অসম

assam

ভাৰতৰ পাঁচখন অতি ব্যয়বহুল ৰে’ল; যাৰ টিকটৰ মূল্য আৰু সা-সুবিধাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও - Most Expensive Train in India

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 8:46 PM IST

Top five most expensive train in India: ৰে’লযাত্ৰাৰ মাজেৰে লাভ কৰিব বিচাৰে নেকি ৰাজ আতিথ্য ? স্বাধীনতাৰ পূৰ্বৰ বহু বিলাসী ৰে’ল নতুনকৈ সজাই-পৰাই আগবঢ়াই দিছে পৰ্যটকৰ বাবে ৷ জানক ভাৰতৰ পাঁচখন বিলাসী ৰে’লৰ বিষয়ে...

Top five most expensive train in India
ভাৰতৰ পাঁচখন বিলাসী ৰে’ল (Getty Images)

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : ভাৰতীয় ৰে’লৰ ইতিহাস বহু পুৰণি ৷ ৰে’ল যাত্ৰাৰ আছে এক সুকীয়া আমেজ ৷ দীঘলীয়া যাত্ৰা যদি এখন বিলাসী ৰে’লেৰে হয়, সেই আমেজৰ কথাই সুকীয়া ৷ ঔপনিৱেশিক যুগেই আৰম্ভ হৈছিল ভাৰতৰ বিলাসী ৰে’ল ৷ যিসমূহ ৰে’লেৰে তেতিয়াৰ চহকী, সন্মানীয় বিষয়াৰ লগতে ৰজাঘৰীয়া লোকসকলে যাতায়ত কৰিছিল ৷ মহাৰাজ আৰু অন্যান্য অভিজাত শ্ৰেণীৰ লগতে সেইসমূহ পৰিয়ালৰ লোকৰ বাবে 19 শতিকাত অধিক ৰে’ল নিৰ্মাণ কৰা হৈছিল ৷

কিন্তু স্বাধীনতাৰ পিচত অৰ্থাৎ 1947 চনৰ পিচত ৰক্ষণাবেক্ষণৰ অভাৱত ভাৰতৰ সেইসমূহ বিলাসী ৰে’লগাড়ী পৰিত্যক্ত হৈ পৰে ৷ কিন্তু ভাৰতীয় ৰে’লৱেই পৰৱৰ্তী সময়ত তেনে বহুকেইখন ৰে’ল নৱীকৰণ কৰি পৰ্যটন ক্ষেত্ৰখনলৈ আগবঢ়াই দিয়া হয় ৷ 1980 চনত কৰা হৈছিল প্ৰথমখন তেনে ৰাজকীয় ৰে’লৰ নৱীকৰণ ৷ সেই ৰাজকীয় অভিজ্ঞতা যাতে পৰ্যটকসকলে লাভ কৰিব পাৰে, তাৰ বাবে আধুনিক আৰু স্বাধীনতাৰ পূৰ্বৰ ইতিহাসৰ স্মৃতি ৰক্ষা কৰি পৰ্যটন ক্ষেত্ৰখনত তেনে ৰে’লসমূহ প্ৰচলন কৰা হয় ।

জানো আহক তেনে কেইখনমান বিলাসী তথা আড়ম্বৰপূৰ্ণ ৰে’লৰ বিষয়ে :

1. পেলেচ অন হুইলছ :

পেলেছ অন হুইলছৰ যাত্ৰাপথ হৈছে দিল্লী, জয়পুৰ আৰু আগ্ৰা সামৰি উত্তৰ-পশ্চিম ভাৰত ৷ ইয়াৰ যাত্ৰাকাল আঠদিনীয়া ৷ এই বিলাসী ভ্ৰমণৰ বাবে খৰচ হয় ন্যূনতম 864 আমেৰিকান ডলাৰ বা ভাৰতীয় টকাৰ মূল্যত প্ৰায় 72,296 টকা ৷ অৱশ্যে টুইন শ্বেয়াৰিঙৰ ওপৰত এই মাচুল নিৰ্ভৰ কৰে ৷ ছেপ্টেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে এই ভ্ৰমণ কৰিব পাৰে পৰ্যটকসকলে ৷

