অসম

assam

ETV Bharat / business

প্ৰায় 1,800 বিশ্ব সামৰ্থ্য কেন্দ্ৰৰে বিশ্ব নেতা হিচাপে স্থিতি দৃঢ় কৰিছে ভাৰতে

India As Global Leader : বিপুল পৰিমাণে প্ৰতিভাক আকৰ্ষণ, শক্তিশালী আন্তঃগাঁথনি আৰু সহায়ক চৰকাৰী নীতিৰ জৰিয়তে ভাৰতে নিজৰ স্থিতি শক্তিশালী কৰিছে ।

India As Global Leader
প্ৰায় 1,800 বিশ্ব সামৰ্থ্য কেন্দ্ৰৰে বিশ্ব নেতা হিচাপে স্থিতি দৃঢ় কৰিছে ভাৰতে (ANI)

By ANI

Published : 4 hours ago

নতুন দিল্লী : জে এল এল ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতে বিশ্বজনীন সামৰ্থ্য কেন্দ্ৰৰ (Global Capability Centres, GCC) বাবে বিশ্বৰ শীৰ্ষ গন্তব্য স্থান হিচাপে দৃঢ়ভাৱে নিজকে প্ৰতিষ্ঠা কৰিছে । 1,800 ৰো অধিক এনেধৰণৰ কেন্দ্ৰই 1,400 ৰো অধিক বিশ্বজনীন কৰ্প'ৰেটক খণ্ডক সেৱা আগবঢ়াইছে ।

দেশখনে 2022 চনৰ পৰা শতাধিক নতুন জি চি চি সংযোগ কৰিছে । ইয়াৰ দ্বাৰা বহুজাতিক কোম্পানীবোৰে বিশ্বজনীন কাৰ্যকলাপ তেওঁলোকৰ অনুকূলভাৱে কৰিব বিচৰাত ভাৰতে কৌশলগত গুৰুত্ব লাভ কৰিছে ।

এই জি চি চিবোৰে এতিয়া ভাৰতৰ সাতখন বৃহৎ চহৰত 240 নিযুত বৰ্গফুটতকৈও অধিক 'গ্ৰেড এ' স্থানত কাৰ্যালয় দখল কৰিছে । ইয়াৰে ভিতৰত অন্যতম নেতৃত্বৰ দায়িত্বত হৈছে বেংগালুৰু- যাক 'ভাৰতৰ ছিলিকন ভেলী' বুলি কোৱা হয় । জি চি চিয়ে দখল কৰা মুঠ স্থানৰ 42 শতাংশ হৈছে বেংগালুৰুৰ । চহৰখনৰ সমৃদ্ধ প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰ, শীৰ্ষ স্তৰৰ শিক্ষানুষ্ঠান আৰু বিশ্বজনীন কৰ্মসংস্কৃতিৰ বাবে ই সমগ্ৰ বিশ্বৰ প্ৰতিভাধৰসকলক আকৰ্ষিত কৰিছে ।

জি চি চি কাৰ্যকলাপৰ এই ঈৰ্ষণীয় বৃদ্ধিয়ে বিশ্বজনীন ব্যৱসায়িক দৃশ্যপটত ভাৰতৰ বৰ্ধিত প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে । ৰিয়েল ইষ্টেট আৰু বিনিয়োগ ব্যৱস্থাপনা সংস্থাটোৱে লগতে কয় । কেৱল বিগত 18 মাহতে (জানুৱাৰী, 2023 ৰ পৰা জুন, 2024 লৈ) জি চি চিয়ে 35.2 নিযুত বৰ্গফুট কাৰ্যালয়ৰ স্থান লীজত লৈছে । ইয়াৰে ভিতৰত বেংগালুৰু, হায়দৰাবাদ আৰু চেন্নায়ে তিনি-চতুৰ্থাংশ দখল কৰিছে ।

"শেহতীয়া লীজ কাৰ্যকলাপে জি চি চি খণ্ডৰ শক্তিশালী বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । কেৱল বিগত 18 মাহত (জানুৱাৰী-ডিচেম্বৰ 2023-জুন, 2024), জি চি চিয়ে 35.2 নিযুত বৰ্গফুট কাৰ্যালয়ৰ স্থান লীজত লৈছে । লক্ষণীয়ভাৱে বেংগালুৰু, হায়দৰাবাদ আৰু চেন্নায়ে এই লীজ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ তিনি-চতুৰ্থাংশ দখল কৰিছে । বিশ্বমানৰ আন্তঃগাঁথনি, বিপুল পৰিমাণে প্ৰতিভাক আকৰ্ষণ আৰু চৰকাৰ সহায়ক ব্যৱসায়িক পৰিস্থিতিতন্ত্ৰৰ সংমিশ্ৰণৰ সৈতে এই অঞ্চলকেইটাৰ গুৰুত্ব চিহ্নিত কৰিছে ।" জে এল এল ভাৰতৰ মুখ্য অৰ্থনীতিবিদ তথা গৱেষণাৰ মুৰব্বী আৰু আৰ ই আই এছ ডঃ সমন্তক দাসে কয় ।

এই খণ্ডটোত মুখ্যত তিনিটা মুখ্য উদ্যোগৰ আধিপত্য আছে । সেইকেইটা হৈছে উৎপাদন, তথ্য প্ৰযুক্তি/আই টি ই এছ (তথ্য প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি সক্ষম সেৱা) আৰু বি এফ এছ আই (বেঙ্কিং, বিত্তীয় সেৱা আৰু বীমা) । ই হৈছে জি চি চিয়ে দখল কৰা স্থানৰ প্ৰায় 78 শতাংশ ।

প্ৰতিবেদন অনুসৰি, ভাৰতৰ জি চি চি খণ্ডৰ দৃষ্টিভংগী আশাব্যঞ্জক হৈ আছে । জি চি চিয়ে দেশৰ মুখ্য চহৰবোৰত প্ৰায় 50 শতাংশ সক্ৰিয় কাৰ্যালয় স্থানৰ প্ৰয়োজনীয়তাক প্ৰতিনিধিত্ব কৰিছে । যিহেতু এই কেন্দ্ৰবোৰ উদ্ভাৱন কেন্দ্ৰলৈ পৰিৱৰ্তন হৈছে, ভাৰতে বিশ্বজনীন ব্যৱসায় পৰিৱৰ্তন আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত আৰু অধিক ভূমিকা পালন কৰিবলৈ সাজু হৈছে । প্ৰতিষ্ঠানটোৱে লগতে কয় ।

বিশাল প্ৰতিভা আকৰ্ষণ, শক্তিশালী আন্তঃগাঁথনি আৰু সহায়ক চৰকাৰী নীতিৰ জৰিয়তে ভাৰতে বিশ্বজনীন সামৰ্থ্য কেন্দ্ৰসমূহৰ বাবে বিশ্বৰ মুখ্য গন্তব্য স্থান হিচাপে নিজৰ স্থিতি শক্তিশালী কৰি আছে । প্ৰতিষ্ঠানটোৱে কয় ।

লগতে পঢ়ক :এতিয়া সহজেই আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড ! আহি গ’ল এই সুবিধা
লগতে পঢ়ক :কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দেৱালীৰ উপহাৰ… 3 শতাংশ বাঢ়িল মৰগীয়া বানচ

ABOUT THE AUTHOR

...view details