গুৱাহাটী,১৬ গুৱাহাটী: শুকুৰবাৰে ঘোষিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-২০২২ ত অসমৰ কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল বঁটা, ড৹ ববী শৰ্মা বৰুৱাৰ ‘ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা । আনহাতে চুটিছবিৰ শিতানত নৱপম ডেকাৰ ‘শূন্যতা’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ চুটিছবিৰ বঁটা । আৰক্ষী বিষয়া ড৹ পাৰ্থসাৰথি মহন্তৰ ‘Hargila - The Greater Adjutant Stork’ আৰু আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে ৷
অসমীয়া ছবিজতৰ এই সাফল্যত উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁ ফেচবুকযোগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই দিনটো অসমৰ সাংস্কৃতিক জগত, বিশেষকৈ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে বিশেষ প্ৰাপ্তিৰ দিন বুলি উল্লেখ কৰে ৷ এই শুভ মুহূৰ্তত ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা এই বিশেষ চিনেমাকেইখনৰ প্ৰযোজক-পৰিচালক, সমূহ কলা-কুশলীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
অসমীয়া ছবি এমুঠি পুঠি’লৈ ৰজত কমল
অসমীয়া ছবি 'এমুঠি পুঠি’লৈ ৰজত কমল (ETV Bharat Assam) অসমীয়া ছবি 'এমুঠি পুঠি’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা । বঁটা ঘোষণা হোৱাৰ পাছত ছবিখনৰ পৰিচালনক কুলনন্দিনী মহন্তই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়,"ক’বলৈ গ’লে মোৰ ওচৰত বৰ্তমান একো শব্দই নাই । কি বুলি মই সকলোকে ধন্যবাদ জনাওঁ মোৰ মুখত ভাষা নোহোৱা হৈছে । মই ভবা নাছিলো কেতিয়াও । মই খুবেই আনন্দিত । যদি মোক সমৰ্থন কৰা মানুহ নহ'লহেতেন তেন্তে এই বঁটাটো কেতিয়াও মোৰ বাবে সম্ভৱ নহ'লহেতেন । সকলোৱে ছবিখন আগবঢ়াই নিয়াত সহায় কৰিছে ।"
লগতে ছবিখনৰ সন্দৰ্ভত তেওঁ কয়,"সদায় দর্শকেই মূল । দৰ্শকৰ হাত তালি আৰু দৰ্শকৰ সঁহাৰিত যি প্ৰকাশ পায় । মই ভাবো সেয়াও এটা সফলতা ।"
‘ছিকাইছাল’লৈ শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা
‘ছিকাইছাল’লৈ শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা (ETV Bharat Assam) তিৱা ছবি 'ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা । বঁটা ঘোষণা হোৱাৰ পাছত ছবিখনৰ পৰিচালক ড৹ ববী শৰ্মা বৰুৱাই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়,"খুব ভাল লাগিছে । Imaging Mediaৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল । ছবিখনৰ প্ৰযোজনা বসন্ত কুমাৰ বৰুৱা আৰু মই নিজেই পৰিচালনা কৰিছো । স্বাধীনভাৱে খুব কষ্ট কৰি এটা সৰু টীমেৰে ছবিখন কৰা হৈছিল । ছবিখন সম্পূৰ্ণ কৰোতে আমাৰ প্ৰায় ৭ বছৰ সময় লাগিছিল ।গতিকে খুবেই ভাল লাগিছে ।"
