নেশ্যনেল ডেস্ক,৯ জুলাই :উচ্চতম ন্যায়ালয়ে সোমবাৰে দৃশ্য মাধ্যম আৰু চলচ্চিত্ৰত বিশেষভাৱে সক্ষম লোকসকলৰ 'অপমানজনক' চিত্ৰায়ণৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰে । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে বিশেষভাৱে সক্ষম লোকৰ সৈতে সম্পৰ্কিত বিষয়বোৰ সমাজত ভুলকৈ উপস্থাপন কৰা হৈছে । বিচাৰপীঠে কয় যে চলচ্চিত্ৰ প্ৰমাণপত্ৰ সংস্থাটোৱে প্ৰদৰ্শনৰ অনুমতি দিয়াৰ পূৰ্বে বিশেষজ্ঞৰ মতামত বিচাৰিব লাগিব ।
বিচাৰপীঠে কয় যে ভিজুৱেল মিডিয়াই প্ৰতিবন্ধী লোকসকলৰ কেৱল প্ৰত্যাহ্বানেই নহয় তেওঁলোকৰ বিভিন্ন বাস্তৱতাক প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা উচিত । যেনে তেওঁলোকৰ সফলতা, প্ৰতিভা আৰু সমাজলৈ তেওঁলোকৰ অৱদান । বিচাৰপীঠৰ হৈ ৰায় ঘোষণা কৰি মুখ্য ন্যায়াধীশে কয় যে তেওঁলোকক পৌৰাণিক কাহিনীৰ ভিত্তিত উপহাস কৰা উচিত নহয় বা তেওঁলোকক পংগু বুলি উপস্থাপন কৰা উচিত নহয় ।
লগতে পঢ়ক:Specially abled student: বিশেষভাৱে সক্ষম অস্মিতাৰ অনুপ্ৰেৰণামূলক কাহিনী
নিপুন মালহোত্ৰাই দাখিল কৰা এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ৰ মতে হিন্দী চলচ্চিত্ৰ 'আখ মিচোলী'ত বিশেষভাৱে সক্ষম লোকৰ প্ৰতি অপমানজনক প্ৰসংগ আছে । শীৰ্ষ ন্যায়ালয়ে কয় যে শব্দবোৰে প্ৰতিষ্ঠানগত বৈষম্যক প্ৰচাৰ কৰে আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বিষয়ে সামাজিক ধাৰণাত 'বিকলাংগ'ৰ দৰে শব্দৰ অৱমূল্যায়ন কৰা হৈছে । ইয়াৰ পূৰ্বে, চৰকাৰেও বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কেইবাটাও পদক্ষেপ লৈছিল । পূৰ্বে 'অক্ষম' শব্দটো ব্যৱহাৰ কৰা হৈছিল কিন্তু চৰকাৰে ইয়াক সলনি কৰিছিল ।