নতুন দিল্লী :অহা ১৮ ফেব্ৰুৱাৰীত অৰ্থাৎ মঙলবাৰে অৱসৰ গ্ৰহণ কৰিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে । তাৰ পূৰ্বে নতুন মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া তিনিজনীয়া পেনেলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে । এই পেনেলত আছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । তেওঁলোকে মুখ্য নিৰ্বাচন আয়ুক্ত বাছনি প্ৰক্ৰিয়াত প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহিব ।
মুখ্য নিৰ্বাচন আয়ুক্ত বাছনি প্ৰক্ৰিয়া কি
উল্লেখ্য যে নতুন আইনৰ অধীনত এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত বাছনি কৰিবলৈ ওলোৱা হৈছে । 2023 চনৰ ডিচেম্বৰত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্তাৱলী আৰু কাৰ্যকাল) আইন, 2023 কাৰ্যকৰী হৈছিল । এই ব্যৱস্থাৰ অধীনত প্ৰথমবাৰৰ বাবে সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰক ২০২৪ চনৰ মাৰ্চ মাহত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল ।
মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত নতুন আইনখনে পূৰ্বৰ জ্যেষ্ঠতম নিৰ্বাচন আয়ুক্তক উন্নীত কৰাৰ যি ব্যৱস্থা আছিল সেয়া সলনি কৰিছে । ইয়াৰ পৰিৱৰ্তে বৰ্তমান নিৰ্বাচন পেনেলে সংখ্যাগৰিষ্ঠ ভোটৰ ওপৰত ভিত্তি কৰি বা সৰ্বসন্মতভাৱে ইয়াৰ সিদ্ধান্ত লয় । অনুসন্ধান সমিতিৰ দ্বাৰা তালিকাভুক্ত কৰা প্ৰাৰ্থীসকলৰ মাজৰ পৰা তেওঁৰ নাম চূড়ান্ত কৰা হয় ।