ফেব্ৰুৱাৰী মাহৰ আগমণৰ লগে লগে পৃথিৱীখন ৰোমান্টিক অনুভৱেৰে ভৰি পৰে । আজিৰ পৰা আৰম্ভ হ’ল ভেলেণ্টাইন উইক । সেইবাবেই এই মাহটোক প্ৰেমৰ মাহ বুলিও কোৱা হয় । প্ৰেমিক যুগলে অতি আগ্ৰহেৰে অপেক্ষা কৰে এই সময়লৈ । এই সাতদিনীয়া ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি হয় ৰ’জ ডে’ৰ পৰা । য'ত প্ৰতিহাল প্ৰেমিক যুগলে ইজনে আনজনক গোলাপ ফুল দি নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ আজিৰ দিনটোত বজাৰত বিভিন্ন প্ৰকাৰৰ গোলাপৰ যথেষ্ট চাহিদা আছে ৷ কিন্তু প্ৰেমিক যুগলৰ বাবে এই সুন্দৰ দিনটোৰ আৰম্ভণি কেনেকৈ হৈছিল জানেনে? যদি নাজানে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে-
এইদৰেই হৈছিল ৰ’জ ডে’ৰ আৰম্ভণি
ৰ’জ ডে’ত প্ৰেমিক যুগলে গোলাপ ফুল দি ইজনে আনজনক নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ কিন্তু জনাই দিও যে এই দিনটোৰ আৰম্ভণি মোগল যুগৰ পৰাই হৈছিল ৷ কোৱা হয় যে, মোগল বেগম নুৰজাহান ৰঙা গোলাপৰ প্ৰতি অতি আকৰ্ষিত আছিল ৷ এনে অৱস্থাত তেওঁক সন্তুষ্ট কৰিবলৈ জাহাংগীৰে প্ৰতিদিনে টন টনকৈ সতেজ গোলাপ পঠিয়াইছিল ৷