নতুন দিল্লী:ৰাষ্ট্ৰীয় ৰাজধানীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ত ভৰ্তি হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ উন্নত হোৱা বুলি প্ৰকাশ কৰিছে চিকিৎসকে । এদিন বা দুদিনৰ ভিতৰত তেওঁক ইনটেঞ্চিভ কেয়াৰ ইউনিট (আই চি ইউ)ৰ পৰা স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে । মঙলবাৰে এক বিজ্ঞপ্তিত চিকিৎসালয় কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে ।
ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকী ১২ ডিচেম্বৰৰ পৰা আই চি ইউত ডাঃ বিনীত চুৰীৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ৰ এক বিবৃতিয়ে নিশ্চিত কৰিছে যে তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে ইংগিত দিছে যে তেওঁক অহা এদিন বা দুদিনৰ ভিতৰত আই চি ইউৰ পৰা স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।
বিবৃতিটোত উল্লেখ কৰা অনুসৰি, "ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীজীয়ে ১২ ডিচেম্বৰৰ পৰা ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ৰ আই চি ইউত ডাঃ বিনীত চুৰীৰ তত্বাৱধানত আছে । তেওঁৰ স্বাস্থ্যৰ অৱস্থাই ক্ৰমান্বয়ে উন্নতি দেখুৱাইছে । তেওঁৰ স্বাস্থ্যৰ অগ্ৰগতিৰ ওপৰত আধাৰ কৰি তেওঁক অহা এদিন বা দুদিনৰ ভিতৰত আই চি ইউৰ পৰা স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।"
বিগত শনিবাৰে প্ৰবীণ বিজেপি নেতাগৰাকীক চিকিৎসাৰ বাবে দেশৰ ৰাজধানীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে ৯৭ বছৰীয়া নেতাজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু পৰ্যবেক্ষণত আছে ।