৰোপচাৰৰ দুদিন পিচতে অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । এতিয়া অৰ্জুনে ঘৰতে জিৰণি লৈছে। অভিনেতাগৰাকীয়ে নিজৰ শ্বুটিঙৰ পৰাও বিৰতি লৈছে ।

লগতে পঢ়ক:হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল অভিনেতা অৰ্জুন বিজলানীৰ

ABOUT THE AUTHOR

...view details