উল্লেখ্য যে 1982 চনত পেলেচ অন হুইলছ প্ৰৱৰ্তন কৰি ভাৰতীয় বিলাসী ৰে’লযাত্ৰাৰ অনন্য অনুভৱ প্ৰদানৰ চেষ্টা কৰা হৈছিল ৷ এই ভ্ৰমণে ৰাজস্থান আৰু আগ্ৰাৰ মাজেৰে দেশৰ উত্তৰ অংশক সামৰি লয় ৷ ৰে’লখনে পৰ্যটকসকলক উটৰ ছাফাৰীকে আদি কৰি ৰাজস্থানৰ ৰাজপ্ৰসাদ আৰু ঐতিহাসিক দুৰ্গসমূহলৈ লৈ গৈ ইতিহাসৰ অনুভূতি প্ৰদান কৰে ৷

14 টা দবাযুক্ত ৰে’লখনত আছে 81 টা কেবিন ৷ প্ৰতিটো কেবিনত আছে পেন’ৰামিক খিৰিকী, আড়ম্বৰপূৰ্ণ কাৰ্পেট, ফ্ৰেস্কোযুক্ত চিলিং, মেহগনিৰ পেনেলিং আৰু এটেষ্টেড বাথৰূম ৷ ইয়াত আছে দুটা ছুপাৰ ডিলাক্স কেবিনো ৷ ৰে’লখনৰ দুখন ডাইনিং গাড়ীৰে ভাৰতীয়, মহাদেশীয় আৰু ইটালীয়ান খাদ্য পৰিৱেশন কৰোৱা হয় ৷ তদুপৰি ককটেইল আৰু অন্য সুৰাৰ বাবে আছে সুকীয়া বাৰ ৷ তদুপৰি জীমৰ লগতে স্পাৰ ব্যৱস্থাও আছে ৰে’লখনত ৷

2.দ্য গ’ল্ডেন চেৰিয়ট:

দ্য গ’ল্ডেন চেৰিয়টৰ যাত্ৰাপথে সামৰি লয় সমগ্ৰ দক্ষিণ ভাৰত ৷ তিনিৰ পৰা পাঁচ নিশাপৰ্যন্ত এই হয় এই ভ্ৰমণ ৷ য’ত প্ৰতিগৰাকী পৰ্যটকৰ বিপৰীতে সংগ্ৰহ কৰা হয় ন্যূনতম 3160 ডলাৰ অৰ্থাৎ প্ৰায় 2,64,382 টকা ৷ শ্বেয়াৰিঙৰ ওপৰত ভিত্তি কৰি লোৱা হয় এই মাচুল ৷ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে কৰিব পাৰে এই ৰে’লৰ জৰিয়তে ভ্ৰমণ ৷ 2008 চনত মুকলি কৰা এই বিলাসী ৰে’লখনে পৰ্যটকসকলক লৈ যায় দক্ষিণ ভাৰতৰ ঐতিহাসিক চহৰ, ৰৌদ্ৰোজ্জ্বল উপকুল, জংঘলেৰে আবৃত পাহাৰ, মন্দিৰ ইত্যাদিলৈ ৷ ৰে’লখনৰ ভিতৰত 18 খন বেঙুনীয়া আৰু সোণালী ৰঙৰ সৰু সৰু গাড়ী আছে ৷ প্ৰত্যেকখন গাড়ীৰ নাম দক্ষিণ ভাৰতৰ নামেৰে ৰখা হৈছে ।

