নাগাৰকুৰনুল :"মনোজ...শ্ৰীনিবাস...সন্দীপ...আপোনালোক ক'ত আছে ? আপোনালোকে মোৰ কথা শুনি আছেনে ?..." । উদ্ধাৰকাৰী দলে সঁহাৰি পোৱাৰ আশাত বাৰে বাৰে এনেদৰে চিঞৰিছে । কিন্তু উদ্ধাৰকাৰী দলে কোনো সঁহাৰি পোৱা নাই । অন্ধকাৰ, বোকা পানী আৰু লোৰ পাইপবোৰে উদ্ধাৰ অভিযান অধিক ভয়ংকৰ কৰি তুলিছে ।
উল্লেখ্য যে তেলেংগানাৰ নাগাৰকুৰনুলৰ শ্ৰীচৈলম লেফ্ট বেংক খাদৰ সুৰংগৰ কিছু অংশ শনিবাৰে পুৱা খহি পৰাৰ পিছত এতিয়া ৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি আৱদ্ধ হৈ আছে ৮ জন লোক । আৱদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ আৰু শ্ৰীনিবাস, ছানি সিং (জম্মু-কাশ্মীৰ), গুৰপ্ৰীত সিং (পঞ্জাৱ) আৰু সন্দীপ চাহু, যাকটাজছ, সন্তোষ চাহু আৰু অনুজ চাহু বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান বিষয়াসকলে কয় যে তেওঁলোক জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ যেন লাগিছে যদিও তেওঁলোকৰ ওচৰলৈ যাবলৈ সকলো প্ৰচেষ্টা কৰা হৈছে ।
৮ জনৰ ভিতৰত আছে আমেৰিকাৰ টানেলিং কোম্পানী দ্য ৰবিন্স কোম্পানীৰ দুজন ভাৰতীয় অভিযন্তা, আনহাতে বাকীসকল জে পি এছ'চিয়েটছৰ কৰ্মচাৰী । উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি থকা তেলেংগানাৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে সোমবাৰে কয় যে তেওঁলোকে ৰেট হল খনিৰ কৰ্মীৰ এটা দলক মাতিছে, যিয়ে ২০২৩ চনত উত্তৰাখণ্ডৰ চিল্কিয়াৰা বেণ্ড-বাৰকোট সুৰংগত আৱদ্ধ নিৰ্মাণ শ্ৰমিসকলক উদ্ধাৰ কৰিছিল । মন্ত্ৰীগৰাকীয়ে কয় যে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ কমেও তিনিৰ পৰা চাৰি দিন লাগিব, কিয়নো দুৰ্ঘটনাস্থলীটো ধ্বংসাৱশেষৰে ভৰি আছে ।
তেওঁ কয়,"সঁচাকৈ ক'বলৈ গ'লে, তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ । কিয়নো, মই নিজেই শেষলৈকে গৈছিলো, প্ৰায় ৫০ মিটাৰ দূৰলৈ (দুৰ্ঘটনাস্থলীৰ)। যেতিয়া আমি ফটো তুলিছিলো, শেষৰ সুৰংগটো দৃশ্যমান আছিল । ৯ মিটাৰ ব্যাসাৰ্ধৰ (সুৰংগৰ) ভিতৰত - প্ৰায় ৩০ ফুটৰ ভিতৰত ২৫ ফুটলৈকে বোকা জমা হৈ আছিল ।"