অসম

assam

ETV Bharat / business

এডভাণ্টেজ আছাম ২.০ : বিনিয়োগৰ মহা সন্মিলনত অসমত কাৰ কি বিনিয়োগৰ ঘোষণা ? - ADVANTAGE ASSAM 2

অসমত ৫০ হাজাৰ কোটি টকাকৈ বিনিয়োগৰ প্ৰতিশ্ৰুতি আদানি-আম্বানীৰ ৷ টাটা গ্ৰুপৰো ম'বাইল ফোন প্ৰযুক্তি সুবিধাত বিনিয়োগৰ ঘোষণা ।

Advantage Assam 2
প্ৰধানমন্ত্ৰীক কামাখ্যা মন্দিৰৰ স্মাৰক প্ৰদানৰ সময়ত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 5:31 PM IST

গুৱাহাটী : “অসম আজি ৬ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হৈছে । ডাবল ইঞ্জিন চৰকাৰৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে ।” মঙলবাৰে গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ উদ্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ প্ৰত্যাশাৰে অসম সন্দৰ্ভত এই মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনিয়োগ সন্মিলনখন উদ্বোধন কৰি কয়, “এডভাণ্টেজ আছাম এক মহান অভিযান ৷ আজি উত্তৰ-পূবৰ নতুন ভৱিষ্যতৰ আৰম্ভণিৰ দিন ৷ এতিয়া A FOR ASSAM বুলি সকলোৱে জানিব ৷ ভাৰতৰ উন্নতিত অসমৰ ভূমিকা শক্তিশালী হৈছে ৷ অসম অসীম সম্ভাৱনাৰ ৰাজ্যলৈ পৰিৱৰ্তন হৈছে ৷”

উল্লেখ্য যে মঙলবাৰে দিনটোৰ বাবে দেশ-বিদেশৰ বিশিষ্ট উদ্যোগপতিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে অসম হৈ পৰে বিশিষ্ট লোকৰ সমাবেশথলী । ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এডাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ আহিছে আদানি, আম্বানী, জিন্দালকে ধৰি দেশৰ বিশিষ্ট উদ্যোগপতিসকলকে ধৰি দেশ-বিদেশৰ ৩০০ ৰো অধিক উদ্যোগপতি ।

সন্মিলনখন উদ্বোধন কৰে সোমবাৰে আহি গুৱাহাটীত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধনী পর্বত অসমবাসীৰ হৈ দেশৰ প্ৰধানমন্ত্ৰীক ছেমিকণ্ডাক্টৰ চিপেৰে নির্মিত এটি গঁড়ৰ প্রতীকেৰে আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই আদৰণি জনাই সন্মিলনত উপস্থিত হোৱা আন উদ্যোগপতি আৰু অভ্যাগতসকলকো ।

আনহাতে, মঙলবাৰে বিনিয়োগ সন্মিলনত ভাগ লৈ উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানী দুয়োজনেই নিজৰ ঔদ্যোগিক প্ৰতিষ্ঠানে অসমত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । আদানী আৰু আম্বানী দুয়োটা গ্ৰুপেই অসমত ৫০ হাজাৰ কোটি টকাকৈ বিনিয়োগ কৰিব বুলি এডভাণ্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানত নিজৰ ভাষণত গৌতম আদানী আৰু মুকেশ আম্বানীয়ে প্ৰতিশ্ৰুতি দিয়ে ৷

অৰ্থাৎ মঙলবাৰে গুৱাহাটীত আৰম্ভ হোৱা এডভাণ্টেজ আছাম ২.০ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানতেই মুকেশ আম্বানী আৰু গৌতম আদানীৰ ঘোষণাৰ পিছতেই এক লাখ কোটি টকাৰ বিনিয়োগ নিশ্চিত হৈ পৰে ।

দেশৰ অন্যতম শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানীয়ে সন্মিলনত ভাষণ আগবঢ়াই কয়, "শীঘ্রেই এ আই মানে আর্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰিৱর্তে আছাম ইণ্টেলিজেন্স হিচাপে থিয় দিব পৰাৰ সক্ষমতা অসমৰ আছে । অভিজাত উদ্যোগপতিসকলে এই কথাত সন্মতি প্ৰকাশ কৰিছে যে অসম ভাৰতৰ পৰৱৰ্তী প্ৰযুক্তি কেন্দ্ৰ হোৱাৰ পথত আগবাঢ়িছে ।”