ৰাজকীয় ৰে’লখনৰ কেবিনসমূহত বাথৰূম, স্মাৰ্ট টিভি, ৱাই-ফাই আৰু এজন পৰিচায়ক আছে ৷ দুখন ডাইনিং গাড়ীৰ জৰিয়তে পৰিৱেশন কৰোৱা হয় স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য ৷ ৰে’লখনৰ বৈঠকখানা, বাৰ, মাদিৰা আদু মহীশূৰ পেলেচৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে ৷ তদুপৰি পৰম্পৰাগত ভাৰতীয় আৰু আধুনিক মালিচৰ উপৰিও জীম আৰু স্পা আছে ৰে’লখনত ৷ ৰে’খনৰ যাত্ৰা আৰম্ভ আৰু শেষ হয় বেংগালুৰুত ।

৩. ডেক্কান অ’ডিচী :

ডেক্কান অ’ডিচী পৰ্যটন ৰে’লখনৰ ভ্ৰমণসমীমা মুম্বাইৰ পৰা দিল্লী ৷ ৰে’লখনৰ যাত্ৰাকাল হ’ল ছয় সপ্তাহজোৰা ৷ এই বিলাসী ভ্ৰমণৰ বাবে একোগৰাকী পৰ্যটকে ভৰিব লাগে নূন্যতম 8,330 ডলাৰ বা প্ৰায় 6,96,933 টকা ৷ দুবাৰ ভ্ৰমণৰ বাবে দিবলগীয়া হয় 11,900 ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 9,95,619 ডলাৰ ৷ ইয়াৰ যাত্ৰাৰ সময় ছেপ্টেম্বৰৰ পৰা মে’ মাহলৈকে ৷

2004 চনৰ পৰা এই পৰ্যটনৰ ৰে’লৰ চলাচল অব্যাহত আছে ৷ ৰে’লখনৰ ভিতৰচ’ৰা হোটেলৰ দৰে ৷ য’ত আছে 21 টা উচ্চ-প্ৰযুক্তিসম্পন্ন কনফাৰেন্স হল, স্পা, দোকান, জীম, ৱাইন বাৰ আদি আছে ৷ ইয়াত থকা বাৰখনত উপলব্ধ স্লিপাৰ কেবিন ৷ য’ত ব্যক্তিগত বাটলাৰ আৰু বিলাসী কাৰ্পেটিং, ব্যক্তিগত বাথৰূমৰ উপৰিও ইণ্টাৰনেট আৰু ডিভিডি’ প্লেয়াৰ আদিৰো ব্যৱস্থা আছে ৷

উল্লেখ্য যে ক’ভিড-19ৰ সময়ত ৰে’লখন পুনৰ সজ্জিত কৰা হৈছিল ৷ ৰে’লখনত আছে দুখন ৰেস্তোৰাঁ, সেয়া হ’ল ৱাভাৰ আৰু উৎসৱ ৷ ৰে’লখন ই এক উল্লেখযোগ্য বিশেষত্ব ৷ সুন্দৰ আৱৰণৰ বাবে পৰ্দা, কাঠৰ পেনেলিং আদিয়ে ৰে’লখনক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷ দেশৰ ভিন্ন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিব পাৰি ৰে’খনৰ যাত্ৰাকালত ৷ প্ৰাচীন ভাৰতীয় স্থাপত্যৰ প্ৰদৰ্শন এই পৰ্যটন ৰে’লৰ অনন্য দিশ ৷ তদুপৰি সুৰাৰ সোৱাদ লোৱাৰ বাবেও আছে বিশেষ ব্যৱস্থা ৷

৪. মহাৰাজা এক্সপ্ৰেছ :

