নতুন দিল্লী :সন্ত্ৰাসবাদ ভাবুকি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গৃহ মন্ত্ৰী অমিত শ্বাহৰ । গৃহ মন্ত্ৰীৰ মতে সন্ত্ৰাসবাদ সীমান্তহীন আৰু অদৃশ্য । এনে সন্ত্ৰাসবাদী ভাবুকিৰ বিৰুদ্ধে সতৰ্ক কৰি দি তেওঁ তাৰ সৈতে কাৰ্যকৰীভাৱে মোকাবিলা কৰাৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
কেনেদৰে কৰিব সন্ত্ৰাসবাদৰ মোকাবিলা ?
সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪ৰ উদ্বোধনী অধিবেশনত ভাষণ দি শ্বাহে কয়, "সন্ত্ৰাসবাদী আক্ৰমণ আৰু তেওঁলোকৰ ষড়যন্ত্ৰ আমাৰ বিৰুদ্ধে সীমাহীন আৰু অদৃশ্য । যদি আমি ইয়াৰ সৈতে সঠিকভাৱে মোকাবিলা কৰিব লগা হয়, তেন্তে আমাৰ যুৱ বিষয়াসকল সৰ্বোচ্চ প্ৰযুক্তিৰে সজ্জিত হ'ব লাগিব, তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব । আমি অনাগত দিনবোৰত প্ৰশিক্ষণক এক গুৰুত্বপূৰ্ণ অংশ কৰিম ।"
সন্ত্ৰাসবাদ বিৰোধী ৰণনীতি
শ্বাহে ঘোষণা কৰে যে গৃহ মন্ত্ৰালয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সক্ৰিয় দৃষ্টিভংগীৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু ৰণনীতি প্ৰস্তুত কৰিব । তেওঁ কয়, "সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদ পৰিস্থিতিতন্ত্ৰৰ বিৰুদ্ধে যুঁজিবলৈ গৃহ মন্ত্ৰালয়ে যি সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰিছে আমি তাৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছোঁ । আমি ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু ৰণনীতি প্ৰস্তুত কৰিম ।" তেওঁ লগতে কয়, "কিন্তু মই কোৱাৰ দৰে, আৰক্ষী এক ৰাজ্যিক বিষয় আৰু এই যুঁজখন কেৱল ৰাজ্যিক আৰক্ষীয়ে হে কৰিব লাগিব । তথ্য প্ৰদানৰ পৰা আৰম্ভ কৰি সকলো (কেন্দ্ৰীয়) সংস্থাই আপোনাক সমৰ্থন কৰিব ।"
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল মোদী চৰকাৰ
অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ শূন্য সহনশীল নীতিক এতিয়া বিশ্বব্যাপী স্বীকাৰ কৰিছে আৰু দেশখনে ইয়াৰ মোকাবিলা কৰিবলৈ এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে । তেওঁ কয়, "স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল । এতিয়ালৈকে দেশৰ সীমাৰ আভ্যন্তৰীণ সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে ৩৬,৪৬৮ গৰাকী আৰক্ষী কৰ্মীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিছে । মই আজি তেওঁলোক সকলোকে সৰ্বোচ্চ ত্যাগ কৰাৰ মনোভাৱৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰো আৰু লগতে দেশৰ হৈ তেওঁলোকৰ পৰিয়ালক ধন্যবাদ জনাইছো । প্ৰধানমন্ত্ৰী মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ ১০ বছৰৰ ভিতৰত ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক দৃঢ় ৰণনীতি অনুসৰণ কৰিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁৰ শূন্য সহনশীল শ্ল'গানক কেৱল ভাৰতেই নহয়, আজি সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে ।"
উল্লেখ্য যে দুদিনীয়াকৈ 'সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪' গৃহ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) আয়োজন কৰিছে । সন্মিলনৰ মুখ্য লক্ষ্য হৈছে 'সমগ্ৰ চৰকাৰী দৃষ্টিভংগী'ৰ ভাৱনাৰে সন্ত্ৰাসবাদৰ বিপদৰ বিৰুদ্ধে সমন্বিত পদক্ষেপৰ বাবে যোগাযোগ স্থাপন কৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় বিকাশ কৰা আৰু ভৱিষ্যতৰ নীতি প্ৰণয়নৰ বাবে গুৰুত্বপূৰ্ণ তথ্য উত্থাপন কৰা ।
লগতে পঢ়ক :সন্ত্ৰাসমুক্ত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ: অমিত শ্বাহ