নেশ্যনেল ডেস্ক,১৯ মে': জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । শনিবাৰে নিশা ইয়ান্নাৰ অঞ্চলত ৰাজস্থানৰ জয়পুৰৰ এক দম্পতী সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় । এই খবৰ পোৱাৰ লগে লগে ভুক্তভোগী দম্পতীৰ পৰিয়ালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । পৰিয়ালটোৱে ভুক্তভোগী দম্পতীৰ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে ।
উল্লেখ্য যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে । বাৰামুলাত লোকসভা নিৰ্বাচনৰ দুদিন পূৰ্বে অনন্তনাগৰ জয়পুৰৰ পৰ্যটক দম্পতীটো আহত হয় । আনহাতে আন এটা আক্ৰমণত শ্বপিয়ানত এগৰাকী প্ৰাক্তন চৰপঞ্চ নিহত হয় ।
আক্ৰমণটোৰ পিচতে জয়পুৰৰ পাঠান চকৰ পৰা ভুক্তভোগী দম্পতীটোৰ পৰিয়ালে ইটিভি ভাৰতৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তাব্ৰেজৰ পিতৃ আছলাম খানে কয় যে তেওঁৰ পুত্ৰ আৰু বোৱাৰী প্ৰায় ৫০ জনীয়া পৰ্যটকৰ এটা দলৰ সৈতে কাশ্মীৰলৈ গৈছিল । পেহেলগাম ভ্ৰমণ কৰাৰ পিচত তেওঁলোকে শনিবাৰে সন্ধিয়া ইয়ান্নাৰৰ এটা ৰিজৰ্টত নিশা আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল । সেই সময়তে বাইকত অহা দুই আক্ৰমণকাৰীয়ে গুলীচালনা কৰে । য'ত পুত্ৰ আৰু বোৱাৰী আঘাতপ্ৰাপ্ত হয় । বোৱাৰী ফাৰহাৰ অৱস্থা সুস্থিৰ যদিও তাব্ৰেজৰ অৱস্থা সংকটজনক বুলি তেওঁ উল্লেখ কৰিছে ।