নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: ঝাৰখণ্ডৰ লোহাৰদগা জিলাত দলবদ্ধ ধৰ্ষণৰ এটা গোচৰ পোহৰলৈ আহিছে । জিলাখনৰ বাগডু থানা এলেকাত সংঘটিত হৈছে এই ঘটনা । ১১ জন লোকৰ কামনাৰ বলি হ’ল দুগৰাকী নাবালিকা । আৰক্ষীয়ে ইতিমধ্যে ১১ টা অভিযুক্তকে জিম্মাত লৈছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
শনিবাৰে বাগডু থানাৰ অন্তৰ্গত তিনিগৰাকী নাবালিকা সেন্হা থানাৰ অধীনৰ কন্দ্ৰলৈ গৈছিল তেওঁলোকৰ এগৰাকী বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ । তাৰ পৰা শনিবাৰে সন্ধিয়া দেৰিকৈ তিনিও ঘৰলৈ উভতি আহিছিল । নাবালিকা তিনিগৰাকীৰ ভিতৰত এগৰাকী নাবালিকা নিজৰ ঘৰলৈ যোৱাৰ বিপৰীতে বাগডু থানা এলেকাৰ এখন গাঁৱত চিনাকি মানুহৰ ঘৰত আন দুগৰাকী নাবালিকাই আশ্ৰয় গ্ৰহণ কৰে । ইফালে শনিবাৰে গভীৰ নিশা ১১জন লোক তেওঁৰ ঘৰত উপস্থিত হয়, ইয়াৰে তিনিজন নাবালক ।
১১ জন লোকে মিলি দুয়ো নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰে । ইয়াৰ পিছতে দেওবাৰে নাবালিকা দুগৰাকীয়ে বাগডু থানাত উপস্থিত হৈ আৰক্ষীক এই বিষয়ে অৱগত কৰে । তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে ৷