অসম

assam

ETV Bharat / business

লক্ষ্য : ক্ষুদ্ৰ উৎপাদকক বজাৰ দিয়া, তিনিচুকীয়াত ৬০টা প্ৰতিষ্ঠানেৰে আৰম্ভ ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা - TRADE FAIR IN TINSUKIA

ক্ষুদ্ৰ উৎপাদকসকলক বজাৰ আৰু প্ৰচাৰ প্ৰদানৰ প্ৰয়াস । তিনিচুকীয়াত ৬০ টা প্ৰতিষ্ঠানেৰে আৰম্ভ ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা ।

Trade Fair in Tinsukia
ব্যৱসায়ী (ETV Bharat)

By ETV Bharat Assamese Team

Published : 9 hours ago

তিনিচুকীয়া : ক্ষুদ্ৰ উৎপাদক তথা ব্যৱসায়ীসকলক বজাৰ আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰচাৰ তথা প্ৰসাৰ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ বৃহস্পতিবাৰৰ পৰা তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত আৰম্ভ হৈছে ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা ৷

তিনিচুকীয়া জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা দেখা যায় ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত এই মেলাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে ৷

ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা (ETV Bharat)

এই বাণিজ্য মেলাৰ উদ্বোধনী অনুষ্ঠানতে পবিত্ৰ কুমাৰ দাসে কয়, ‘‘আমাৰ বহু উদ্যমীয়ে ভাল ভাল উৎপাদনমূলক কামত জড়িত হৈ আছে যদিও উপযুক্ত প্ৰচাৰ আৰু যোগাযোগৰ অভাৱত ভাল বজাৰ পোৱা নাই । এই মেলাই জিলাখনৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ সৈতে জড়িত উদ্যমী ব্যক্তিসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এখন ভাল বজাৰ আৰু প্ৰচাৰ প্ৰদানত সহায় কৰিব । এনে ধৰণৰ সৰু সৰু উৎপাদনমুখী কামেই দেশৰ অৰ্থনীতি সমৃদ্ধ কৰে ৷’’

সভাৰ আৰম্ভণিতে জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক হীৰকজ্যোতি পেগুয়ে দিয়া আদৰণি ভাষণত কয়, ‘‘এই মেলাত জিলাখনৰ মুঠ ৬০ জন উদ্যমী বা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ।’’

ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা (ETV Bharat)

অতি কম সময়ৰ ভিতৰতে মেলাখন আয়োজন কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘ইয়াত বিপণিৰ বাবে কোনো ভাৰা দিব নালাগে আৰু অংশগ্ৰহণকাৰীসকলক দৈনিক খাদ্যৰো যোগান ধৰা হ'ব । মেলাৰ সৈতে সংগতি ৰাখি মীন পালন, জৈৱিক সাৰৰ প্ৰস্তুতি, কাঠফুলাৰ খেতি, আচাৰ বনোৱা আদি উদ্যমিতাৰ বিভিন্ন দিশৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷’’

ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা (ETV Bharat)

উল্লেখ্য যে, এই বাণিজ্য মেলাৰ প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপ প্ৰৱন্ধক ৰঞ্জনেশ্বৰ গোস্বামীয়েও চমু বক্তব্য দাঙি ধৰে । ১৩ জানুৱাৰীলৈ চলিব লগীয়া এই মেলাত থলুৱা বস্ত্ৰ, চাহপাত, বাহ-বেতৰ সামগ্ৰী, প্লাষ্টিক সামগ্ৰী, ফল-ফুলৰ নাৰ্ছাৰী, কাঠফুলা-আচাৰ আদি খাদ্য সামগ্ৰী ইত্যাদিৰ উৎপাদকসকলে বিপণি স্থাপন কৰা দেখা গৈছে ।

লগতে পঢ়ক :৪৫০ নিযুত লোকে চিনিব মাজুলীৰ সত্ৰীয়া সংস্কৃতি

ABOUT THE AUTHOR

...view details