অসম

assam

ETV Bharat / bharat

কোচ বিহাৰ ৰাজ্যৰ দাবীত ৰে'ল অৱৰোধ: কেবাখনো ৰে’লৰ যাত্ৰা বাতিল - TRAIN SERVICES DISRUPTED

পৃথক কোচবিহাৰ ৰাজ্যৰ দাবীত গ্রেটাৰ কোচবিহাৰ পিপ'লছ এছ'চিয়েচনৰ আহ্বানত ৰে'ল ৰোকো কাৰ্যসূচী । বাতিল কৰা হৈছে বন্দে ভাৰতসহ একাধিক গুৰুত্বপূর্ণ ৰে'ল ।

RAIL ROKO MOVEMENT
ৰে'ল ৰোকো আন্দোলন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 12:35 PM IST

জলপাইগুড়ি :সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সৈতে বুধবাৰে পুৱাৰে পৰা স্তব্ধ হৈছে ৰে'ল যোগাযোগ । অসমৰ সৈতে ব্যাহত ৰে'ল যোগাযোগ । কোচবিহাৰ ৰাজ্যৰ দাবীত গ্রেটাৰ কোচবিহাৰ পিপ'লছ এছ'চিয়েচনৰ (GCPA) আহ্বানত জোড়াই ষ্টেচনত আৰম্ভ হয় ৰে'ল ৰোকো আন্দোলন ৷ ইয়াৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সৈতে ৰে'ল যোগাযোগ স্তব্ধ হৈ পৰিছে ৷ আনহাতে, বাতিল কৰা হৈছে বন্দে ভাৰতসহ একাধিক গুৰুত্বপূর্ণ ৰে'ল । জোড়াই ষ্টেচনত ৰে'ললাইনত বহি ৰে'ল অৱৰোধত অংশগ্ৰহণ কৰে আন্দোলনকাৰীসকলে ।

আন্দোলনৰ ফলত বাতিল কৰা হৈছে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখী বন্দে ভাৰত এক্সপ্রেছ, বঙাইগাঁও-নিউ জলপাইগুড়ি এক্সপ্রেছ । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা নিউ আলিপুৰদুৱাৰ ষ্টেচনৰ পৰা যাত্রীসকলক বাছেৰে গন্তব্যস্থলীত উপনীত কৰোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল শর্মাই জনোৱা মতে, "15704 বঙাইগাঁও-নিউ জলপাইগুড়ি এক্সপ্রেছ আৰু 15703 নিউ জলপাইগুড়ি-বঙাইগাঁও এক্সপ্রেছ ৰে'ল অৱৰোধ আন্দোলনৰ কাৰণে বাতিল কৰা হৈছে ৷" বুধবাৰে 22227 নিউ জলপাইগুড়ি-গুৱাহাটী বন্দে ভাৰত এক্সপ্রেছ আৰু 22228 গুৱাহাটী-নিউ জলপাইগুড়ি বন্দে ভাৰত এক্সপ্রেছ বাতিলৰ কথা পূৰ্বতেই ঘোষণা কৰা হৈছিল ৷

ৰে'ল ৰোকো আন্দোলন (ETV Bharat)

আনহাতে, 15657 উজনিমুৱা ব্রহ্মপুত্র-মেইল আৰু নামনিমুৱা কামৰূপ এক্সপ্রেছক অন্য পথেৰে কোচবিহাৰ-গোকুলগঞ্জেৰে চলোৱা হৈছে ৷ ইয়াৰ উপৰি নামনিমুৱা 20503 ৰাজধানী এক্সপ্রেছ, 22449 নামনিমুৱা গুৱাহাটী-নতুন দিল্লী এক্সপ্রেছ, 22503 বিবেক এক্সপ্রেছ, 13247 কামাখ্যা-ৰাজেন্দ্রনগৰ কেপি্লটেল এক্সপ্রেছৰ যাত্রাপথ পৰিৱর্তন কৰা হৈছে ৷

উল্লেখ্য যে পুৱা 8 বজাৰ ভিতৰতেই প্রায় 5000 গ্রেটাৰ কোচবিহাৰ পিপ'লছ এছ'চিয়েচনৰ সমর্থকে ৰে'ল অৱৰোধ আন্দোলন আৰম্ভ কৰে ৷ ইয়াৰ ফলত ৰে'লৰ চলাচল ব্যাহত হোৱা বুলি ৰে'ল বিভাগৰ মুখ্য জনসংযোগ বিষয়াই জনাইছে । আৰ পি এফ আৰু জি আৰ পি ঘটনাস্থলীত মোটায়েন কৰা হৈছে ।

ইফালে গ্রেটাৰ কোচবিহাৰ পিপ'লছ এছ'চিয়েচনৰ সভাপতি বংশীবদন বর্মনে জনায়, "আমাৰ ৰে'ল ৰোকো আন্দোলন আৰম্ভ হৈছে ৷ উত্তৰবঙ্গৰ বিভিন্ন জিলাৰ পৰা সমর্থকসকল আহিছে ।"

তেওঁ লগতে কয়, "সংবিধান অনুযায়ী কোচবিহাৰ 'চি' কেটেগৰীৰ ৰাজ্য । কিন্তু কেন্দ্রীয় চৰকাৰে এতিয়াও তাৰ মান্যতা প্ৰদান কৰা নাই । আমি কোচবিহাৰক পৃথক ৰাজ্যৰ দাবী জনাইছোঁ ৷ লগতে ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তর্ভুক্তিৰ দাবী জনাইছোঁ । কেন্দ্রই যেতিয়ালৈকে আমাৰ দাবী মানি নলয়, তেতিয়ালৈকে আমাৰ ৰে'ল অৱৰোধ আন্দোলন চলি থাকিব ।"

অৱশ্যে ৰে’ল বিভাগৰ সৈতে আলোচনাৰ পাচতেই আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয় যদিও বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল কৰিবলগীয়া হয় উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নিউ কোচবিহাৰ ষ্টেচনত ৰে'ল অৱৰোধ আন্দোলন হৈছিল । সেইবাৰ অৱশ্যে আলিপুৰদুৱাৰেৰে বিকল্প পথেৰে ৰে'ল চলাচল কৰাই ৰে'ল যোগাযোগ স্বাভাৱিক কৰি ৰখা হৈছিল । কিন্তু এইবাৰ সেইটো কৰিব পৰা নাই । বংগ আৰু অসমৰ সৈতে যাতে কোনো কাৰণতে ৰে'ল যোগাযোগ সম্ভৱ হ'ব নোৱাৰে সেই কাৰণেই অসম সীমান্তৰ জোড়াই ষ্টেচনত ৰে'ল অৱৰোধ আন্দোলনৰ আহ্বান জনাইছে গ্রেটাৰ কোচবিহাৰ পিপ'লছ এছ'চিয়েচনে ৷

লগতে পঢ়ক :সন্ত্ৰাসবাদ বিয়পোৱাৰ দোষত যাৱজ্জীৱন কাৰাদণ্ড হোজাইৰ কমৰুজ জামানক
লগতে পঢ়ক :কেন্দ্ৰই দেশৰ নতুন চহৰ আঁচনিৰ অধীনত গঢ়িব 8 খন নতুন স্মাৰ্ট চিটী

ABOUT THE AUTHOR

...view details