হায়দৰাবাদ :বিত্তীয় দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহটো যথেষ্ট গুৰুত্বপূর্ণ । কিয়নো এই মাহতে পৰিশোধ কৰিব লাগে বিভিন্ন প্ৰকাৰৰ কৰ । আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰাৰ লগে লগে আয়কৰৰ সৈতে জড়িত বহু প্ৰক্ৰিয়া পৰিৱৰ্তন কৰিছে । লগতে উল্লেখ কৰিব লাগিব যে ২০২৫ চনৰ দ্বিতীয়টো মাহ বহু বিত্তীয় কাৰ্য সমাধানৰো অন্তিম তাৰিখ ।
কেৱল সেয়াই নহয়, ফেব্ৰুৱাৰী মাহত আয়কৰৰ সৈতে জড়িত বহু কাৰ্য সম্পূৰ্ণ কৰাটোও আৱশ্যক । নহ'লে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব পাৰে । ইয়াৰ ফলত আৰ্থিক জৰিমনা ভৰিবলগা হ'ব পাৰে আৰু বিত্তীয় ব্যৱস্থাপনাও প্ৰভাৱিত হ'ব পাৰে । সেয়ে কৰদাতাসকলে সঠিক সময়ত এই কাৰ্যসমূহ সম্পূৰ্ণ কৰাটো প্ৰয়োজন ।
৭ ফেব্ৰুৱাৰীৰ ভিতৰত এই কামবোৰ সম্পূৰ্ণ কৰক
৭ ফেব্ৰুৱাৰীত ২০২৫ চনৰ জানুৱাৰী মাহৰ টি ডি এছ আৰু টি চি এছ জমা কৰাৰ অন্তিম তাৰিখ । সঠিক সময়ত ইয়াক সম্পূৰ্ণৰূপে আদায় নকৰিলে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে ।