অসম

assam

ETV Bharat / bharat

বান্দৰে বান্দৰ খেদি সুৰক্ষা দিব UPSCৰ মুখ্য কাৰ্যালয় ! প্ৰকাশ পাব নিবিদা - Union Public Service Commission - UNION PUBLIC SERVICE COMMISSION

Monkey Handler in UPSC : ইউ পি এছ চিয়ে জাৰি কৰিব এক বিশেষ নিবিদা জাননী ৷ নিবিদাৰ জৰিয়তে বান্দৰ হেণ্ডেলাৰ ঠিকাদাৰে দুটা বান্দৰ হেণ্ডেলাৰ প্ৰদান কৰিব ৷ বান্দৰ দুটাই দুটা শ্বিফ্টত দায়িত্ব পালন কৰিব ৷ বিশেষ মাতৰ জৰিয়তে বান্দৰ দুটাই দৌৰাত্ম্য চলোৱা বান্দৰক খেদি পঠিয়াব ৷ ই টিভি ভাৰতৰ গৌতম দেৱৰয়ৰ প্ৰতিবেদন ।

Monkey Handler in UPSC
প্ৰতিনিধিত্বমূলক ছবি (ANI)

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 8:34 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :বান্দৰৰ দৌৰাত্ম্যৰ সন্মুখীন হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগ ৷ এই উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ আয়োগে সিদ্ধান্ত লৈছে যে নিযুক্তি দিয়া হ’ব দুটা বান্দৰক ৷

এই বান্দৰ দুটাই বিশেষ মাতৰ জৰিয়তে লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয় আৰু কৰ্মচাৰীসকলক বান্দৰে কৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷ আয়োগে বান্দৰ দুটাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ইতিমধ্যে নিবিদা প্ৰস্তুত কৰিছে ৷ এই নিবিদা সোমবাৰে মুকলি কৰা হ’ব ৷ বান্দৰ দুটাই শ্বিফ্ট অনুসৰি দায়িত্ব পালন কৰিব ৷

কেন্দ্ৰীয় লোকসেৱা আয়োগে জাৰি কৰা এক জাননী অনুসৰি, ঠিকাদাৰে প্ৰদান কৰিব বান্দৰ দুটা ৷ ইয়াৰে এটা বান্দৰ শ্বিফ্ট-১ৰ বাবে আৰু আনটো শ্বিফ্ট -২ৰ বাবে ৷ মাহিলী হিচাপত ৰখা হ’ব বান্দৰ দুটা ৷

বান্দৰ দুটাৰ কৰ্তব্যৰ সময় হ’ব পুৱা ৯:৩০ বজাৰ পৰা ৬:৩০ বজালৈ শ্বিফ্ট-১ ৷ আনহাতে শ্বিফ্ট-২ ৰ অধীনত থাকিব দুটা শ্লট ৷ সেয়া ৬:৩০ বজাৰ পৰা নিশা ১১:৩০ বজালৈ আৰু পুৱা ৫:৩০ বজাৰ পৰা ৯:৩০ বজালৈ ৷

নিবিদা জাননীত কোৱা হৈছে যে চৌহদত নিয়োজিত বান্দৰৰ পৰিচালকসকল সোমবাৰৰ পৰা শুকুৰবাৰলৈ উপস্থিতি থাকিব লাগিব ৷ আনহাতে শনিবাৰে আৰু দেওবাৰে অথবা চৰকাৰী বন্ধৰ দিনত তেওঁলোক 2নং গেটত অথবা ইউ পি এছ চিৰ পৰামৰ্শ অনুসৰি উপস্থিত থাকিব লাগিব ৷ তদুপৰি কোৱা হৈছে যে যদিহে বান্দৰ দুটাই সন্তোষজনক সেৱা প্ৰদান কৰাত বিফল হয় আৰু আন বান্দৰৰ উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয়, তেন্তে দায়িত্বৰ পৰা আঁতৰাই দিয়া হ’ব ৷

লগতে কোৱা হৈছে যে বান্দৰ দুটাৰ পৰিচালকে অথবা তেওঁৰ কৰ্মচাৰীয়ে লোকসেৱা আয়োগৰ চৌহদৰ পৰা বান্দৰবোৰ খেদি পঠিওৱাৰ ক্ষেত্ৰত দায়বদ্ধ হ’ব লাগিব ৷ কিন্তু এইক্ষেত্ৰত পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন-1960ৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব ৷ আৱেদন কৰা সংস্থা অথবা ঠিকাদাৰৰ বৈধ আয়কৰ পেন নম্বৰৰ লগতে আধাৰ কাৰ্ড থাকিব লাগিব ৷ ঠিকাদাৰসকলৰ চৰকাৰী মন্ত্ৰণালয়, বিভাগ অথবা ব্যক্তিগত, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত এনে সেৱা প্ৰদান কৰাৰ পূৰ্বৰ অভিজ্ঞতা থাকিব লাগিব ৷ ইয়াৰ বাবে ন্যূনতম অভিজ্ঞতা লাগিব তিনি বছৰ ৷ চুক্তিখন এবছৰৰ বাবে বৈধ হ’ব ৷

লগতে পঢ়ক :বান্দৰৰ পুনৰ সংস্থাপন কেন্দ্ৰ : নিৰ্মাণ কৰা হ’ব ১৪ কোটি টকা ব্যয় সাপেক্ষে

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত বাৰেকুৰিৰ হলৌ বান্দৰৰ প্ৰসংগ: পৰ্যটনৰ পৰ্যাপ্ত সুবিধা লাভৰ আশা অঞ্চলবাসীৰ

শান্তিপুৰৰ শিমলাবাগানত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

ABOUT THE AUTHOR

...view details