নেশ্যনেল ডেস্ক, 1 মাৰ্চ :চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে কোনো দুৰ্বৃত্তই ৷ শুকুৰবাৰৰ পুৱা 7.30 বজাত এটা ব্যক্তিগত টেলিভিছনৰ কাৰ্যালয়লৈ ফোনযোগে এই ভাবুকি প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷ ভাবুকিপূৰ্ণ ফোন কল লাভ কৰাৰ পিচত সমগ্ৰ মুখ্য কাৰ্যালয়তে স্নিফাৰ ডগৰ দ্বাৰা তালাচী চলোৱা হৈছে ।
শুকুৰবাৰৰ পুৱা কোনো দুৰ্বৃত্তই চেন্নাইৰ এটা ব্যক্তিগত টেলিভিছন ষ্টেচনলৈ ফোন কৰি সচিবালয়ত বোমা ৰখাৰ ভাবুকি দি ফোনটো কাটি দিয়ে । ইয়াৰ পিচতে ব্যক্তিগত টেলিভিছন কৰ্তৃপক্ষই এই বিষয়ে আৰক্ষীক অৱগত কৰে । ইয়াৰ পিচতে সচিবালয়ৰ মুখ্য কাৰ্যালয়ত স্নিফাৰ ডগ, বোমা বিশেষজ্ঞ আৰু বোমা ধৰা পেলোৱা সঁজুলি ব্যৱহাৰ কৰি পৰীক্ষা কৰা হৈছে ।
ইয়াৰোপৰি, চেন্নাই মুখ্য সচিবালয়ত স্নিফাৰ ডগৰ সহায়ত মন্ত্ৰী কক্ষ, বিষয়াৰ কক্ষ, বিধানসভা হল, পাৰ্কিঙকে ধৰি সকলো অঞ্চল বোমা বিশেষজ্ঞই পৰীক্ষা কৰি আছে । সহকাৰী আয়ুক্তৰ নেতৃত্বত বিভিন্ন দলে তন্ন তন্নকৈ সমগ্ৰ মুখ্য কাৰ্যালয়টো পৰীক্ষা কৰি আছে । বোমাৰ ভাবুকি সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।