এই মন্তব্যৰে দেশৰ অন্যতম শীৰ্ষ উদ্যোগী গ্ৰুপ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমৰ বিশেষকৈ প্ৰযুক্তি আৰু ডিজিটেল খণ্ডত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ দীৰ্ঘম্যাদী দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আগন্তুক পাঁচ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি সদৰী কৰে ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে দুটা বায়’গেছ ইউনিট, কৃষি উৎপাদন বৃদ্ধিৰ বাবে মেগা ফুড পাৰ্ক, ৭ তাৰকাযুক্ত অ'বেৰয় হোটেল নিৰ্মাণ কৰাৰ উপৰি অসমত ৰিলায়েন্স ৰিটেইল শ্ব'প বৰ্তমানৰ ৪০০ৰ ঠাইত দুগুণ কৰি ৮০০ খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । এই বিনিয়োগে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে ১০,০০০ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলিও তেওঁ সদৰী কৰে ।

ইফালে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে ৰাজ্যত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰি বিমানবন্দৰ আৰু পথকে ধৰি একাধিক খণ্ডত এই বিনিয়োগ কৰা হ’ব বুলি ঘোষণা কৰে ।

"অতি গৌৰৱেৰে আজি মই ঘোষণা কৰিছোঁ যে আদানী গ্ৰুপে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো । আমাৰ বিনিয়োগ বিমানবন্দৰ, এৰো-চিটি, চহৰৰ গেছ বিতৰণ, ট্ৰেন্সমিছন, চিমেণ্ট আৰু পথ প্ৰকল্প আদিলৈ সম্প্ৰসাৰিত হ’ব ৷ মাননীয় প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম সফলতাৰ পথেৰে আগবাঢ়িছে ৷ আৰু আদানি গ্ৰুপে আপোনালোকৰ কাষত এই পথেৰে আগবাঢ়িবলৈ পাই সন্মানিত হৈছোঁ । এয়াই আমাৰ প্ৰতিশ্ৰুতি, এইটোৱেই আমাৰ দৃষ্টিভংগী ৷ আপোনালোকৰ সৈতে একেলগে অসমৰ ভৱিষ্যৎ আমি গঢ়ি তুলিম ।" এই মন্তব্য গৌতম আদানীৰ ৷

আনহাতে, ইতিমধ্যে বৃহৎ জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পত ২৭,০০০ কোটি টকা বিনিয়োগ কৰা টাটা গ্ৰুপে এডভাণ্টেজ আছামত নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ কথা ঘোষণা কৰে । অসমত বিভিন্ন ক্ষেত্ৰত সুদীৰ্ঘকাল বহু বিনিয়োগ কৰি অহা টাটা গ্ৰুপে ছেমিকণ্ডাক্টৰ খণ্ডৰ উপৰি ম'বাইল ফোন প্ৰযুক্তি সুবিধাত বিনিয়োগ আৰু ৰাজ্যত ৩০,০০০ চাকৰি সৃষ্টি কৰাৰ পৰৱর্তী পৰিকল্পনাৰ সম্পর্কে ঘোষণা কৰে টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে ৷

উদ্বোধনী অনুষ্ঠানত বেদান্ত গ্ৰুপৰ অনিল আগৰৱালা, জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল, এছ আৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুইয়া আদিয়ে এডভাণ্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই নিজৰ ভাষণত মন্তব্য কৰে যে আগন্তুক দুবছৰত অসমত ১,০০,০০০ বেৰেল তেল উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালে অসমত চিমেণ্ট আৰু শক্তি খণ্ডৰ নৱীকৰণ আৰু থাৰ্মেল দুয়োটা খণ্ডতে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে ।

এয়া হৈছে উদ্বোধনী অনুষ্ঠানত দেশৰ বিশিষ্ট উদ্যোগপতিসকলৰ অসমত বিনিয়োগৰ আগ্ৰহ আৰু প্ৰতিশ্ৰুতিৰ তথ্য । ইয়াৰ উপৰি পৰৱৰ্তী সময়ত দিনটোত দেশ-বিদেশৰ আন আন উদ্যোগীসকলৰ সৈতেও বুজাবুজিৰ চুক্তি সন্মিলনখন অব্যাহত আছে ।

লগতে পঢ়ক :"এডভাণ্টেজ আছাম" অসমৰ সম্ভাৱনা আৰু বিকাশৰ এক মহা অভিযান: প্ৰধানমন্ত্ৰী - ADVANTAGE ASSAM 2
লগতে পঢ়ক :আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ : গুৱাহাটীত দেশী-বিদেশী বিনিয়োগকাৰী সমাগম - ADVANTAGE ASSAM 2

ABOUT THE AUTHOR

...view details