নেশ্যনেল ডেস্ক, ১১ মাৰ্চ :অহা ১৫ বছৰত ভাৰতে ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু ১ নিযুত পোনপটীয়া নিযুক্তিৰ লক্ষ্য আগত ৰাখিছে । সেই লক্ষ্যত উপনীত হ'বলৈ ভাৰতে আইচলেণ্ড, লিকটেনষ্টাইন, নৰৱে আৰু চুইজাৰলেণ্ডৰ সৈতে এক বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে । ভাৰতে ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা বা ইএফটিএ অন্তৰ্ভুক্ত এই ৪ খন ইউৰোপীয় দেশৰ পৰা ঔদ্যোগিক সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
"ভাৰত আৰু ইএফটিএৰ মাজত হোৱা এই যুগান্তকাৰী চুক্তিয়ে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক লাভালাভ আনিবলৈ সাজু হৈছে । এই চুক্তিৰ ফলত উন্নত একত্ৰিত আৰু অধিক স্থিতিস্থাপক যোগান শৃংখলা, দুয়োফালৰ ব্যৱসায় আৰু ব্যক্তিসকলৰ বাবে নতুন সুযোগ ৷ যাৰ ফলত বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ বৃদ্ধি, নিযুক্তি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশ হ'ব বুলি ইএফটিএৰ এক বিজ্ঞপ্তিত কোৱা হৈছে ।
ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰতে প্ৰথমবাৰৰ বাবে ইউৰোপৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে । ভাৰতে ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে বাণিজ্য চুক্তিৰ ওপৰতো কাম কৰি আছে । চুক্তিখনত সামগ্ৰী আৰু সেৱাৰ বাণিজ্য, বিনিয়োগৰ প্ৰচাৰ আৰু সহযোগিতা, বৌদ্ধিক সম্পত্তি, চৰকাৰী ক্ৰয়, বাণিজ্য আৰু বহনক্ষম উন্নয়ন লগতে বিবাদ নিষ্পত্তি অন্তৰ্ভুক্ত আছে । ই ভাৰতীয় ৰপ্তানিকৰ্তাসকলক ইউৰোপীয় আৰু বিশ্বৰ বজাৰত প্ৰৱেশ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব বুলি গোৱেলে বিবৃতিত উল্লেখ কৰে ।