অসম

assam

ETV Bharat / business

ৰতন টাটাৰ উইল সন্দৰ্ভত ডাঙৰ প্ৰকাশ খবৰ ! কোনে লাভ কৰিলে ৭,৯০০ কোটি টকাৰ দায়িত্ব

Late Ratan Tata : ৰতন টাটাই তেওঁৰ উইলৰ নিষ্পত্তিকাৰী হিচাপে অধিবক্তা ডাৰিয়াছ খাম্বাটা আৰু দীৰ্ঘদিনীয়া সহযোগী মেহলী মিষ্ট্ৰীক নিযুক্তি দিছিল ।

By ETV Bharat Business Team

Published : 4 hours ago

Late Ratan Tata
ৰতন টাটা (IANS)

নতুন দিল্লী : ৰতন টাটা, কোন হয়তো কাকো কোৱাৰ প্ৰয়োজন নাই ৷ নামেই যাৰ পৰিচয় আছিল ৷ টাটা গ্ৰুপৰ বিশ্বমুখী যাত্ৰা আৰু ভাৰতত ৰতন টাটাৰ অনবদ্য অৱদান চিৰস্মৰণীয় ৷

ৰতন টাটাৰ মৃত্যুৰ পচতে তেওঁৰ সম্পত্তিক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে ৷ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, অধিবক্তা দাৰিয়াছ খাম্বাটা আৰু ঘনিষ্ঠ বন্ধু তথা সহযোগী মেহলী মিষ্ট্ৰীক ৰতন টাটাৰ উইলৰ নিষ্পত্তিকাৰী হিচাপে নিযুক্তি দিয়া হৈছে । লগতে তেওঁৰ সতীয়া ভগ্নী (মাহী মাকৰ জী) শ্বিৰিন আৰু ডিয়ানা জেজীভয়কো নিযুক্তি দিয়া হৈছে । আগষ্ট মাহত প্ৰকাশ পোৱা হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৪ অনুসৰি টাটা সন্সত ৰতন টাটাৰ ০.৮৩ শতাংশ অংশীদাৰিত্ব আছিল আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ৭,৯০০ কোটি টকা ।

ৰতন টাটা (Getty Image))

উল্লেখ্য যে, চলিত মাহৰ ৯ অক্টোবৰত ৮৬ বছৰ বয়সত মৃত্যু হয় ৰতন টাটাৰ । দ্য ইকনমিক টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি, তেওঁৰ সতীয়া ভগ্নী (মাহী মাকৰ জী) শ্বিৰিন আৰু ডিয়ানা জেজীভয়কো তেওঁৰ শেষ ইচ্ছা পূৰণৰ বাবে নিযুক্তি দিয়া হৈছিল ৷

ৰতন টাটাই নিজৰ ধনৰ এক বৃহৎ অংশ সমাজলৈ দান কৰাৰ ইচ্ছা সদায় প্ৰকাশ কৰি আহিছিল । তেওঁৰ উইলৰ নিৰ্দিষ্টতা ব্যক্তিগতভাৱে থাকিব । গোটটোৰ তালিকাভুক্ত সত্তাসমূহত টাটা ছন্সৰ অংশীদাৰিত্বৰ বজাৰ মূল্য প্ৰায় ১৬.৭১ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ।

ৰতন টাটাৰ সম্পত্তিৰ এটা বৃহৎ অংশ – প্ৰায় ৭৫ শতাংশ – টাটা সন্সৰ তেওঁৰ শ্বেয়াৰৰ সৈতে জড়িত আছিল । এই হোল্ডিংসমূহৰ উপৰিও তেওঁ OLA, Paytm, FirstCry, BlueStone আৰু Urban Company কে ধৰি প্ৰায় দুই ডৰ্জন কোম্পানীত বিনিয়োগ কৰিছিল ।

ৰতন টাটা (AP)

সময়ৰ লগে লগে টাটাই এই বিনিয়োগসমূহৰ কিছুমানৰ পৰা তেওঁ ওলাই আহিল । মুম্বাইৰ ক’লাবাত (Colaba) তেওঁৰ ঘৰ আৰু আলিবাগত হ’লী হোম (holiday home) আছিল । টাটাৰ মৃত্যুৰ পিছত তেওঁৰ সতীয়া ভাই ন’ৱেল টাটাই টাটা ট্ৰাষ্টৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে ।

লগতে পঢ়ক :বজাৰত কিয় হ্ৰাস পালে টাটাৰ সপোনৰ 1 লাখটকীয়া Tata Nano ৰ চাহিদা ?

