লক্ষ্ণৌ :বিশ্বৰ বিভিন্ন প্ৰান্তত হিউমেন মেটানিউমোভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হ’বলৈ ধৰিছে । ভাৰততো ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে HMPV ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্য়ে এগৰাকী মহিলাৰ মৃত্যু হৈছে ৷
জানিব পৰা মতে, চিকিৎসাধীন অৱস্থাতে HMPV ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে মহিলাগৰাকী ৷ মহিলাগৰাকীৰ মৃত্যুৰ পাচতে চিন্তিত হৈ পৰিছে তেওঁৰ আত্মীয়-বৰ্গ তথা তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকল ৷ সকলোৱে এই ভাইৰাছ ৰোধিবলৈ যৎপোৰনাষ্টি ব্যৱস্থা গ্ৰহণ কৰিছে ৷
আমি উল্লেখ কৰা এই ঘটনাটো উত্তৰ প্ৰদেশৰ ৷ এইবাৰ উত্তৰ প্ৰদেশত HMPVৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে । ৰাজধানী লক্ষ্ণৌৰ বলৰামপুৰ জিলা চিকিৎসালয়ত এগৰাকী মহিলা এই ভাইৰাছৰ চিকাৰ হৈ মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে ।
উত্তৰ প্ৰদেশত HMPVৰ চিকাৰ
যোৱা ৯ জানুৱাৰীত লক্ষ্ণৌৰ মহিলাগৰাকীৰ দেহত HMPVৰ অৱস্থিতি ধৰা পৰিছিল । সেই সময়ত তেওঁৰ কাহ আৰু জ্বৰৰ সমস্যা হৈছিল তেতিয়া তেওঁ স্থানীয় চিকিৎসকৰ পৰামৰ্শলৈও সুস্থ হোৱা নাছিল । ইয়াৰ পিছত তেওঁক কানপুৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।