নেশ্যনেল ডেস্ক, 18 আগষ্ট:ইউনিফৰ্ম চিভিল কোডক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে বিতৰ্ক অব্যাহত আছে । ‘এক দেশ এক আইন’ৰ লক্ষ্যৰে মোদী চৰকাৰে ইউনিফৰ্ম চিভিল কোড বলৱৎ কৰাৰ ক্ষেত্ৰত জোৰ দিছে । এই সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ সময়তেঅল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে ইউনিফৰ্ম বা চেকুলাৰ চিভিল কোড মুছলমানসকলৰ বাবে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেতিয়াও শ্বৰীয়ত ল (মুছলিম পাৰ্চনেল ল)ৰ সৈতে আপোচ নকৰে বুলিও কাৰণ দৰ্শাইছে ।
AIMPL এ এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, "নিখিল ভাৰত মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ আহ্বান আৰু ধৰ্মীয় ব্যক্তিগত আইনক সাম্প্ৰদায়িক আইন বুলি অভিহিত কৰাটো অতি আপত্তিজনক বুলি বিবেচনা কৰিছে ।"
ব’ৰ্ডে তেওঁলোকে কোনো কাৰণতে শ্বৰীয়ত আইন (মুছলমান ব্যক্তিগত আইন)ৰ সৈতে আপোচ নকৰে বুলি লগতে স্পষ্ট কৰি দিছে ।
সমান্তৰালভাৱে, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব'ৰ্ডৰ মুখপাত্ৰ ড৹ এছ কিউ আৰ ইলিয়াছেও এক প্ৰেছ বিবৃতিযোগে প্ৰধানমন্ত্ৰীৰ মন্তব্যত শোক প্ৰকাশ কৰে ।
ব’ৰ্ডে লগতে কয়, "ভাৰতৰ মুছলমানসকলে বহুবাৰ স্পষ্ট কৰি দিছে যে তেওঁলোকৰ পৰিয়াল আইন শ্বৰীয়তৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, ইয়াৰ পৰা কোনো মুছলমানক কোনো মূল্যৰ বিনিময়ত বিচ্ছিন্ন কৰিব নোৱাৰে ৷ দেশৰ ন্যায় ব্যৱস্থাই নিজেই অনুমোদন জনাইছে শ্বৰিয়ত আবেদন আইন, 1937 ৰ প্ৰতি আৰু ভাৰতীয় সংবিধানে 25 নং অনুচ্ছেদৰ অধীনত ধৰ্মৰ প্ৰচাৰ আৰু পালন কৰাটো মৌলিক অধিকাৰ বুলি ঘোষণা কৰিছে ।"
প্ৰেছ বিজ্ঞপ্তিযোগে ব’ৰ্ডে লগতে কয়, "আন সম্প্ৰদায়ৰ পৰিয়ালগত আইনসমূহো নিজৰ ধৰ্মীয় আৰু প্ৰাচীন পৰম্পৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । গতিকে, এইবোৰক নস্যাৎ কৰি ধৰ্মনিৰপেক্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰাটো মূলতঃ ধৰ্মৰ অস্বীকাৰ আৰু পশ্চিমক অনুকৰণ কৰা ৷"