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, টাটাৰ উইল বনোৱাত ডাৰিয়াছ খাম্বাটাই ডাঙৰ ভূমিকা লৈছিল । খাম্বাটা টাটা ট্ৰাষ্টৰ সৈতে জড়িত । ইয়াৰ পূৰ্বেও তেওঁ এই ট্ৰাষ্টৰ সৈতে জড়িত আছিল যদিও কোনো বিশেষ কাৰণত তেওঁ ২০১৬ চনত পদত্যাগ কৰিছিল । এখন বাতৰি কাকতে নিজৰ প্ৰতিবেদনত লিখিছে যে এই ইচ্ছা কাৰ্যকৰী কৰাত চাইৰাছ মিষ্ট্ৰী, জেজিভয় আৰু খাম্বাটাই ডাঙৰ ভূমিকা পালন কৰিব ।

ইয়াত আপুনি উইলৰ বিষয়ে বুজিব লাগিব, সম্পত্তি পৰিচালনা কেৱল ইয়াৰ ভিত্তিতহে কৰা হয় । যদি উইলত কোনো পুঁজিৰ বিষয়ে কোনো তথ্য দিয়া নহয় বা সেই ধন কোনে দিব সেই বিষয়ে একো লিখা নহয়, তেন্তে সেই সম্পত্তি মৃতকৰ ব্যক্তিগত আইন অনুসৰি বিতৰণ কৰা হয় । ইয়াত উইলৰ নিষ্পত্তিকাৰীয়ে ভূমিকা পালন কৰে আৰু ৰতন টাটাৰ ক্ষেত্ৰত এই ভূমিকা পালন কৰিব খাম্বাট্টা, জেজিভয় আৰু চাইৰাছ মিষ্ট্ৰীয়ে ।

লগতে পঢ়ক :স্বৰ্ণ হৃদয়ৰ দূৰদৰ্শী নেতা হিচাপে ৰতন টাটাক স্মৰণ দেশৰ ব্যৱসায়িক গোষ্ঠীৰ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰতন টাটাৰ ব্যক্তিগত বিনিয়োগ কোম্পানী, যাৰ নাম আৰ এন টি এছ’চিয়েটছ প্ৰাইভেট লিমিটেড । তাত ১৮৬ কোটি টকা আছে । ৰিপৰ্টত এইটোও কোৱা হৈছে যে এইটোৱেই মূল ধন, অৰ্থাৎ আজিৰ তাৰিখৰ তুলনাত বহুগুণ বৃদ্ধি হ’লহেঁতেন । মেহল মিষ্ট্ৰীও ৰতন টাটাৰ এই কোম্পানীটোৰ ব’ৰ্ডৰ মেম্বাৰ আছিল ।

ৰতন টাটা (ANI)

চাইৰাছ মিষ্ট্ৰীৰ খুলশালীয়েক হৈছে মেহল মিষ্ট্ৰী । যেতিয়া চাইৰাছ মিষ্ট্ৰীক টাটা সন্সৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছিল তেতিয়া তেওঁ ৰতন টাটাক সমৰ্থন কৰিছিল । কোৱা হয় যে মেহল মিষ্ট্ৰীয়েও ৰতন টাটাৰ স্বাস্থ্যৰ যত্ন লৈছিল । মেহল মিষ্ট্ৰী এম পোলাঞ্জি গ্ৰুপ অৱ কোম্পানীসমূহৰ পৰিচালক । লগতে আন বহু কোম্পানীৰ ব’ৰ্ডতো তেওঁ আছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০১৪ চনৰ পৰা টাটাই OLA, Paytm, Urban Ladder, Eyewear retailer lenskart কে ধৰি বহু কোম্পানীত বিনিয়োগ কৰিছিল । পিছলৈ তেওঁ এই কোম্পানীবোৰৰ কিছুমানৰ পৰাও বাহিৰ হৈ গ’ল ।

লগতে পঢ়ক :কোন হ’ব ৰতন টাটাৰ উত্তৰসূৰী ? চৰ্চাত টাটা পৰিয়ালৰ কেবাজনো সদস্যৰ নাম

লগতে পঢ়ক :ৰতন টাটাৰ বাবেই আজি অসমত সহজলভ্য হ'ল কৰ্কট ৰোগৰ চিকিৎসা

ABOUT THE AUTHOR

...view details