তেজপুৰ, 10 জুন :পুনৰ অগ্নিগৰ্ভা হ’ব ধৰিছে সাতভনীৰ অন্যতম ৰাজ্য মণিপুৰ ৷ ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষই প্ৰায় এবছৰ অতিক্ৰম কৰাৰ পিছতে পুনৰ এই জুইৰ ছিটিকনি বিয়পিব ধৰিছে ৰাজ্যখনৰ ন ন অঞ্চললৈ ৷ বিগত তিনিদিন ধৰি জিৰিবাম জিলাত গোষ্ঠী সংঘৰ্ষই গা কৰি উঠাৰ সময়তে সোমবাৰে সংঘটিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনা ৷
কোনো সন্দেহযুক্ত উগ্ৰপন্থীয়ে সোমবাৰে কাংপোকপি জিলাত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক উদ্দেশ্যি গুলীচালনা কৰে ৷ এই ঘটনাত এজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ এই কনভয়টো জিৰিবাম জিলালৈ গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, পুৱা 10.30 বজাত কনভয়টো গৈ থকা অৱস্থাতে কোনো অচিনাক্ত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ বাহনসমূহক উদ্দেশ্যি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷ 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলেন নামৰ গাঁৱখনৰ সমীপৰ টি লাইজাঙত এতিয়াও গুলীচালনা অব্যাহত থকা বুলি জানিব পৰা গৈছে ৷