নেশ্যনেল ডেস্ক, 22 মাৰ্চ : হিমাচল প্ৰদেশত দ্ৰুতগতিত সলনি হৈছে ৰাজনৈতিক সমীকৰণ ৷ শুকুৰবাৰে হিমাচল প্ৰদেশৰ তিনি নিৰ্দলীয় বিধায়ক কে এল ঠাকুৰ, হোচিয়াৰ সিং আৰু আশীষ শৰ্মাই বিধানসভাৰ পৰা পদত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে । তিনি বিধায়কে আজি বিধানসভাৰ সচিবৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে ।
ইয়াৰ পিচতে তিনি বিধায়কে ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে । তাৰ পিছত তেওঁলোক তিনিও দিল্লীলৈ ৰাওনা হ'ব । তিনিগৰাকী বিধায়কেই অচিৰেই বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে ।
যোৱা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ ছয়জন বিধায়কে বিজেপি প্ৰাৰ্থীৰ সপক্ষে ক্ৰছ ভোটদান কৰিছিল । ইয়াৰে তিনিজন নিৰ্দলীয় বিধায়ক - হোচিয়াৰ সিং, কে এল ঠাকুৰ আৰু আশীষ শৰ্মাইও বিজেপিৰ সপক্ষে ভোট দিছিল ।
সম্প্ৰতি তিনিও বিধায়কে জয় ৰাম ঠাকুৰক বিধানসভাত সাক্ষাৎ কৰে ৷ তেওঁলোকে পদত্যাগৰ পিচতে দিল্লীলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ৷ দিল্লীত তিনিও বিধায়কে বিজেপিত যোগদান কৰিব ।
ইফালে কংগ্ৰেছৰ 6 গৰাকী বিধায়কে শেহতীয়াকৈ দিল্লীত বিজেপিৰ সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰিছিল । এনে পৰিস্থিতিত অনুমান কৰা হৈছে যে, শীঘ্ৰেই এই 9 গৰাকী বিধায়কে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখনীয় যে, 1 জুনত হিমাচল প্ৰদেশত 4 খন আসনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই তিনি বিধায়কৰ পদত্যাগৰ লগে লগে ৰাজ্যখনৰ 9 টা বিধানসভা সমষ্টিৰ আসন খালী হৈ পৰিছে । একে সময়তে, যদি বিজেপিয়ে এই নিৰ্বাচনত জয়লাভ কৰে তেন্তে ৰাজ্যখনৰ সুখু চৰকাৰৰ সংকটত পৰিব পাৰে ৷
লগতে পঢ়ক:বিজ্ঞাপনৰ কভাৰত ফটো ওলোৱাৰ পাচতো লাভ নকৰিলে অৰুণোদয়ৰ ধন - Women deprived of Arunodoi scheme