অসম

assam

ETV Bharat / entertainment

হেমন্ত দত্তলৈ অচ্যুৎ লহকৰ স্মাৰক বঁটা-২০২৪ : সুখানুভূতি প্ৰকাশ জনপ্ৰিয় নাট্যকাৰগৰাকীৰ - Achyut Lahkar MEMORIAL AWARD 2024 - ACHYUT LAHKAR MEMORIAL AWARD 2024

Achyut Lahkar award to Hemanta Dutta : জনপ্ৰিয় নাট্যকাৰ হেমন্ত দত্তক প্ৰদান কৰা হ’ব ২০২৪ বৰ্ষৰ অচ্যুৎ লহকৰ স্মাৰক বঁটা ৷ এই বঁটা লাভ কৰি সুখানুভূমি প্ৰকাশ কৰিলে বিশিষ্ট নাট্যকাৰ, গীতিকাৰগৰাকীয়ে ৷

PLAYWRIGHT HEMANTA DUTTA
নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 4:28 PM IST

দৰং, ১৬ জুন: ‘টাইটানিক’- নামটো শুনিলে মানুহ আজিও শিহৰিত হয় ৷ ৯০ দশকতেই ইয়াক ভ্ৰাম্যমাণৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিছিল এগৰাকী নাট্যকাৰে ৷ যি পিচলৈ সৃষ্টি কৰিছিল অভিলেখৰ ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ সেই অভিলেখ আজিও ভংগ কৰিব পৰা নাই কোনো নাটকে ৷ সেই অভিলেখ সৃষ্টিকাৰী নাটকৰ নাট্যকাৰ হেমন্ত দত্ত ৷ হেমন্ত দত্তক কেৱল নাট্যকাৰ বুলি ক’লে ভুল হ’ব ৷ তেওঁ এগৰাকী অভিনেতা, পৰিচালক আৰু গীতিকাৰো ৷

নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্ত (ETV Bharat Assam)

বিশ্বত বিৰল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ কাৰণে এশৰো অধিক নাটক লিখি জনপ্ৰিয়তাৰ শীৰ্ষত আছিল হেমন্ত দত্ত । তেওঁৰ কলমত প্ৰাণ পাই উঠা ‘মই যি বাটৰে ওলালো আজি নাহো ওলটি’, ‘সময় গতিশীল’, ‘হিয়াৰ মৰম মুকুতা হৈ’, ‘মতলীয়া বতাহে উৰি আহি ক’লে যে’, ‘নায়ক হ’ব খুজি খলনায়ক হ’লি’ আদি চিৰসেউজ গীতসমূহ কোনে পাহৰিব পাৰিব !

লগতে পঢ়ক:তৰুণ-তৰুণীৰ সমাহাৰেৰে ২০২৪-২৫ বৰ্ষত ৰাইজৰ মাজলৈ আহিব হেঙুল

হেমন্ত দত্তই অভিনেতা আৰু পৰিচালক হিচাপেও যথেষ্ঠ সুনাম কঢ়িয়াই আনিছিল ৷ সেই হেমন্ত দত্তক ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুৎ লহকৰৰ স্মৃতিত প্ৰদান কৰা হ’ব ‘অচ্যুৎ লহকৰ স্মাৰক বঁটা-২০২৪’ শীৰ্ষক বঁটা ৷ সমাজ-সংস্কৃতিমূলক অনুষ্ঠান ‘মঞ্চ’ আৰু ‘অচ্যুৎ লহকৰ স্মাৰক বঁটা প্ৰদান সমিতি’য়ে এই বঁটা প্ৰদান কৰিব বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীক ৷

এই বঁটা লাভৰ খবৰ ওলোৱাৰ পিচতে ইটিভি ভাৰতৰ সন্মুখত মনৰ ভাৱ প্ৰকাশ কৰে হেমন্ত দত্তই ৷ এনেদৰে সম্বৰ্ধনা জনালে অথবা সন্মান জনালে নিজৰ উপস্থিতি তেওঁ অনুভৱ কৰে বুলি উল্লেখ কৰে ৷ কিবা এটা যে তেওঁ কৰিছে, সেয়া অনুভৱ কৰে বুলি মন্তব্য কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে ৷

লগতে পঢ়ক:এইবাৰ মঞ্চত নাটক কৰিবলৈ সাজু যতীন বৰা

অচ্যুৎ লহকৰৰ সন্দৰ্ভত হেমন্ত দত্তই কয়, ‘‘অচ্যুৎ লহকৰে বহু কষ্টৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিছিল । ইয়াৰ বাবে তেওঁ জীৱনত বহু কষ্ট ত্যাগ কৰিছিল ৷ মানুহক বিৰক্ত নোহোৱাকৈ নাটক চোৱাৰ অদ্ভূত চিন্তা কৰিছিল ভ্ৰাম্যমাণৰ জৰিয়তে ৷ গাঁও-চহৰ বুলি কোনো কথা নাই, সকলোৰে মাজত সোমাই গৈছিল ভ্ৰাম্যমাণ । লহকৰদেৱে ভ্ৰাম্যমাণৰ যি ৰূপৰেখা তৈয়াৰ কৰিলে, সেয়া ইতিহাসত বিৰল’’ ৷

আনহাতে, চৰকাৰী চাকৰি বাদ দি হেমন্ত দত্ত ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হৈ পৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে ।

উল্লেখনীয় যে, স্বনামধন্য নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তই সম্প্ৰতি বয়সৰ চাপৰ বাবে কিছু থমকি ৰৈছে যদিও ব্যস্ত হৈ আছে উপন্যাস লিখাত । ভ্ৰাম্যমাণৰ জনক অচ্যুৎ লহকৰৰ অষ্টম মৃত্যু বাৰ্ষিকীত অষ্টমবাৰৰ বাবে অচ্যুৎ লহকৰ স্মাৰক বঁটা-২০২৪ প্ৰদান কৰা হ’ব জনপ্ৰিয় নাট্যকাৰ, গীতিকাৰগৰাকীক ।

এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব 7 জুলাইত ৷ ৰঙিয়াস্থিত পূৱ ৰঙিয়া প্ৰগতি সংঘ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোতে বিশিষ্ট নাট্যকাৰগৰাকীক বিশেষ বঁটাটো প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক:বিতৰ্কত অভিনন্দন থিয়েটাৰ: আগধন লৈ প্ৰৱঞ্চনা কৰিলে আয়োজক সমিতিক

ABOUT THE AUTHOR

...view details