নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী :বিহাৰত অব্যাহত আছে জন বিশ্বাস যাত্ৰা ৷ ইয়াৰ মাজতে শনিবাৰে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ জন বিশ্বাস যাত্ৰাৰ সময়তে এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ৰ এখন নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই শোকাৱহ পথ দুৰ্ঘটনাত এজন আৰক্ষী নিহত হয় বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাৰ ঘটনা পূৰ্ণিয়াৰ মুফাচিল আৰক্ষী থানা অঞ্চলৰ বেলাউৰী চকৰ সমীপত সংঘটিত হয় ৷
এই দুৰ্ঘটনাত, এছক'ৰ্ট বাহনখনৰ চালকজন ঘটনাস্থলীত মৃত্যুবৰণ কৰে, আনহাতে কেইবাগৰাকীও কৰ্তব্যৰত আৰক্ষী গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনাৰ পিচতে আৰক্ষী বিষয়াসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে আহত কনিষ্টবলসকলক চিকিৎসাৰ বাবে পূৰ্ণিয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰিজাৰ্ভৰ উপ-অধীক্ষক পুষ্কৰ কুমাৰে কয় যে, বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ কনভয়ৰ কাটিহাৰ সীমান্তলৈ গৈ থকাৰ সময়তে বেলাউৰী চকৰ সমীপত দিবলৈ পূৰ্ণিয়া অভিমুখে আহি থকা এখন বাহনৰ লগত এছক’ৰ্টৰ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷ এছক'ৰ্ট বাহনখনৰ চালকজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছে, আনহাতে প্ৰায় 6 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হৈছে ৷ তেওঁলোকক সম্প্ৰতি পূৰ্ণিয়াৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা হৈছে ৷
অৱশ্যে, এই ঘটনাটোৰ পাচতে তেজস্বী যাদৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিচতে কাটিহাৰলৈ ৰাওনা হয় । জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰৈ কাটিহাৰৰ পৰা পূৰ্ণিয়া হৈ ফৰ্বচগঞ্জলৈ গৈ থকা বাহনখনত 5 গৰাকী লোক আছিল ।
লগতে পঢ়ক:কেজৰিৱালে স্বীকাৰ কৰিলে ভুল, ভিডিঅ' ৰিটুইট কৰি মানহানিৰ মুখামুখি দিল্লীৰ মুখ্যমন্ত্ৰী