মেষ ৰাশি :এই সপ্তাহত ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব । ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনাও আছে । চাকৰিত পদোন্নতি লাভ কৰিব । বিবাহিত লোকসকলে নিজৰ দাম্পত্য জীৱনৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় । আন কাৰোবাৰ কথাৰ বাবে মতানৈক্য হ’ব পাৰে । আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ’ব, মাথো বিভ্ৰান্তিৰ সৃষ্টি হ’বলৈ নিদিব । শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে এই সপ্তাহটো ভাল । যদি আপুনি নিজৰ ঘৰ ক্ৰয় কৰিব বিচাৰে, তেন্তে এই সময়ছোৱা ভাল । আপোনাৰ বাকী থকা কামবোৰো সম্পূৰ্ণ হৈ উঠিব । পৰিয়ালৰ সহযোগিতা লাভ কৰিব । এই সপ্তাহত আপোনাৰ ওপৰত পৰিয়ালৰ অধিক দায়িত্ব আহি যাব পাৰে । অবিবাহিতসকলৰ বিয়াৰ কথা চলিব পাৰে ।
বৃষ ৰাশি : এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ । বৈবাহিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব । আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে । প্ৰেমৰ সম্পৰ্কত থকাসকলে প্ৰেমাস্পদক এৰি অন্যমনস্ক হোৱাৰ সম্ভাৱনা আছে । শিক্ষাৰ মানেই কেৱল পঢ়া-শুনাতে নহয় সামাজিক জীৱনতো সময় অতিবাহিত কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । বিদেশৰ পৰা শিক্ষাৰ সুযোগ পাব । চাকৰিয়াল লোকসকল চাকৰিৰ ক্ষেত্ৰত সুখী । ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি লাভ কৰিব, যাৰ পৰা তেওঁলোকে লাভ অৰ্জন কৰিব আৰু তেওঁলোকৰ আৰ্থিক স্থিতি সবল হ’ব । বিনিয়োগৰ বাবে বিশেষ ভাল সময় নহয় । কাৰোবাৰ পৰামৰ্শ লৈহে বিনিয়োগ কৰাটো ভাল । স্বাস্থ্যৰ বিশেষ যত্ন লওক । আপোনাৰ ওপৰত পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে । মাতৃৰ সংগ লাভ ।
মিথুন ৰাশি :এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলে জীৱনত কিছু উত্থান-পতন দেখিবলৈ পাব । আন কোনো ব্যক্তিৰ বাবে প্ৰেমৰ সম্পৰ্কত মতানৈক্য হ’ব পাৰে । পৰিয়ালৰ সহযোগিতা লাভ কৰিব । ঘৰত পূজা-পাঠ, যাগ-যজ্ঞৰ আয়োজন হ’ব পাৰে ৷ আপুনি নিজৰ কথা-বতৰাত মধুৰতা বজাই ৰাখিব লাগিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । সম্পূৰ্ণ মনোযোগেৰে পঢ়া-শুনা কৰিব লাগিব । এইটো সপ্তাহত আপুনি ধন সম্পৰ্কীয় লেনদেন অতি ভাবি-চিন্তি কৰিব লাগিব । সন্তানৰ বাবেও বহু ধন ব্যয় কৰিব লাগিব । আৰ্থিক স্থিতি ভাল হ’ব । নতুন কাম কৰিবলৈ পাব, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । চাকৰীয়ালসকলে জ্যেষ্ঠসকলৰ লগত কথা-বতৰাৰ ক্ষেত্ৰত মধুৰতা বজাই ৰাখক । ব্যৱসায় কৰা লোকসকলে ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ যোগ, যিয়ে এক নতুন পৰিচয়ৰ সৃষ্টি কৰিব ।
কর্কট ৰাশি :এই সপ্তাহত কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলে ঘৰুৱা জীৱনত সুখ আৰু শান্তি অনুভৱ কৰিব । পৰিয়ালৰ সহযোগিতা পাব । এই সময়ত আপুনি পৰিয়ালৰ সৈতে সময় কটাব আৰু ধন সঞ্চয় কৰিবলৈ শিকিব, যাতে ভৱিষ্যতে কোনো সমস্যাৰ সন্মুখীন নহয় । আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ’ব । অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব । শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব, যাৰ পৰা তেওঁলোকে লাভ অৰ্জন কৰিব আৰু তেওঁলোকৰ আৰ্থিক স্থিতি সবল হ’ব । চাকৰি কৰা লোকসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰিব । পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব । আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব । পৰিয়ালৰ সকলো সদস্যই একেলগে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব । ঘৰৰ সাজ-সজ্জাৰ বাবে আপুনি বহুত ধন ব্যয় কৰিব । সন্তানৰ শিক্ষাৰ বাবেও বহু ধন ব্যয় হ’ব ।
সিংহ ৰাশি :এই সপ্তাহটো সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত কম মনোনিৱেশ কৰিব, যাৰ ফলত তেওঁলোকে আকাংক্ষিত পৰিণাম নাপাব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । যিসকল যুৱক-যুৱতীয়ে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ কঠিন পৰিশ্ৰম সফল হ’ব । দাম্পত্য জীৱনত সামঞ্জস্য বজাই ৰাখক । আপোনাৰ সংগীৰ সৈতে কিছু সময় কটাওক, যিকোনো পুৰণি অসন্তোষ আঁতৰ কৰক । আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ’ব । আপোনাৰ জীৱনলৈ অহংভাৱ আহিবলৈ নিদিব । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । চাকৰি কৰা লোকসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰিব । ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰ পৰা সহায় ল’ব । আপুনি নতুন যোগাযোগ লাভ কৰিব । আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব । ব্যয়ো লগতে অধিক হৈ থাকিব । স্বাস্থ্যৰ বাবেও খৰচ কৰিবলগীয়া হ’ব পাৰে । আপুনি পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে খৰচ কৰিব ।
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো অতি শুভ হ’ব । প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব । আপুনি আপোনাৰ প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সৈতেও চিনাকি কৰাই দিব । আপোনাৰ দাম্পত্য জীৱন সুখেৰে ভৰা হ’ব । পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণলৈ যাব, য’ত সকলো অতি সুখী হৈ পৰিব । এই সপ্তাহটো আপোনাৰ বাবে ব্যয়বহুল হ’ব । যদি আপুনি কিছু মাটি কিনাৰ কথা ভাবিছে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে শুভ । শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব । যদি আপুনি কোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপুনি আৰু অধিক কষ্ট কৰিব লাগিব । ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাত সাফল্য লাভ কৰিব । চাকৰিয়াল লোকসকলে চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব । জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ সহযোগিতা লাভ কৰিব । অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব ।