অসম

assam

ETV Bharat / business

সোমবাৰে ভাৰত টেক্স ২০২৪ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - বস্ত্ৰ খণ্ডত ভাৰতৰ দক্ষতা প্ৰদৰ্শন

Bharat Tex 2024: আজিৰে পৰা দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ভাৰত টেক্স ২০২৪ ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিযোগে সদৰী কৰিছে এই কথা ।

Bharat Tex 2024
সোমবাৰে ভাৰত টেক্স ২০২৪ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

By PTI

Published : Feb 26, 2024, 7:27 AM IST

নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : দিল্লীত অনুষ্ঠিত হ’ব বিশ্বব্যাপী বস্ত্ৰশিল্পৰ অন্যতম বৃহৎ অনুষ্ঠান ভাৰত টেক্স ২০২৪ ৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ভাৰত মণ্ডপমত এই বৃহৎ অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব । সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে অনুষ্ঠিত হ’ব ভাৰত টেক্স ২০২৪ ।

প্ৰধানমন্ত্ৰীৰ 5F ভিজনৰ (5F Vision) দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লৈ এই কাৰ্যসূচীয়ে ফাইবাৰ, ফেব্ৰিক আৰু ফেশ্বন ফ’কাছৰ জৰিয়তে বহিঃৰাজ্যৰ বজাৰসমূহৰ প্ৰতি এক সংহত দৃষ্টিভংগী গ্ৰহণ কৰিছে ৷ যিয়ে সমগ্ৰ বস্ত্ৰশিল্প মূল্য শৃংখলক সামৰি লৈছে ৷ দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে এই কথা ।

জানিব পৰা মেত, সোমবাৰে পুৱা ১০:৩০ বজাত মোদীয়ে উদ্বোধন কৰিব এই অনুষ্ঠান । ভাৰত টেক্সে বস্ত্ৰ খণ্ডত ভাৰতৰ দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে বিশ্বব্যাপী বস্ত্ৰ শক্তি হিচাপে নিজৰ স্থিতি পুনৰ দৃঢ় কৰিব ।

১১ টা বস্ত্ৰ ৰপ্তানি প্ৰসাৰ পৰিষদৰ কনচৰ্টিয়ামৰ দ্বাৰা আয়োজিত আৰু কেন্দ্ৰৰ সহযোগত ভাৰত টেক্স ২০২৪ বাণিজ্য আৰু বিনিয়োগৰ যমজ স্তম্ভৰ ওপৰত নিৰ্মিত, বহনক্ষমতাৰ ওপৰত সামগ্ৰিকভাৱে গুৰুত্ব দিয়া বুলি বিবৃতিটোত কোৱা হৈছে । চাৰিদিনীয়া এই অনুষ্ঠানত ৬৫ টাতকৈও অধিক জ্ঞান অধিৱেশন (Knowledge sessions) অনুষ্ঠিত হ’ব আৰু ১০০ৰো অধিক বিশ্বব্যাপী পেনেলিষ্টে এই খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব ।

ইয়াৰ উপৰিও বহনক্ষমতা আৰু বৃত্তাকাৰতাৰ ওপৰত নিবেদিত পেভিলিয়ন থাকিব ৷ এটা 'ইণ্ডি হাট' (Indi Haat), ভাৰতীয় বস্ত্ৰশিল্প ঐতিহ্য, বহনক্ষমতা আৰু বিশ্বব্যাপী ডিজাইনৰ দৰে বিভিন্ন বিষয়বস্তুৰ ওপৰত ফেশ্বন উপস্থাপন, ইন্টাৰেক্টিভ ফেব্ৰিক টেষ্টিং জ'ন আৰু পণ্য প্ৰদৰ্শন কৰা হ’ব ।

ভাৰত টেক্স ২০২৪ ত বস্ত্ৰশিল্পৰ ছাত্ৰ-ছাত্ৰী, শিপিনী, শিল্পী আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকৰ উপৰিও নীতি নিৰ্ধাৰক আৰু বিশ্বৰ মুখ্য কাৰ্যবাহী বিষয়া, ৩৫০০ৰো অধিক প্ৰদৰ্শক, ১০০ৰো অধিক দেশৰ ৩,০০০ৰো অধিক ক্ৰেতা আৰু ৪০,০০০ৰো অধিক ব্যৱসায়িক দৰ্শনাৰ্থীৰ অংশগ্ৰহণৰ সম্ভাৱনা আছে ।
এই অনুষ্ঠানত বিনিয়োগ আৰু বাণিজ্য সম্পৰ্কত ৫০টাতকৈও অধিক ঘোষণা আৰু বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ ফলত বস্ত্ৰ খণ্ডত বিনিয়োগ আৰু বাণিজ্যক অধিক গতি প্ৰদান কৰিব ৷ লগতে ৰপ্তানি বৃদ্ধি কৰাত সহায় কৰাৰ কথা কল্পনা কৰা হৈছে ।

আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে ই আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক :পৰৱৰ্তী বছৰত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ কিয় ৬.৫ শতাংশলৈ হ্ৰাস হ'ব ?

ABOUT THE AUTHOR

...view details