ডিব্ৰুগড়: উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত দেওবাৰে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হয় ধুবুৰীৰ সাংসদ তথা চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন । ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পাছতে জিলা কংগ্ৰেছৰ লগতে দলীয়-কৰ্মীসকলে সাংসদগৰাকীক আদৰণি জনায় ।
শেহতীয়াকৈ হৈ যোৱা উপ-নিৰ্বাচনত চামগুৰি সমষ্টিকে ধৰি ৰাজ্যৰ পাঁচ সমষ্টিত কংগ্ৰেছ দল পৰাজিত হোৱা পাছতে সাংসদগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে । দেওবাৰে সাংসদগৰাকীয়ে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
কিয় মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই মিঞা ভোট বিচৰা হ'ল:
এই সন্দৰ্ভত সাংসদ হুছেইনে কয়,"বিজেপিয়ে শাসনলৈ আহিয়েই চাহ জনগোষ্ঠীক ১০০ দিনৰ ভিতৰত জনজাতিৰ মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰিছিল । চাহ শ্ৰমিকক ৩৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । স্মাৰ্ট মিটাৰে মানুহক জলা কলা খুৱাইছে । মূল্যবৃদ্ধিৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে । ছয় জনগোষ্ঠীক ৯০ দিনৰ ভিতৰত জনজাতি দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিয় ১০টা বছৰ পাৰ হৈ যোৱাৰ পাছতো জনজাতিকৰণ কৰিব নোৱাৰিলে । কিন্তু নিৰ্বাচনৰ সময়ত হিমন্ত শৰ্মাই ছদ্মবেশী হৈ হিন্দুত্বৰ কথা কয় ।"
তেওঁ লগতে কয়, "তেতিয়াই ৰাইজে সকলো পাহৰি তেওঁলোকক ভোট দিয়ে । এই কথাবিলাক ৰাইজে বুজি পাইছে । সেয়ে লোকসভাত যোৰহাট সমষ্টিৰ ৰাইজে কংগ্ৰেছ দলক ভোট দিছে । উপ-নিৰ্বাচনত বিহালীত কংগ্ৰেছে পৰাজিত হোৱাৰ ব্যৱধান কমি আহিল । মুখ্যমন্ত্ৰীয়ে এই কথা গম পাই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিঞাৰ ভোট লগা হৈছে । যি মিঞাৰ ভোট নালাগে বুলি সোচ্চাৰ হৈছিল, মিঞা মানুহক তুচ্ছ তাচ্ছিল্য কৰিছিল সেই মিঞাৰ ভোট লগা হৈছে মুখ্যমন্ত্ৰীক । বিজেপি দলে মিঞাৰ ভোট নালাগে বুলি কোৱাৰ পাছত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই অহাবাৰ ৰূপহীত, ধিং, আৰু লাহৰীঘাটত জিকিম বুলি কৈছে, কাৰণ তেওঁলোক ডিব্ৰুগড়ত হাৰিব । নিৰ্বাচনত জয়লাভ কৰিবলৈ মিঞাক সাষ্টাংগে প্ৰণাম কৰিছে মুখ্যমন্ত্ৰীয়ে ।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছদ্মবেশী ৰূপ ওলাই পৰিছে:
সাংসদ ৰকিবুল হুছেইনে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাক সমালোচনা কৰি গো-মাংসৰ প্ৰসংগত কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া নাৰ্ভাচ হৈছে । যিজনে গো-মাংসক লৈ সোচ্চাৰ হৈছিল সেইজনে আজি প্ৰশ্ন কৰিছে গো-মাংস বেয়া নেকি বুলি । নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ কেৱল গো-মাংসৰ আশ্ৰয় লৈছে । মই বহুবাৰ চামগুৰিৰ পৰা নিৰ্বাচন খেলিছো, কিন্তু কেতিয়াও এনেকুৱা কথা ৰাজহুৱাকৈ কোৱা নাই ।"