অসম

assam

ভূমিস্খলনত বিধ্বস্ত ৱায়নাড়ত শিশুসহ জনজাতীয় পৰিয়ালক উদ্ধাৰ : মুখ্যমন্ত্ৰীৰ প্ৰশংসা - Kerala landslide

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 2:17 PM IST

Kerala landslide: ভূমিস্খলনৰ পিচত কেৰালাৰ ৱায়নাড়ত অভাৱনীয় পৰিস্থিতি । পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ ৪ টা শিশুসহ এটা জনজাতীয় পৰিয়াল । উদ্ধাৰকাৰী দলটোৰ প্ৰত্যাহ্বানপূৰ্ণ অভিযানক প্ৰশংসা কেৰালাৰ মুখ্যমন্ত্ৰীৰ ।

Kerala landslide
ভূমিস্খলনত বিধ্বস্ত ৱায়নাড়ত শিশুসহ জনজাতীয় পৰিয়ালক উদ্ধাৰ (Kerala Forest Department)

নেশ্যনেল ডেস্ক, ৪ আগষ্ট :কেৰালাৰ ৱায়নাড়ত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৩০০ অতিক্ৰম কৰিছে । সমগ্ৰ দেশতে এই ঘটনাক লৈ শোকৰ ছাঁ পৰিছে । ইয়াৰ মাজতে কেৰালাৰ বন বিভাগৰ এক সফল অভিযান । ভূমিস্খলনক লৈ বিভীষিকা অব্যাহত থকাৰ সময়তে বন বিভাগে এটা জনজাতীয় পৰিয়ালক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

বন বিভাগে পাহাৰত আৱদ্ধ ৪ টা শিশুসহ এটা পৰিয়ালক উদ্ধাৰ কৰিছে । বন বিষয়াসকলে সেই পৰিয়ালটোৰ ৪ টা শিশুক বোকোচাত লৈ থকা ফটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বন বিভাগৰ বিষয়াসকলক বিভিন্নজনে প্ৰশংসাও কৰিছে । জানিব পৰা মতে, বন বিষয়াসকলে পৰিয়ালটোক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে ।

উদ্ধাৰ অভিযান :

কালপেট্টা ৰেঞ্জৰ বন বিষয়া কে আচিফৰ নেতৃত্বত ৪ গৰাকী বিষয়াই ১ আগষ্টত জনজাতীয় পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ অৰণ্যৰ ভিতৰৰ বিপদজনক পথ অতিক্ৰম কৰিছিল । য'ত তেওঁলোকে প্ৰায় ৪ বছৰ বয়সৰ চাৰিটা শিশুসহ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে ৱায়নাড়ৰ পানিয়া সম্প্ৰদায়ৰ পৰিয়ালটো গভীৰ খাদৰ ওপৰত পাহাৰৰ এটা গুহাত আৱদ্ধ হৈ আছিল । কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত বন বিভাগৰ বিষয়াৰ দলটো তাত উপস্থিত হয় । প্ৰথমে এগৰাকী মহিলা আৰু এটা শিশুক উদ্ধাৰ কৰা হৈছিল । অনুসন্ধানৰ পিচত পৰিয়ালটোৰ বাকী সদস্যসকল গুহাত আৱদ্ধ হৈ থকা বুলি বন বিভাগৰ দলটোৱে জানিব পৰা পাৰিছিল ।

উদ্ধাৰকাৰী দলৰ সদস্য আচিফে কয়, "জনজাতীয় সম্প্ৰদায়ৰ পৰিয়ালটো এটা নিৰ্দিষ্ট অংশত আছিল, যি সাধাৰণতে বাহিৰৰ লোকৰ সৈতে বাৰ্তালাপ কৰা নাছিল। তেওঁলোক সাধাৰণতে অৰণ্যত উপলব্ধ সামগ্ৰীৰ ওপৰতে ভৰসা কৰে । অৰণ্যৰ পৰা উদ্ধাৰ কৰা সামগ্ৰী বজাৰত বিক্ৰী কৰি তেওঁলোকে চাউল ক্ৰয় কৰে । কিন্তু ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ বাবে তেওঁলোকে খাদ্য সংগ্ৰহ কৰাত বিফল হৈছিল ।"

উদ্ধাৰ অভিযানৰ কথা উল্লেখ কৰি বন বিষয়াগৰাকীয়ে কয় যে যাত্ৰাৰ সময়ত ধাৰাসাৰ বৰষুণৰ বাবে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ।বিষয়াগৰাকীয়ে কয়, "শিশুকেইটা ভাগৰি পৰিছিল আৰু আমি তেওঁলোকক লৈ যোৱা আহাৰ খুৱাইছিলো । পিচত বহুত অনুৰোধ কৰাৰ পিচত তেওঁলোকৰ পিতৃ আৰু পৰিয়ালটো আমাৰ সৈতে আহিবলৈ সন্মত হৈছিল । আমি শিশুকেইটাক আমাৰ শৰীৰত বান্ধি দি লৈছিলো আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো ।"

ভূমিস্খলনত বিধ্বস্ত ৱায়নাড়ত শিশুসহ জনজাতীয় পৰিয়ালক উদ্ধাৰ (X)

বন বিষয়াগৰাকীয়ে কয়, "তেওঁলোক আত্তামালা কাৰ্যালয়লৈ অনা হৈছে । য'ত শিশুসকলক নতুন বস্ত্ৰ আৰু আহাৰৰ যোগান ধৰা হৈছে ।"

উদ্ধাৰকাৰী দলক প্ৰশংসা :

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নেও পৰিয়ালটোক উদ্ধাৰৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে বন বিষয়াসকলৰ প্ৰত্যাহ্বানমূলক প্ৰচেষ্টাক প্ৰশংসা কৰিছে । মুখ্যমন্ত্ৰীয়ে লিখিছে, "ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৱায়ানাড়ত আমাৰ সাহসী বন বিষয়াসকলৰ ৮ ঘণ্টাৰ অক্লান্ত অভিযানৰ পিচত দূৰৱৰ্তী জনজাতীয় বসতিৰ পৰা ৬ গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা হৈছে । তেওঁলোকৰ বীৰত্বই আমাক সোঁৱৰাই দিয়ে যে কেৰালাৰ স্থিতিস্থাপকতা কঠিন সময়ত আটাইতকৈ উজ্জ্বল হৈ উঠিছে । আমি পুনৰ নিৰ্মাণ কৰিম আৰু শক্তিশালী হৈ উঠিম ।"

আচিফৰ সৈতে শাখা বন বিষয়া বি এছ জয়চন্দ্ৰনে, বন বিষয়া কে অনিল কুমাৰ আৰু আৰআৰটি (ৰেপিড ৰেচপন্স টীম)ৰ সদস্য অনুপ থমাছ এই অভিযানৰ অংশ আছিল । সামাজিক মাধ্যমত বন বিভাগৰ দলটোক বিভিন্নজনে প্ৰশংসা কৰা দেখা গৈছে । তেওঁলোকক বহুতে নায়ক বুলিও অভিহিত কৰিছে ।

লগতে পঢ়ক :কেৰালা ভূমিস্খলনত মৃতকৰ সংখ্যা 174 জনলৈ বৃদ্ধি: চিকিৎসাধীন স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জ - LANDSLIDE IN WAYANAD

ABOUT THE AUTHOR

...view details