গুৱাহাটী: কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে দেওবাৰে গুৱাহাটীত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আয়োজিত 'পোষণ ভি পঢ়াই ভি' কাৰ্যসূচীত অংশগ্ৰহণ কৰে । 'পোষণ ভি পঢ়াই ভি' কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষকসকলক প্ৰমাণ-পত্ৰ বিতৰণ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেৱীয়ে 'পোষণ ভি পঢ়াই ভি' কাৰ্যসূচীৰ জৰিয়তে শৈশৱৰ প্ৰাৰম্ভিক কালছোৱাৰ বিকাশৰ অৰ্থে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ।
উল্লেখ্য 'পোষণ ভি পঢ়াই ভি' কাৰ্যসূচীয়ে ৩-৬ বছৰ বয়সৰ শিশুসকলৰ বাবে মান সম্পন্ন শিক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে । মন্ত্ৰী দেৱীয়ে লগতে উল্লেখ কৰে যে এই কাৰ্যসূচীৰ অধীনত ৩৫ খন ৰাজ্যৰ ২১,৭৭২ গৰাকী মাষ্টাৰ প্ৰশিক্ষক আৰু ২০ খন ৰাজ্যৰ ৪২,৩০৮ গৰাকী অংগনৱাড়ী কৰ্মীক প্ৰশিক্ষণ আগবঢ়োৱা হৈছে । তেনেদৰে প্ৰশিক্ষণ লাভ কৰাসকলৰ ভিতৰত অসমৰ ১,৬০০ গৰাকী মাষ্টাৰ প্ৰশিক্ষকো আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।
মহিলা সবলীকৰণৰ বিষয়ত আলোকপাত কৰি অন্নপূৰ্ণা দেৱীয়ে কয় যে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ জৰিয়তে প্ৰায় ১০ কোটি মহিলাই আত্মনিৰ্ভৰশীল হ’ব পাৰিছে । ইয়াৰ ভিতৰত আত্মনিৰ্ভৰশীল হৈ নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হোৱা অসমৰ মহিলাৰ সংখ্যা প্ৰায় ৪৩ লাখ বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে পুষ্টিহীনতাৰ দৰে সমস্যা দূৰ কৰিবলৈ মন্ত্ৰালয়ে গ্ৰহণ কৰা অগীংকাৰৰ কথা প্ৰকাশ কৰি কয় যে পোষণ পখৱাড়া আৰু পোষণ মাহৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে পুষ্টিহীনতাৰ বিৰুদ্ধে এখন সবল যুঁজ দিয়াটো এতিয়া সম্ভৱ হৈ উঠিছে ।
এইক্ষেত্ৰত তেওঁ অসমে মহিলা আৰু শিশুসকলৰ স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচাৰৰ বাবে গ্ৰহণ কৰা ৩০ লাখতকৈও অধিক প্ৰচাৰ কাৰ্যসূচীৰ অৱদানৰ কথাও উল্লেখ কৰে । অসমত মহিলা আৰু শিশুৰ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ ৩৬টা ৱান ষ্টপ চেণ্টাৰে প্ৰায় ২১ হাজাৰ মহিলাক উপকৃত কৰিছে ।
তেওঁ লগতে প্ৰকাশ কৰে যে ২০২৪–২৫ চনৰ বাজেটৰ অধীনত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু প্ৰতিটো পৰিয়ালে ৫ লাখ টকাৰ বাৰ্ষিক স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিছে । অসমৰ ৬০,০০০ৰো অধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ হাতত এতিয়া আয়ুষ্মান কাৰ্ড আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত তেওঁলোকে স্বাস্থ্যসেৱাৰ উন্নত সুবিধা লাভ কৰাটো সুনিশ্চিত হৈছে । অনুষ্ঠান বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।