গুৱাহাটী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াক ব্ৰহ্মপুত্ৰৰ মাজেৰে বংগোপসাগৰৰ পৰা অপটিকেল ফাইবাৰ অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছে । এই পৰিকল্পনা এবাৰ বাস্তৱায়িত হ’লে ই অসমত দ্ৰুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব বুলিও তেওঁ লগতে কয় ।
মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলনৰ অংশ হিচাপে "আই-ৱে টু বিকশিত অসম" শীৰ্ষক বিষয়ভিত্তিক অধিৱেশনত নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি ড৹ শৰ্মাই এই মন্তব্য কৰে ।
ড৹ শৰ্মাই কয়, "বিজিনেছ প্ৰচেছ আউটচ’ৰ্চিং (বি পি অ’) সমূহে টায়াৰ ১ চহৰৰ পৰা টায়াৰ ২ আৰু টায়াৰ ৩ চহৰলৈ নিজৰ ঘাটি স্থানান্তৰিত কৰাৰ লগে লগে আগন্তুক দুই-তিনি বছৰত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ দৰে চহৰত কেইবাটাও বি পি অ’ হ’ব আৰু তাৰ ফলস্বৰূপে হাই স্পীড ডাটাৰ প্ৰয়োজনীয়তা আহিব ।"
তথ্যৰ নিত্য বৃদ্ধি পোৱা প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত এ আই সক্ষম ডাটা চেণ্টাৰ আৰু এইচ ডি এফ চিৰ অনুৰূপ ডাটা চেণ্টাৰ স্থাপনৰ ঘোষণাৰ কথাও উল্লেখ কৰে, য’ত হাই স্পীড ডাটাৰ প্ৰয়োজনীয়তা থাকিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ডিজিটেল বিপ্লৱৰ ওপৰত অসমে উচ্চ ৰাইড কৰিব বিচাৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে, ডিজিটেলাইজেশ্যনৰ সুফল যাতে শেষ মাইলত উপনীত হয়, সেয়া অসমেও নিশ্চিত কৰিব বিচাৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক সহায় আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে কৃষক আৰু গ্ৰাম্য উদ্যোগীসকলৰ সুবিধাৰ্থে প্ৰকল্পটো অতি সোনকালে সম্পূৰ্ণ কৰিব পৰাকৈ অসম চৰকাৰৰ ২৫,২৫০ খন গাঁৱক অপটিকেল ফাইবাৰেৰে সংযোগ কৰাৰ এক অভিলাষী পৰিকল্পনা আছে বুলিও তেওঁ কয় ।