নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: প্ৰতিবেদনলৈ আৰম্ভণিতেই এটা আমোদজনক প্ৰশ্ন সোধো ৰ’ব, আপুনি কেতিয়াবা পইচা চুৰি কৰি পাইছে নে ? সৰু হৈ থাকোঁতে দেউতাৰ জেপৰ পৰা, মায়ে সাঁচি ৰখা খোৰোঙৰ পৰা, আইতাৰ বিচনাৰ তুলিৰ তলৰ পৰা অথবা দাদা-বাইদেউৰ জ্যামিতি বাকচৰ পৰা কেতিয়াবা এটকা দুটকা চুৰি নিশ্চয় আপুনিও কৰিছিল ৷
তাৰ পিচত ধৰা পৰিলে যেতিয়া মা আৰু দেউতাৰ এচাৰিৰ কোব পিঠিত পৰে, তেতিয়া কেনেকুৱা লাগে সেই অভিজ্ঞতাও নিশ্চয় আপোনাৰ হৈছে ৷ বাৰু শপত খাইছিল নে ? মই নাই নিয়া পইচা...বিদ্যা শপত...অমুক শপত...তমুক শপত...এনেকৈ কৈছিল নে ?
আজি অলপ নষ্টালজিক কৰিব খুজিছোঁ আপোনাক ! তাৰ মাজেৰে বাতৰিটো জনাম ৷ এই যে আপোনাক পইচা চুৰিৰ কথা সুধিলোঁ তাতেই লুকাই আছে কাহিনীটো ৷ ল’ৰালিতে কৰা সেই কামবোৰ অৱশ্যে ডাঙৰ অপৰাধ নাছিল যদিও আমাৰ চৰিত্ৰ গঠনত যাতে ই প্ৰভাৱ নেপেলাই তাৰ বাবেই হয়তো অভিভাৱকে আমাক শাস্তি প্ৰদান কৰিছিল, শপত খুৱাইছিল ভৱিষ্যতে তেনে নকৰিবলৈ ৷
বহু কম মানুহেই হয়তো ওলাব যিয়ে এই ধৰণৰ দুষ্টামি কৰা নাছিল ৷ কেৱল পইচাই নহয়, পাঠশালাত লগৰটো বা লগৰজনীৰ কলমটো, কাঠ পেঞ্চিলডাল, ৰবৰ টুকুৰা দেখি ভাল লাগিলে কেতিয়াবা আমি ৰাখি থৈছিলোঁ মনে মনে ৷ পিচত আমাৰ শিক্ষাগুৰুসকলে যেতিয়া চোৰ ধৰা পেলাই, চেকণিৰে কোবাই সৈ কঢ়াইছিল ৷ চুৰি কৰাটো যে এটা বেয়া অভ্যাস সেয়া বুজাইছিল ৷
এতিয়া আহোঁ বাতৰিৰ মাজলৈ ৷ এগৰাকী শিক্ষয়িত্ৰীৰ মানি বেগৰ পৰা 35 টকা এটা নোহোৱা হ’ল ৷ বেগৰ পৰা টকা চুৰি হোৱাত খঙতে অগ্নিশৰ্মা হৈ পৰিল শিক্ষয়িত্ৰীগৰাকী ৷ সন্দেহ কৰিলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৷ 105 গৰাকী ছাত্ৰ-ছাত্ৰীৰ জেপ আৰু বেগত তালাচী চলোৱা হ’ল যদিও, সেই 35 টকাটো পোৱা নগ’ল ৷ কিন্তু শিক্ষয়িত্ৰীগৰাকীয়ে বাৰে বাৰে একেটা কথাই কৈ থাকিলে যে টকা কেইটা কোনোবা শিক্ষাৰ্থীয়েই চুৰি কৰিছে ৷