মহাৰাজা এক্সপ্ৰেছে ভ্ৰমণ কৰে তিনিৰ পৰা ছয় ৰাতিপৰ্যন্ত ৷ দিল্লী আৰু মুম্বাইক সামৰি লয় এই ভ্ৰমণে ৷ ইয়াৰ বাবে প্ৰতিগৰাকী পৰ্যটকৰ পৰা ন্যূনতম 4,890 ডলাৰ, ভাৰতীয় হিচাপত প্ৰায় 4,09,124 টকা সংগ্ৰহ কৰা হয় ৷ অক্টোবৰৰ পৰা এপ্ৰিলৰ মাহৰ মাজত এই ভ্ৰমণ কৰোৱা হয় ৷ ভাৰতৰ পৰম্পৰাগত ৰাজকীয় আতিথ্য প্ৰদান কৰা এই ৰে’লভ্ৰমণ 2010 চনত আৰম্ভ হৈছিল ৷ এই এক্সপ্ৰেছে বহুকেইটা বঁটা লাভ কৰিবলৈও সক্ষম হৈছে ৷ যাত্ৰীসকলে চাৰিটা শ্ৰেণীৰ কোঠাৰ মাজৰ পৰা পছন্দৰ শ্ৰেণী বাছনি কৰিব পাৰে ৷ পৰ্যটকসকলে লাভ কৰে দুটা শোৱনি কোঠা, এটা লিভিং ৰূম, বাথৰূমৰ লগতে বাথটাব ৷

ৰে’লখনত আছে দুখন ৰেস্তোৰাঁ ৷ সেই দুখন হ’ল- ময়ূৰ মহল আৰু ৰং মহল ৷ নিৰামিষ আৰু আমিষ দুয়োৰে বাবে এই ৰেস্তোৰাঁ উপযুক্ত স্থান । পৰ্যটকসকলে ছাফাৰি বাৰত ককটেলৰ সোৱাদ ল’ব পাৰে ৷ ৰে’লখনেৰে ভ্ৰমণ কৰা পৰ্যটকসকলে ভাৰতীয় সংস্কৃতি আৰু ইতিহাসৰ ওপৰত আলোকপাতৰ সুবিধা লাভ কৰে ৷ পৱিত্ৰ ঘাটত স্নান, জংঘল ছাফাৰি, প্ৰাসাদ-মন্দিৰ ভ্ৰমণ, বজাৰ কৰা আদিৰ সুবিধা প্ৰদান কৰে এই বিলাসী ৰে’ল পৰ্যটনে ৷

৫. ৰয়েল ৰাজস্থান অন হুইলছ

ৰয়েল ৰাজস্থান অন হুইলছৰ জৰিয়তে পৰ্যটকসকলে উপভোগ কৰিব পাৰে বহুতো দুৰ্গ, ৰাজপুত সংস্কৃতিৰ শৌৰ্য আৰু আতিথ্য ৷ এই ৰে’লত প্ৰৱেশৰ লগেলগে ৰাজস্থানী পৰম্পৰাৰে স্বাগতম জনোৱা হয় ৷ মিউজিকেল ৰেড কাৰ্পেটৰ লগতে অনন্য আতিথ্যৰে আদৰণি জনোৱা হয় ভ্ৰমণকাৰীসকলক ৷ ইয়াৰ কেবিনসমূহৰ ভিতৰভাৱে আকৰ্ষণীয়ভাৱে সজোৱা হৈছে, আছে ঐতিহাসিক ৰাজপুতানা ছবি ৷ তদুপৰি ৰে’লখনত আছে পঞ্চতাৰকাযুক্ত হোটেল ৷ ব্যক্তিগত কেবিনসমূহত ল’ব পাৰে ৰাজকীয় ঘৰৰ মাদকতা ৷

লগতে পঢ়ক :আকাশত চলে ৰে'ল, যাত্ৰীক দিয়া হয় অক্সিজেন মাস্ক : ক’ত এই ৰে’লপথ ?

বিশেষ ৰে’লেৰে কিয়েভত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : কিয় বিশেষ এই ৰে’লখন?

ৰে’লযোগে ক’লৈ গৈছে বিৰাট কোহলীয়ে ? ভিডিঅ’ ভাইৰেল

ABOUT THE AUTHOR

...view details