ETV Bharat / bharat

তামিলনাডুৰ উপকূলত খুন্দা মাৰিব ফেংগালে;সতৰ্কতামূলক ব্যৱস্থা প্ৰশাসনৰ

ঘণ্টাত ৯০ কিলোমিটাৰ গতিবেগত ঘূৰ্ণীবতাহ ফেংগালে খুন্দা মাৰিব তামিলনাডুৰ উপকূলত । বিভিন্ন জিলাত ৰেড এলাৰ্ট জাৰি ।

Cyclone Fengal
তামিলনাডুৰ উপকূলত খুন্দা মাৰিব ফেংগালে (ANI/ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

চেন্নাই : ঘূৰ্ণীবতাহ 'ফেংগাল'ক লৈ দক্ষিণ ভাৰতত আতংক অব্যাহত আছে । এতিয়ালৈ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ 'ফেংগালে' খুন্দা মৰা নাই যদিও তামিলনাডুত ইয়াৰ প্ৰভাৱ আৰম্ভ হৈছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণ হোৱা দেখা গৈছে ।

আৰএমচিয়ে পূৰ্বানুমান কৰিছে যে ফেংগালে উত্তৰ তামিলনাডু-পুডুচেৰীৰ উপকূলত প্ৰতি ঘণ্টাত ৭০ ৰ পৰা ৮০ কিলোমিটাৰ গতিবেগেৰে খুন্দা মাৰিব । প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰো আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ।

পুডুচেৰীৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ পূব-উত্তৰ-পূবত, চেন্নাইৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণ-পূবত, নাগাপট্টিনমৰ পৰা ২০০ কিলোমিটাৰ উত্তৰ-উত্তৰ-পূবত আৰু ত্ৰিঙ্কোমালীৰ পৰা ৪২০ কিলোমিটাৰ উত্তৰত দক্ষিণ-পশ্চিম বংগোপসাগৰৰ ওপৰত নিম্নচাপৰ ফলত ঘূৰ্ণীবতাহ ফেংগাল কেন্দ্ৰীভূত হৈছিল ।

স্থানীয় বতৰ বিজ্ঞান বিভাগে কয়,"৩০ নৱেম্বৰৰ সন্ধিয়া ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত ঘূৰ্ণীবতাহ পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু কাৰাইকাল আৰু মহাবলিপুৰমৰ মাজৰ উত্তৰ তামিলনাডু-পুডুচেৰী উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।"

আৰএমচিয়ে শনিবাৰে ৭ খন উপকূলীয় জিলাত ধাৰাসাৰ বৰষুণৰ ইঙ্গিত দি ৰেড এলাৰ্ট জাৰি কৰিছে । জিলাকেইখন হৈছে ক্ৰমে চেন্নাই, তিৰুভাল্লুৰ, চেঙ্গালপট্টু, কাঞ্চীপুৰম, ভিল্লুপুৰম, কাল্লাকুৰিচি, কুড্ডালোৰ আৰু পুডুচেৰী ।

চেন্নাই আৰু অন্যান্য ৩ খন জিলাৰ শিক্ষানুষ্ঠান বন্ধ

ফেংগালৰ আগমন আৰু সম্ভাব্য ক্ষতিৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে চেন্নাই, চেঙ্গালপেট, তিৰুভাল্লুৰ আৰু কাঞ্চীপুৰমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ শনিবাৰে বন্ধ দিয়া হৈছে । তামিলনাডু চৰকাৰে মায়িলাডুথুৰাই, কুড্ডালোৰ, ভিল্লুপুৰম আৰু কাল্লাকুৰিচিৰ জিলা প্ৰশাসনকো স্থানীয় পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে ।

মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানে শনিবাৰে স্নাতক পৰীক্ষা স্থগিত ৰাখিছে । সেই পৰীক্ষা এতিয়া ১৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ

স্থানীয় বতৰ বিজ্ঞান বিভাগৰ মতে চেন্নাই, তিৰুভাল্লুৰ, চেঙ্গালপট্টু, কাঞ্চীপুৰম, ভিল্লুপুৰম, কাল্লাকুৰিচি, কুড্ডালোৰ জিলা আৰু পুডুচেৰীত অত্যধিক ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ৰাণীপেট, তিৰুভান্নামালাই, ভেলোৰ, পেৰাম্বালুৰ, আৰিয়ালুৰ, থাঞ্জাভুৰ, তিৰুভাৰুৰ, মায়িলাডুথুৰাই, নাগাপট্টিনম জিলা আৰু কৰাইকাল অঞ্চলৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । তিৰুপত্তুৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী, চালেম, নামক্কাল, তিৰুচিৰাপল্লী, পুডুকট্টাই আৰু কাৰুৰ জিলাতো বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ অনুমান কৰা হৈছে ।

বিমান সেৱা বিলম্ব আৰু বাতিল

ঘূৰ্ণীবতাহ ফেংগালৰ প্ৰভাৱ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেখা গৈছে । বিমানবন্দৰত প্ৰায় ১১ খন বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে । নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ পিছত বিমানবন্দৰ কৰ্তৃপক্ষই সন্ধিয়া ৭ বজালৈকে বিমান পৰিচালনা বন্ধ ৰাখে ।

আইটি কোম্পানীৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ পৰামৰ্শ

প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত চলাচলত সমস্যাৰ কথা চিন্তা কৰিব তামিলনাডু চৰকাৰে আইটি কোম্পানীবোৰক বিশেষ পৰামৰ্শ দিছে । তেওঁলোকৰ কৰ্মচাৰীসকলক শনিবাৰে ঘৰৰ পৰা কাম কৰিবলৈ ক'বলৈ আহ্বান জনাইছে ।

ৰাজহুৱা পৰিবহণ সেৱা স্থগিত

চৰকাৰে শনিবাৰে আবেলিৰ পৰা ইষ্ট কোষ্ট ৰোড (ইচিআৰ) আৰু পুৰণি মহাবলিপুৰম ৰোড (ওএমআৰ)ত ৰাজহুৱা পৰিবহণ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে আৰু যাত্ৰীসকলক সেই অনুসৰি তেওঁলোকৰ ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিবলৈ কৈছে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ ফেংগালৰ প্ৰভাৱ : জোৱাৰৰ সৈতে উপকূলীয় অঞ্চলত বতৰৰ পৰিৱৰ্তন, তামিলনাডুত বৰষুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.