অসম

assam

দ্ৰুতগতিত গাড়ী চলাই জৰিমনাৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী - Union Minister Chirag Paswan

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 4:43 PM IST

Chirag Paswan car challan : আইন যে সকলোৰে বাবে একেই সেয়া পুনৰ প্ৰমাণিত হৈছে । কিয়নো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গাড়ী হিচাপতকৈ অধিক গতিত চলাৰ বাবে ট্ৰেফিক কেমেৰাত সেয়া ধৰা পৰে । যাৰ বাবে 24 আগষ্টত তেওঁৰ মোবাইলত এটা মেছেজ লাভ কৰে । তাৰ পৰাই তেওঁ জানিব পাৰে যে তেওঁ এটা ডাঙৰ ভুল কৰিলে । এই মেছেজটো পঠাইছিল পৰিবহণ বিভাগে । মেছেজটোত মন্ত্ৰীগৰাকীৰ ওপৰত জৰিমনা বিহাৰ কথা উল্লেখ আছিল ।

Chirag Paswan Car Challan
দ্ৰুতগতিত গাড়ী চলাই জৰিমনাৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী (ETV Bharat)

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ :নিজৰ এটা ভুলৰ বাবে চৰ্চালৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান । এই ভুলৰ বাবে জৰিমনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । বিহাৰ পৰিবহণ বিভাগে তেওঁৰ ওপৰত জৰিমনা আৰোপ কৰিছে ।

ঘটনাটো ২৪ আগষ্টত পোহৰলৈ আহে । কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে পাটনাৰ পৰা হাজিপুৰলৈ গৈ থকাৰ সময়ত টোল প্লাজাত এটা সৰু ভুল কৰে । এই ভুলটোৰ কাৰণেই তেওঁ চালান পৰিশোধ কৰিব লাগিব ।

বিহাৰ চৰকাৰে ৰাজ্যখনৰ সকলো টোল প্লাজাত এক ই-চিনাক্তকৰণ ব্যৱস্থা স্থাপন কৰিছে । এই বিষয়ে পৰিবহণ সচিব সঞ্জয় আগৰৱালে এপ্ৰিল মাহতে তথ্য প্ৰদান কৰিছিল । ইয়াৰ জৰিয়তে ই-জৰিমনা বিহা হৈছে । এই ব্যৱস্থা মতে, যদি বাহন এখনৰ কোনো প্ৰয়োজনীয় নথিপত্ৰ নাথাকে তেন্তে চালান স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব । ইয়াৰ উপৰি বাহনখন যদি অত্যধিক গতিত থাকে, তেনেহ'লে বাহনখনৰ চালান স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব আৰু ইয়াৰ মেছেজ নিৰ্দিষ্ট মোবাইল ফোনলৈ প্ৰেৰণ কৰা হ'ব ।

ইয়াৰ বাবে প্ৰতিটো টোল প্লাজাত হাই-ৰিজলিউশ্বনৰ চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে । আনহাতে, চালান কটাৰ লগে লগে পঞ্জীয়নকৃত মোবাইল নম্বৰলৈ মেছেজ প্ৰেৰণ কৰা হয় । টোল প্লাজাৰ মাজেৰে যোৱা বাহনবোৰৰ যদি ফিটনেছ, প্ৰদূষণ আৰু বীমা সময়মতে আদায় কৰাত বিফল হয় বা অত্যধিক গতি, ছীট বেল্টৰ দৰে নিয়ম উলংঘা কৰে তেন্তে নম্বৰ প্লেটৰ ফটোত সেয়া ধৰা পৰে । তাৰ পিছত পোনপটীয়াকৈ চালান কৰ্তন কৰা হয় ।

ৰাজ্যখনত থকা 32 টা টোল প্লাজাৰ সকলোতে এই ই-চিনাক্তকৰণ ব্যৱস্থা স্থাপন কৰা হৈছে । এই চালান যিকোনো টোল প্লাজাত দিনত কেৱল এবাৰহে কৰ্তন কৰা হ'ব । বিগত 20 দিনত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানকে ধৰি 12 হাজাৰৰো অধিক বাহনৰ নথিপত্ৰৰ সৈতে সম্পৰ্কিত চালান কটা হৈছে । ইয়াৰে ভিতৰত বহুতো ভি আই পি বাহনৰো চালান কটা হৈছে ।

তথ্য অনুসৰি, চিৰাগ পাছোৱান পাটনাৰ পৰা হাজিপুৰলৈ আহি আছিল । সেই সময়ত তেওঁৰ গাড়ীখন অত্যধিক গতিত আছিল । কিন্তু তেওঁৰ গাড়ীখন টোল প্লাজাত উপস্থিত হোৱাৰ লগে লগে তাত সংস্থাপিত কেমেৰাটোৱে গতি ৰেকৰ্ড কৰি চালান কাটে । এই চালানৰ মেছেজ চিৰাগ পাছোৱানৰ মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হয় । এতিয়া কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে ইয়াৰ বাবে ২,০০০ টকাৰ চালান পৰিশোধ কৰিব লাগিব ।

লগতে পঢ়ক :ED ৰ হাতত গ্ৰেপ্তাৰ আপ বিধায়ক অমনাতুল্লাহ খান : ঘৰৰ চৌহদত মোতায়েন কটকটীয়া নিৰাপত্তা ব্যৱস্থা - ED raid on Amanatullah Khan house
লগতে পঢ়ক :ঝাৰখণ্ড বিধানসভা নিৰ্বাচন : ড৹ হিমন্ত বিশ্ব শৰ্মাৰে মুখেৰে শুনক বিজেপিৰ ৰণনীতি - Jharkhand Assembly Election 2024

ABOUT THE AUTHOR

...view details