লগতে তেওঁ কয়,"তিৱা জনজাতি অসমৰ এটা উল্লেখযোগ্য জনজাতি । গতিকে ছবিখনে ৰজত কমল বঁটা পোৱাৰ বাবে খুবেই ভাল লাগিছে । ছবিখনত অভিনয় কৰা ৯৯ শতাংশই প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত অভিনয় কৰিছে । তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সফলতা । তেওঁলোকেও ছবিখনৰ এই সফলতাত খুবেই আনন্দিত ।"
আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ বঁটা
আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ বঁটা (ETV Bharat Assam) ইতিমধ্যে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আইমী বৰুৱাৰ ‘বিৰুবালা’ তথ্যচিত্ৰলৈ আগবঢ়োৱা হৈছে জুৰীৰ বিশেষ বঁটা । বঁটা ঘোষণা হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়,"ভাল লাগিছে । ৰাষ্ট্ৰীয় বঁটাটোৰ বাবে আচলতে আমাৰ সকলোৰে সপোন থাকে । ভগৱান তথা সকলোৰে আশীৰ্বাদত ইতিমধ্যে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছো ।"
লগতে তেওঁ কয়,"এই তথ্যচিত্ৰখন আচলতে আছিল ডাইনী হত্যাৰ ওপৰত । এই বস্তুটো আমাৰ সমাজত চলি থকা কিছুমান ব্যাধি বুলিয়ে ক’ব লাগিব । বিৰুবালা বাইদেউক নিজেই বহু বাৰ লগ পাইছো । সহজ-সৰল মানুহগৰাকীয়ে আচলতে ইয়াৰ বিৰুদ্ধে যুঁজি যিখিনি কৰিছে, সেইখিনি কষ্ট তেওঁৰ লগতে যিখিনি মানুহে ভুগি আছে সেই গোটেই সমস্যাটো মই ৰাষ্ট্ৰীয় মাধ্যমত দেখুৱাব খুজিছিলো । বঁটা এটাই আচলতে আমাক বহুত বেছি উৎসাহিত কৰে । অনুভৱ হৈছে যিখিনি জুৰী আছিল তেওঁলোকৰো চাগে অন্তৰ চুই গৈছে এই কথাখিনিয়ে । যাৰ বাবে তেওঁলোকে এইখনক যোগ্য বুলি বিবেচিত কৰিলে । মই মোৰ সকলো কলা-কুশলীকে ধন্যবাদ জনাওঁ ।"
অভিনেত্ৰীগৰাকীয়ে কয়,"সকলোৰে অবিহনে এইখিনি কেতিয়াও সম্ভৱ নহয় । বিৰু বাইদেউ আজি আমাৰ মাজত নাই, তেওঁৰ শেষৰ মুহূৰ্তকেইটাত মই তেওঁৰ লগত আছিলো । মোৰ এনেকুৱা লাগিছে আজি যেন তেওঁ কৰবাৰ পৰা মোক আশীৰ্বাদ দিছে । তেওঁ চলাই যোৱা সংগ্ৰামখনে ৰাষ্ট্ৰীয় মাধ্যমত কৰবাত অন্তত তেওঁৰ কষ্টখিনি স্বীকৃতি পাইছে বুলি মোৰ অনুভৱ হৈছে ।"
Hargila - The Greater Adjutant Stork’ লৈ জুৰীৰ বিশেষ বঁটা
অসমীয়া ছবিজগতলৈ ৫ টাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ (ETV Bharat Assam) আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ 'Hargila - The Greater Adjutant Stork’ তথ্যচিত্ৰলৈ আগবঢ়োৱা হৈছে জুৰীৰ বিশেষ বঁটা । এই সন্দৰ্ভত মহন্তই কয়,"হাড়গিলা এটা বিপন্ন পাখি । এই হাড়গিলাৰ প্ৰধান বসতি আমাৰ দদৰাৰ পচৰিয়া অঞ্চল । কিন্তু এটা সময় আছিল হাড়গিলা বিলুপ্তিৰ পথত গৈ আছিল । ঠিক সেই সময়তে পূৰ্ণিমা দেৱী বৰ্মনে সেই অঞ্চলত হাড়গিলা সংৰক্ষণৰ কাম কৰে আৰু তেওঁক সহায় কৰে সেই অঞ্চলৰ মহিলাখিনিয়ে । ২০১০ চনৰ পৰাই মই আৰু কামৰূপ জিলা আৰক্ষীয়ে হাড়গিলা সংৰক্ষণৰ যি প্ৰচেষ্টা তাৰ লগত জড়িত হৈ আছো । কেইবাবছৰ জুৰি এই প্ৰচেষ্টাৰ যি ফুটেজ মই সংৰক্ষণ কৰি আহিছিলো । তেনেদৰেই এই তথ্যচিত্ৰখন নির্মাণ কৰা হ'ল । আজি আমি এই সফলতাত অতি আনন্দিত ।"