অসম

assam

প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি অৰ্পণ তেলেংগানাৰ মুখ্যমন্ত্ৰী-ত্ৰিপুৰাৰ ৰাজ্যপালৰ - RAMOJI RAO PASSES AWAY

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 10:52 AM IST

Ramoji Rao Passes away: ৰামোজী ৰাওৰ ফিল্ম চিটীস্থিত বাসগৃহত মঙলবাৰে উপস্থিত হয় তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডী আৰু ত্ৰিপুৰাৰ ৰাজ্যপাল নল্লু ইন্দ্ৰসেনা ৰেড্ডী ৷ তেওঁলোকে ৰাওৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায় ৷

Ramoji Rao Passes away
প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, ১২ জুন:ৰামোজী গ্ৰুপৰ মুৰব্বী প্ৰয়াত ৰামোজী ৰাওক তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে মঙলবাৰে সন্ধিয়া মন্ত্ৰী তুম্মালা নাগেশ্বৰ ৰাও আৰু সাংসদ চামালা কিৰণ কুমাৰ ৰেড্ডীৰ সৈতে ৰামোজী ফিল্ম চিটীস্থিত ৰামোজী ৰাওৰ বাসগৃহত উপস্থিত হয় ৷ তেওঁলোকে ৰামোজী ৰাওৰ বাসগৃহত তেওঁৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনায় ।

প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি (ETV BHARAT ASSAM)

লগতে পঢ়ক:অন্তিম শয়নত ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰামোজী ৰাও: শোকসন্তপ্ত তেলেংগানা - Ramoji Rao passes away in hyderabad

ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাচত তেওঁলোকে ঈনাডুৰ পৰিচালন সঞ্চালক কিৰণ, মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণ, ৰামোজী ফিল্ম চিটীৰ পৰিচালন সঞ্চালক বিজয়েশ্বৰীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে বিশেষ বৈঠকত মিলিত হয় ।

ৰেৱন্ত ৰেড্ডীয়ে কয় যে, ৰামোজী ৰাওৰ ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে ৷ তেওঁ ৰামোজী গ্ৰুপৰ প্ৰয়াত মুৰব্বীগৰাকীৰ পৰিয়ালৰ লোকক এনে পৰিস্থিতিত অধিক সাহস গোটাই হৃদয় সবল কৰি ৰাখিবলৈ কামনা কৰে ।

লগতে পঢ়ক:ৰামোজী ৰাও : ছপা, বৈদ্যুতিন আৰু ডিজিটেল মিডিয়াত বিপ্লৱ ঘটোৱা এগৰাকী সংবাদ সম্ৰাট - Ramoji Rao passes away

ইফালে ত্ৰিপুৰাৰ ৰাজ্যপাল নল্লু ইন্দ্ৰসেনা ৰেড্ডীয়েও প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ ৰামোজী ফিল্ম চিটীত থকা ৰামোজী ৰাওৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে । তেওঁ ৰামোজী ৰাওৰ লগত অতিবাহিত কৰা সময়ৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে ৷

প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলী (ETV BHARAT ASSAM)

উল্লেখ্য যে, ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱা দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰিশাৰীৰিক অসুস্থতাতভুগি থকাৰাওক ৫ জুনত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় 4.50 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷

লগতে পঢ়ক:ৰামোজী ফিল্ম চিটী: য'ত সপোন বাস্তৱত পৰিণত হয় - RAMOJI RAO PASSES AWAY IN HYDERABAD

ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী ৷ যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটী, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী । মিডিয়া বেৰনগৰাকী ঈনাডু বাতৰি কাকত, ইটিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল ।

ABOUT THE AUTHOR

...view details