নেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী:চৰকাৰী বিভিন্ন প্ৰত্যাহ্বান নেওচি বৃহস্পতিবাৰৰ নিশা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে পাঁচ ঘণ্টাৰো অধিক সময় আলোচনাত মিলিত হয় কৃষক নেতাসকল ৷ প্ৰতিবাদকাৰী খেতিয়কসকলৰ ওপৰত প্ৰশাসনে চলোৱা কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে তেওঁলোকে ‘সংঘৰ্ষ নহয়, শান্তিপূৰ্ণ সমাধান’ বিচাৰে ।
কিষাণ মজদুৰ মৰ্চাৰ সমন্বয়ক সৰৱান সিং পান্ধেৰে বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় কয় যে কৃষক সংঘৰ নেতাসকলে কেবিনেট মন্ত্ৰীসকলক তেওঁলোকৰ “আলোচনাৰ প্ৰতি দায়বদ্ধতা”ৰ আশ্বাস দিছে । বৰ্তমান সময়চোৱাত ছ’চিয়েল মিডিয়া একাউণ্ট আৰু কন্দুৱা গেছ, গোলাবৰ্ষণ নিক্ষেপ আদিৰ পৰিৱেশৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি পান্ধেৰে কয়, "আমি কৈছিলো যে আমি পাকিস্তানৰ পৰা অহা নাই । আমি সংঘাত নহয়, শান্তিপূৰ্ণ সমাধান বিচাৰো । আমি তেওঁলোকক আলোচনাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ আশ্বাস দিলোঁ ।"
তেওঁ আৰু কয়, "কেন্দ্ৰৰ সৈতে আলোচনা আমাৰ দ্বাৰা উত্থাপন কৰা সকলো দাবীৰ ওপৰত কৰা হৈছিল । আমি বিষয়সমূহৰ সমাধান বিচাৰি আলোচনাত বহিছিলো । মন্ত্ৰীসকলে কয় যে ইয়াৰ বাবে সময়ৰ প্ৰয়োজন । আমি আশা কৰিছো যে শান্তিপূৰ্ণ সমাধান উলিয়াব; সকলো ধৰণৰ সংঘাতৰ অৱসান ঘটিব । আমাৰ দিল্লীলৈ যোৱা কাৰ্যসূচী এতিয়াও আছে ।"
ভাৰতীয় কিষাণ সংঘৰ সভাপতি জগজিৎ সিং দলেৱালে কয় যে চৰকাৰে কৃষকৰ দাবী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিবলৈ অধিক সময় বিচাৰিছে । দলেৱালে কয়, "আমি বিশদ আলোচনাত লিপ্ত হৈছিলো আৰু চৰকাৰে এমএছপি আৰু শ্বেয়াৰ ঋণৰ ওপৰত আলোচনাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছিল, অধিক আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল । আলোচনাৰ পিছত চৰকাৰে কয় যে দাবীসমূহৰ ওপৰত বিশদ আলোচনাৰ প্ৰয়োজন । পৰৱৰ্তী (চতুৰ্থ) ৰাউণ্ডৰ বৈঠকৰ বাবে দেওবাৰৰ দিনটো ধাৰ্য কৰা হৈছে ।"
মঙলবাৰৰ পৰা পঞ্জাৱৰ কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা আৰম্ভ কৰিছিল যদিও পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানৌৰী সীমান্ত পইণ্টত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰী কৃষকসকলে সীমান্তৰ পইণ্টত শিবিৰ পাতিছে ৷ বুধবাৰে আম্বালা আৰু পাটিয়ালা জিলাৰ শম্ভু সীমান্তত প্ৰতিবাদকাৰীসকলক দিল্লী অভিমুখে যাত্ৰাত বাধা দিবলৈ হাৰিয়ানা আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা (ড্ৰোনৰ সৈতেও), পঞ্জাৱ অঞ্চলৰ ফালে নিক্ষেপ কৰে ।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই বৈঠকখন দুয়োপক্ষৰ তৃতীয় পৰ্যায়ৰ আলোচনা । পূৰ্বৰ দুটা পৰ্যায়ৰ আলোচনা 8 আৰু 12 ফেব্ৰুৱাৰীত হৈছিল । ইফালে, কেন্দ্রীয় মন্ত্রী আৰু 14 জন কৃষক সংঘৰ নেতাৰ মাজত তৃতীয় পৰ্যায়ৰ আলোচনাত কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈ সমাপ্ত হয় ৷ পৰৱৰ্তী পৰ্যায়ৰ আলোচনা দেওবাৰে সন্ধিয়া 6 বজাত অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক:আজি কৃষক সংগঠনৰ সৈতে চৰকাৰৰ তৃতীয় পৰ্যায়ৰ বৈঠক