চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : 1943 চনৰ 20 ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জন্ম হৈছিল গায়ক, সুৰকাৰ, সংগীত পৰিচালক তথা গীতিকাৰ জয়ন্ত হাজৰিকাৰ । ৰাণা দা হিচাপে পৰিচিত জয়ন্ত হাজৰিকাৰ আজি 81 সংখ্যক জন্ম বাৰ্ষিকী ৷ বহু কালজয়ী গীতৰ স্ৰষ্টা জয়ন্ত হাজৰিকাৰ জন্ম বাৰ্ষিকীত ইটিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰা জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি ৷
1943 চনৰ আজিৰ দিনটোতে মঙলদৈত এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই ৷ সংগীতময় পৰিৱেশৰ মাজতে ডাঙৰ-দীঘল হৈছিল তেওঁ ৷ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা গ্ৰহণ কৰা হাজৰিকাই 1962 চনৰ প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ কলিকতালৈ ৰাওনা হয় আৰু কলিকতাতে এইচ.এম.ভি. কোম্পানীত দুটি গীত বাণীবদ্ধ কৰে । শৈশৱৰ পৰাই সংগীতত ৰাপ থকাৰ বাবে মাত্ৰ 9 বছৰ বয়সতে প্ৰথম গানত সুৰ দিছিল ৷ জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ আছিল সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা ।
তেওঁ প্ৰথম সুৰ দিয়া গীতটি লিখিছিল ককায়েক নৃপেন হাজৰিকাই ৷ ক’বলৈ গ’লে জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন আৰম্ভ হৈছিল ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি । কিন্তু তেওঁৰ জীৱনত এনে এটা সময় আহে যিটো সময়তে তেখেতে ঘৰৰ পৰা মাত্ৰ 25 টকা লৈ নিৰুদ্দেশ হৈ পৰে ৷
ঘৰৰ পৰা কিয় নিৰুদ্দেশ হৈছিল জয়ন্ত হাজৰিকা ?
দৰাচলতে, 1962 চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই জয়ন্ত হাজৰিকাই ঘৰৰ পৰা 25 টকা লৈ নিৰুদ্দেশ হৈ পৰিছিল । ইফালে ঘৰৰ মানুহে তেওঁৰ চিন্তাত আৰক্ষীক খবৰ দিয়ে ৷ কেৱল ইমানেই নহয়, বাতৰি কাকততো নিৰুদ্দেশ হোৱা সন্দৰ্ভত বিজ্ঞাপন দিয়া হৈছিল । কিন্তু তাৰ এসপ্তাহমান পাচতহে গম পোৱা গৈছিল যে ৰাণা দা গৌৰীপুৰলৈ গৈছিল আৰু গৌৰীপুৰতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ তাৰ পাচত ঘৰলৈ উভতি আহিছিল ।
উল্লেখ্য যে, ১৯৬২ চনত তেওঁ কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত ‘‘আগলি বতাহে কঁপালে কলৰে পাত’’ আৰু ‘‘কৃষ্ণচূড়া কৃষ্ণচূড়া’’ নামৰ গীত দুটা বাণীবদ্ধ কৰে । এই গীত দুটিয়ে জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰাত সহায়ক ৰূপে পৰিগণিত হয় । কলকাতাৰ পৰা উভতি অহাৰ পিছতেই জয়ন্ত হাজৰিকাই ককায়েক ভূপেন হাজৰিকাক ‘‘মণিৰাম দেৱান’’ৰ সংগীত পৰিচলনাত সহায় কৰি দিয়ে ৷