নেশ্যনেল ডেস্ক, ২৮ জুন :বৰ্তমান সময়ত প্ৰায় সকলো লোকৰে বেংক একাউণ্ট আছে । বহুলোকে চৰকাৰী আঁচনি, দৰমহা আৰু অন্যান্য বিত্তীয় বিষয়ৰ বাবে বেংকত সঞ্চয় একাউণ্ট (Savings account) খোলে । এই একাউণ্টত আপোনাৰ ধন কেৱল সুৰক্ষিত থকাই নহয় ইয়াৰ পৰা আপুনি অলপ সুতো লাভ কৰে ।
সকলো ডিজিটেল লেনদেন তেতিয়াহে সম্ভৱ, যেতিয়া আপোনাৰ বেংক একাউণ্ট থাকিব । কিন্তু বেংকৰ সঞ্চয় একাউণ্টত আপুনি কিমান টকা জমা কৰিব পাৰিব ? আছে নেকি ইয়াৰ কোনো সীমা ? যেতিয়া নগদ ধনৰ পৰিমাণৰ সীমা অতিক্ৰম কৰে, তেতিয়া সমস্যা হ'ব পাৰে নেকি ? সেই সীমা কিমান আপুনি জানেনে ?
আজিকালি বেছিভাগ গ্ৰাহকে সঞ্চয় একাউণ্টৰ জৰিয়তে লেনদেন কৰে । তেওঁলোকৰ সঞ্চয় বেংক একাউণ্টত সৰ্বাধিক কিমান টকা জমা কৰিব পাৰে সেই বিষয়ে তেওঁলোকে হয়টো নাজানে । যিকোনো পৰিমাণৰ ধন সঞ্চয় একাউণ্টত জমা কৰিব পাৰি । ইয়াৰ কোনো সীমা নাথাকে । কিন্তু আয়কৰ বিভাগে এটা বিত্তীয় বৰ্ষত সঞ্চয় একাউণ্টত জমা কৰা পৰিমাণৰ ওপৰত ১০ লাখ টকাৰ সীমা নিৰ্ধাৰণ কৰিছে ।
সেয়েহে যদি আপুনি ১০ লাখ টকাৰ অধিক জমা কৰে আপুনি আয়কৰৰ বাবে দায়বদ্ধ হ'ব । আপুনি সেই নগদ ধনৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব পাৰে । লগতে যদি আপুনি ১০ লাখ টকাতকৈ অধিক জমা কৰে, তেন্তে আপুনি আয়কৰ বিভাগক জনাব লাগিব ।