মেষ ৰাশি: মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশ আপোনাৰ বাবে লাভজনক হ’ব ৷ এই সময়চোৱাত চাকৰিয়াল লোকসকলে সুবিধা লাভ কৰিব আৰু তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ প্ৰাপ্ত কৰিব ৷ আপোনাৰ পিতৃয়ে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব ৷ বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্তও ল’ব পাৰে ৷
প্ৰতিকাৰ- গায়ত্ৰী চালিচা পাঠ কৰক ৷
বৃষ ৰাশি:মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশৰ লগে লগে আপুনি পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ সুযোগ পাব ৷ এই সময়ত চকু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷ অৱশ্যে যদি আপুনি কোনো বাহন ব্যৱহাৰ কৰে, তেন্তে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব ৷
প্ৰতিকাৰ-সূৰ্য মন্ত্ৰ জপ কৰক ৷
মিথুন ৰাশি: সূৰ্য এতিয়া এমাহলৈ আপোনাৰ ৰাশিত অৱস্থান কৰিব ৷ এয়া আপোনালোকৰ বাবে অতি আত্মবিশ্বাসপূৰ্ণ সময় হ’ব ৷ কিন্তু এই গোটেই সময়চোৱাত আপোনাৰ মতামত আপোনাৰ জীৱন সংগীৰ মতামততকৈ ভিন্ন হ’ব ৷ ব্যৱসায়িক অংশীদাৰৰ সৈতেও আপোনাৰ বিবাদ হ’ব পাৰে ৷
প্ৰতিকাৰ-গায়ত্ৰী মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে শুভ হ’ব ৷
কৰ্কট ৰাশি:মিথুন ৰাশিত সূৰ্যৰ প্ৰৱেশৰ পিচৰ এমাহলৈ সময় আপোনাৰ বাবে গতানুগতিক হ’ব ৷ এই সময়চোৱাত আপুনি বিনিয়োগৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব ৷ নতুন কিবা এটা চেষ্টা কৰিবৰ ইচ্ছা হ’ব ৷ যিকোনো ধৰণৰ পাৰিবাৰিক সম্পত্তি সম্পৰ্কীয় সমস্যা সমাধান হ’ব ৷
প্ৰতিকাৰ-পিতৃৰ চৰণ স্পৰ্শ কৰি দিনটোৰ আৰম্ভণি কৰক ৷
সিংহ ৰাশি:মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তিয়ে আপোনাক গতানুগতিকতকৈ অধিক উপকৃত কৰিব ৷ আপুনি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰিব ৷ এই সময়চোৱাত আপুনি এক নতুন পৰিচয় লাভ কৰিব ৷ নতুন বন্ধু লাভ কৰিব ৷
প্ৰতিকাৰ-প্ৰতিদিনে সূৰ্যক কুমকুম মিশ্ৰিত জল অৰ্পণ কৰক ৷
কন্যা ৰাশি: মিথুন ৰাশিত সূৰ্যৰ সঞ্চাৰ/সংক্ৰান্তি আপোনাৰ বাবে গতানুগতিক হ’ব ৷ এই সময়চোৱাত আপুনি সাৱধানতা অৱলম্বন কৰা উচিত ৷ অৱশ্যে নতুন কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰে ৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক ৷
প্ৰতিকাৰ- প্ৰতিদিনে ভগৱান শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰ জপ কৰক ৷