ETV Bharat / bharat

সোণৰ শাড়ী দেখিছেনে ? এজন হস্ততাঁত শিল্পীৰ অদ্ভুত বয়ন কলাৰ সৈতে চিনাকী হওঁ আহক - Gold Saree

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Traditional weaving: এগৰাকী শিপিনীয়ে তাঁতশালত সপোন ৰচে বুলি প্ৰায়েই কোৱা হয় ৷ শিপিনীয়ে হাতেৰে অতি যতনেৰে প্ৰস্তুত কৰি উলিওৱা একোসাজ কাপোৰৰ গুৰুত্ব বহু বেছি হয় ৷ কাৰণ তাত লুকাই থাকে শিপিনীগৰাকীৰ কষ্টৰ লগতে আমাৰ পৰম্পৰাগত বয়ন শিল্পৰ ইতিহাস ৷ আজি আমি এনে এগৰাকী তাঁতীৰ বিষয়ে আৰু তেওঁ প্ৰস্তুত কৰা এখন শাড়ীৰ বিষয়ে ক’ম, যিয়ে আপোনাকো আপ্লুত কৰিব ৷ সবিশেষ পঢ়ক-

Traditional weaving
এজন হস্ততাঁত শিল্পীৰ অদ্ভুত বয়ন কলা (ETV Bharat)

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ: অসমক কোৱা হয় সোণালী সূতাৰ দেশ ৷ মুগা সূতাৰ বাবে বিখ্যাত অসমৰ ভিন্ন ঠাইত ঘৰুৱাভাৱে বহুতেই মুগা পালন কৰি মুগা সূতা উৎপাদন কৰে ৷ মুগা সূতাৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ চাহিদা অসমৰ লগতে দেশ-বিদেশতো আছে ৷ ইতিমধ্যেই অসমৰ মুগা কাপোৰে বিশ্বৰ বুকুত এক চিনাকী লাভ কৰিবলৈ সক্ষম হৈছে ৷ আমি সোণালী সূতাৰ কথা এইবাবেই উল্লেখ কৰিছোঁ, কিয়নো এই প্ৰতিবেদনত আমি আপোনালোকক এখন সোণালী শাড়ীৰ বিষয়ে কম ৷ যিখন শাড়ীৰ বাবে তাঁতীগৰাকীয়ে ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে ৷

আমাৰ অসমৰ পাট-মুগা শিল্পৰ বাবে শুৱালকুছি যিদৰে বিখ্যাত সেইদৰে তেলেংগানাৰো থলুৱা হস্ততাঁত শিল্পত এক সুনাম আছে ৷ পোচামপল্লী, ছিৰিছিল্লা আদিকে ধৰি তেলেংগানাৰ বহু অঞ্চলত মানুহে ঘৰতেই শালত বৈ উলিয়াই শাড়ীৰ লগতে বিভিন্ন বস্ত্ৰ ৷ তেলেংগানাৰ ৰেচম কাপোৰৰো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম আছে ৷ তেলেংগানাৰ এজন তাঁতীয়ে প্ৰস্তুত কৰি উলিয়াইছে এখন সোণালী শাড়ী, যিখনে এতিয়া চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈ সকলোতে ৷

তেলেংগানাৰ ৰাজান্না ছিৰিছিল্লা জিলাৰ ছিৰিছিল্লা অঞ্চলৰ নাল্লা বিজয় কুমাৰৰ এজন পাকৈত তাঁতী হিচাপে নাম আছে ৷ তেওঁ শেহতীয়াকৈ বাতৰিৰ শিৰোনামলৈ আহিছে এখন ব্যতিক্ৰমী শাড়ী প্ৰস্তুত কৰি ৷ এই শাড়ীখনৰ প্ৰতিডাল সূতাই যেন বহন কৰিছে থলুৱা তাঁতীসকলৰ সুনিপুন দক্ষতাক ৷

প্ৰায় ছমাহ আগতে হায়দৰাবাদৰ এজন ব্যৱসায়ীয়ে বিজয় কুমাৰক তেওঁৰ কন্যাৰ বিয়াৰ বাবে এখন চালে চকুত লগা সোণৰ শাৰী বোৱাৰ দায়িত্ব দিছিল । তাঁতশালত হাতে বোৱা এই শাড়ীখনত ২০০ গ্ৰাম সোণৰ আকৰ্ষণীয় বৈশিষ্ট্য আছে ৷ বিজয়ক শাড়ীখন বৈ উলিয়াবলৈ ১০ ৰ পৰা ১২ দিন সময় লাগিছিল । ৫.৫ মিটাৰ দৈৰ্ঘ্য আৰু ৪৯ ইঞ্চি বহল এই শাৰীখনৰ ওজন মুঠ ৯০০ গ্ৰাম । ১৭ ছেপ্টেম্বৰত বিয়াৰ ঠিক আগে আগে বিজয়ে শাড়ীখন বৈ উলিয়ায় আৰু ব্যৱসায়ীজনৰ হাতত তুলি দিয়ে ৷ এই শাড়ীখনৰ মূল্য আছিল ১৮ লাখ টকা । সোণেৰে শাড়ী বৈ সফলতা লাভ কৰা বিজয়ে নিজৰ কামত অপৰিসীম গৌৰৱ প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বেও বিগত বৰ্ষত বিজয় কুমাৰে আন এজন ব্যৱসায়ীৰ কন্যাৰ বিয়াৰ বাবে প্ৰস্তুত কৰিছিল সোণ আৰু ৰূপ মিশ্ৰিত এখন শাড়ী ৷ ৪৮ ইঞ্চি বহল আৰু ৫.৫ মিটাৰ দীঘল এই শাড়ীখনত ব্যৱহাৰ কৰা হৈছিল ২০ গ্ৰাম সোণ আৰু ২০ গ্ৰাম ৰূপ ৷ প্ৰায় ৫০০ ওজনৰ শাড়ীখনৰ মূল্য আছিল ১.৮ লাখ টকা ৷ এইখন শাড়ী প্ৰস্তুত কৰিবলৈ বিজয়ক প্ৰায় এমাহ সময় লাগিছিল ৷

পিতৃৰ জীৱিকাৰ সমল হস্ততাঁত শিল্পক ধৰি ৰাখি বিজয় কুমাৰে ৰং সলনি কৰা মনোমোহা থ্ৰীডি শাৰীকে ধৰি উদ্ভাৱনীমূলক ডিজাইনৰো সন্ধান কৰিছে । ভদ্ৰাচলমৰ শ্ৰীৰামনৱমী উৎসৱৰ বাবে নিৰ্মিত এই অনন্য শাড়ী দীঘে ৫.৫ মিটাৰ আৰু প্ৰস্থই ৪৮ ইঞ্চি, ওজন ৬০০ গ্ৰাম । ১৮ দিনত বৈ উলিওৱা থ্ৰীডি শাড়ীখনত সোণ, ৰূপ আৰু ৰঙা ৰং সংযুক্ত কৰা হৈছিল, যাৰ মূল্য আছিল ৪৮ হাজাৰ টকা ।

বিজয় কুমাৰে নিজৰ সৃষ্টিশীলতা আৰু বয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰদৰ্শন কৰি মেচবক্স শাৰী আৰু ৰিং শাড়ীৰ দৰে আন অনন্য বস্ত্ৰও প্ৰস্তুত কৰিছিল । তেওঁৰ কামে পৰম্পৰাগত বয়ন পদ্ধতিক জীয়াই ৰখাই নহয় আধুনিক হস্ততাঁত ডিজাইনৰ নতুন ধাৰণাকো উজলাই তুলিছে ।

লগতে পঢ়ক: পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰে নিৰ্মাণ কৰিব সংগ্ৰহালয়

তাঁতশালত জীৱনৰ চিত্ৰ নিৰ্মাণেৰে জগত জিনাৰ প্ৰয়াস জিনু চুতীয়াৰ

Special weaver from Dhemaji: তাঁতশালত সপোন ৰচা ধেমাজিৰ নীলোৎপলৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.