অসম

assam

ETV Bharat / business

৫ দিনৰ বাবে বন্ধ পাছপোৰ্ট সেৱা পৰ্টেল - Passport Seva Portal Down - PASSPORT SEVA PORTAL DOWN

Passport seva portal : ভাৰতীয় সময় অনুসৰি, পাছপোৰ্ট সেৱা পৰ্টেল 29 আগষ্ট 2024, বৃহস্পতিবাৰে 20:00 বজাৰ পৰা সোমবাৰে 06:00 বজালৈ বন্ধ কৰা হৈছে । এই সময়ত পৰ্টেলটোৱে কোনো নতুন আৱেদন গ্ৰহণ নকৰে ৷ কিন্তু পূৰ্বতে আৱেদন কৰা সকলৰ ক্ষেত্ৰত কি হ’ব ? সবিশেষ এই বাতৰিত...

Passport seva portal
আগন্তুক ৫ দিনৰ বাবে বন্ধ পাছপোৰ্ট সেৱা পৰ্টেল (ANI)

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 5:10 PM IST

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট : এইকেইদিনৰ ভিতৰত ভাৰতৰ বাহিৰলৈ ফুৰিবলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে, তেন্তে নিশ্চয় পাছপ’ৰ্ট প্ৰস্তুত কৰিবলৈও যো-জা কৰিছে ৷ কিন্তু আপুনি জানেনে বাৰু বন্ধ হ’ল পাছপ’ৰ্ট সেৱা পৰ্টেল !

অ’ আপুনি ঠিকেই শুনিছে, বন্ধ হ’ল পাছপ’ৰ্ট সেৱা পৰ্টেল ! পিছে ৰ’ৱ, একেবাৰে বন্ধ হোৱা নাই এই সেৱা ৷ মাত্ৰ কেইটামান দিনৰ বাবে সাময়িকভাৱে এই সেৱা বন্ধ কৰি ৰখা হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰিছে এই কথা ৷ যাৰ ফলত আপোনাৰ পৰিকল্পনাত কিছু বিৰাম আহিব পৰে ৷

আগন্তুক ৫ দিনৰ বাবে বন্ধ পাছপোৰ্ট সেৱা পৰ্টেল (Getty Image)

আজিৰ পৰা অৰ্থাৎ ২৯ আগষ্টৰ পৰা পাঁচ দিনলৈ বন্ধ থাকিব পাছপ’ৰ্ট সেৱা পৰ্টেল । চৰকাৰী ৱেবছাইটত জাৰি কৰা এক জাননীত কোৱা হৈছে যে কাৰিকৰী কিছু কাৰণৰ বাবে পৰ্টেলটো সাময়িকভাৱে বন্ধ কৰা হৈছে ৷ এই সময়ছোৱাত কোনো নতুন এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰিব নোৱাৰিব আৰু আগতে বুকিং কৰা এপইণ্টমেণ্ট অনুসৰি পুনৰ নিৰ্ধাৰণ (Reschedule) কৰা হ’ব ।

ইয়াৰ উপৰিও এই সময়ছোৱাত এই পৰ্টেলটো নাগৰিকৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়, ভাৰতীয় বেংক, আই এছ পি, ডাক বিভাগ আৰু আৰক্ষী বিষয়াকে ধৰি সকলো সংস্থাৰ বাবেও উপলব্ধ নহ’ব । ইয়াৰ উপৰিও পৰ্টেলত উল্লেখ কৰা হৈছে যে ৩০ আগষ্টত অনুষ্ঠিত হ’বলগীয়া নিযুক্তিসমূহ পুনৰ নিৰ্ধাৰণ (Reschedule) কৰা হ’ব ।

জাননীখনত লিখা আছে যে ২০২৪ চনৰ ২৯ আগষ্ট, বৃহস্পতিবাৰে ২০:০০ বজাৰ পৰা ২ ছেপ্টেম্বৰ, সোমবাৰে ০৬:০০ বজালৈকে কাৰিকৰী কাৰণৰ বাবে পাছপ’ৰ্ট সেৱা পৰ্টেল বন্ধ থাকিব । এই সময়ছোৱাত নাগৰিকৰ লগতে সকলো MEA/RPO/BOI/ISP/DoP/Police বিষয়াৰ বাবেও এই ব্যৱস্থা উপলব্ধ নহ’ব ।

ইতিমধ্যে ২০২৪ চনৰ ৩০ আগষ্টৰ বাবে বুকিং কৰা এপইণ্টমেণ্টসমূহ উপযুক্তভাৱে পুনৰ নিৰ্ধাৰণ (Reschedule) কৰা হ’ব আৰু আবেদনকাৰীসকলক এই বিষয়ে অৱগত কৰা হ’ব ।

উল্লেখ্য যে, ভাৰতীয় নাগৰিকে নতুন পাছপ'ৰ্ট জাৰি, নবীকৰণ আৰু অন্যান্য বিবিধ সেৱাৰ বাবে এপইণ্টমেণ্ট বুকিং কৰিবলৈ পাছপ'ৰ্ট সেৱা পৰ্টেল - passportindia.gov.in ব্যৱহাৰ কৰে । আনকি চলিত বৰ্ষৰ মাৰ্চ মাহতো ৱেবছাইটটো কিছু কাৰণৰ (maintenance) বাবে বন্ধ কৰি দিয়া হৈছিল । পৰ্টেল পুনৰ কাৰ্যক্ষম হ’লে ব্যৱহাৰকাৰীয়ে এপইণ্টমেণ্টৰ বাবে আবেদন কৰিব পাৰিব ।

  • পাছপ’ৰ্টৰ বাবে আবেদন কৰাৰ প্ৰকৃত পদ্ধতি তলত উল্লেখ কৰা হৈছে -

Step 1:পাছপ'ৰ্ট সেৱা অনলাইন পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰক (হোম পেজত "Register Now" লিংকত ক্লিক কৰক)

Step 2:পঞ্জীয়নভুক্ত লগইন আই ডি (Login Id)ৰ সৈতে পাছপ'ৰ্ট সেৱা অনলাইন পৰ্টেলত লগইন কৰক

Step 3:"Apply for Fresh Passport/Re-issue of Passport" লিংকত ক্লিক কৰক

Step 4:প্ৰ-পত্ৰত প্ৰয়োজনীয় সবিশেষ পূৰণ কৰি জমা দিয়ক

Step 5:এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰিবলৈ "View Saved/Submitted Applications" তাৰ পাচত "Pay and Schedule Appointment" লিংকত ক্লিক কৰক

সকলো PSK/POPSK/PO ত এপইণ্টমেণ্ট বুকিং কৰাৰ বাবে অনলাইন পেমেণ্ট বাধ্যতামূলক কৰা হৈছে । তলত দিয়া যিকোনো এটা ধৰণ ব্যৱহাৰ কৰি পেমেণ্ট কৰিব পাৰি : ক্ৰেডিট/ডেবিট কাৰ্ড (মাষ্টাৰকাৰ্ড আৰু ভিছা), ইণ্টাৰনেট বেংকিং (ভাৰতীয় ষ্টেট বেংক -SBI, এছ’চিয়েট বেংক আৰু অন্যান্য বেংক), এছ বি আই বেংক চালান ( SBI Bank Challan)

Step 6:এপ্লিকেচন ৰেফাৰেন্স নম্বৰ (ARN)/এপইণ্টমেণ্ট নম্বৰ (Appointment Number) থকা এপ্লিকেচন ৰচিদ প্ৰিন্ট কৰিবলৈ "Print Application Receipt" লিংকত ক্লিক কৰক । আবেদন ৰচিদৰ প্ৰিন্টআউট কৰাটো প্ৰয়োজনীয় নহয়। আপোনাৰ এপইণ্টমেণ্টৰ বিৱৰণ থকা SMS ও আপোনাৰ পাছপ’ৰ্ট অফিচলৈ যোৱাৰ সময়ত এপইণ্টমেণ্টৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হয় ।

Step 7:মূল নথি-পত্ৰৰ সৈতে এপইণ্টমেণ্ট বুকিং কৰা পাছপ’ৰ্ট সেৱা কেন্দ্ৰ (Passport Seva Kendra-PSK)/আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয় (Regional Passport Office- RPO) লৈ যাওক । ইয়াৰ পিছত আৰক্ষীৰ পৰীক্ষণ হয় আৰু তাৰ পিছত পাছপ’ৰ্ট আবেদনকাৰীৰ নিজ ঠিকনাত উপনীত হয় ।

আবেদনকাৰীয়ে নিয়মীয়া মোড বাছি ল’ব পাৰে, য’ত পাছপ’ৰ্ট ৩০-৪৫ কৰ্ম দিনৰ ভিতৰত আবেদনকাৰীৰ হাতত পোৱা যায় ৷ নাইবা টটকাল মোড, যাৰ দ্বাৰা ইয়াক কিছু দিনৰ ভিতৰতে পোৱা যায় ।

লগতে পঢ়ক :বিজয় শেখৰ শৰ্মালৈ SEBI জাননী; Paytm ৰ শ্বেয়াৰ ৯ শতাংশ হ্ৰাস - SEBI show cause notice to Paytm

ABOUT THE AUTHOR

...view details