নেশ্যনেল ডেস্ক, 17 জুন :পশ্চিম বংগত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দু্ৰ্ঘটনা ৷ কাঞ্চনজংঘা এক্সপ্ৰেছত এখন মালবাহী ৰে'লে পিচফালৰ পৰা খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত কমেও 15 জন লোকৰ মৃত্যু হৈছে ৷ এই দুৰ্ঘটনাই পুনৰ এবাৰ যাত্ৰী আৰু ৰে’লৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে ৷
ইয়াৰ পিচতে অৱশ্যে ৰে'ল মন্ত্ৰালয়ে "কৱচ" নামৰ এক স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা প্ৰণালী স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ৷ যদি আন এখন ৰে’ল একেটা ট্ৰেকত আহে তেতিয়া ৰে’লখন স্বয়ংক্ৰিয়ভাৱে বন্ধ কৰে এই ব্যৱস্থাই ৷
ৰে’লৱে ব’ৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ই টিভি ভাৰতক কয় যে "এই ঘটনাৰ মূল কাৰণ কি আছিল সেয়া তদন্তৰ বিষয় ৷ বিভিন্ন খণ্ডত কৱচ ব্যৱস্থা স্থাপন কৰা হৈছে আৰু ই একেবাৰে প্ৰাৰম্ভিক পৰ্যায়তে আছে, গতিকে ইয়াৰ বিষয়ে এতিয়াই কোৱাটো কঠিন ৷"
কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ সবিশেষ প্ৰদান কৰি ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু চিই (CE) জয়া বাৰ্মা সিনহাই কয় যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে ৷ তেওঁ পুনৰ কয়- "আমাৰ তথ্য অনুসৰি কমেও পাঁচজন যাত্ৰীৰ মৃত্যু হৈছে আৰু 50 জন আহত হৈছে, যিসকলক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ পৰৱৰ্তী ৰে’ল চলাচলৰ বাবে ট্ৰেক মুকলি কৰা হৈছে ৷"
ৰে’লৱে ব’ৰ্ডৰ সদস্যসকলে নিয়ন্ত্ৰণ আৰু আদেশ কেন্দ্ৰৰ পৰা পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু উদ্ধাৰ অভিযানৰ বাবে সকলো সংস্থাৰ সৈতে সমন্বয় সাধন কৰি আছে বুলি জয়া বাৰ্মা সিনহাই লগতে কয় ৷
এক্স (টুইটাৰ)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্ট কৰে, “পশ্চিম বংগৰ ৰে’ল দুৰ্ঘটনা দুখজনক ৷ আপোনজনক হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো ৷ আহতসকলে শীঘ্ৰেই আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো ৷ বিষয়াসকলৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো ৷ ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জীও দুৰ্ঘটনাস্থলীলৈ গৈ আছে ৷"
যাত্ৰীসকলৰ উন্নত সুৰক্ষাৰ বাবে চৰকাৰে কৱচ স্থাপন কৰাৰ কথা ইতিমধ্যে চৰকাৰে কেবাবাৰো ঘোষণা কৰিছিল ৷ ৰে'ল মন্ত্ৰালয়ৰ মতে "কৱচ" হৈছে থলুৱাভাৱে নিৰ্মিত স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা (ATP) ব্যৱস্থা আৰু ই এক অতি প্ৰযুক্তি-নিবিড় ব্যৱস্থা, যাৰ বাবে সৰ্বোচ্চ ক্ৰমৰ সুৰক্ষা প্ৰমাণপত্ৰৰ প্ৰয়োজন ৷