অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / bharat

উত্তৰাখণ্ডৰ পৰা নিৰুদ্দেশ অসমৰ মেধাৱী ছাত্ৰ - Students Missing

Assam students missing: উত্তৰাখণ্ডত চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা । ২২ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন অসমৰ এগৰাকী ছাত্ৰ । সন্ধানহীন পুহানাৰ আৰ আই টি মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ বিটেক কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ নিশান ।

Assam students missing
উত্তৰাখণ্ডৰ পৰা নিৰুদ্দেশ অসমৰ মেধাৱী ছাত্ৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,২৭ ছেপ্টেম্বৰ :উত্তৰাখণ্ডত চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে । সন্দেহজনক পৰিস্থিতিত এগৰাকী ছাত্ৰ সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে । ছাত্ৰজন পুহানাৰ আৰ আই টি মহাবিদ্যালয়ত বিটেক কম্পিউটাৰ বিজ্ঞানৰ তৃতীয় বৰ্ষত অধ্যয়নৰত কৰি আছিল আৰু অসমৰ বাসিন্দা আছিল । অভিযোগৰ পিছতে আৰক্ষীয়ে নিৰুদ্দেশ সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰিছে আৰু সন্ধানহীন ছাত্ৰজনক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

অসমৰ ছাত্ৰ নিৰুদ্দেশ

গংনাহাৰ কোটৱালীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ঐশ্বৰ্য পালে ঘটনা সন্দৰ্ভত কয় যে সন্ধানহীন নিশান অসমৰ বাসিন্দা । তেওঁ তেওঁৰ বন্ধুৰ সৈতে গংনাহাৰ কোটৱালী অঞ্চলৰ আজাদ নগৰ অঞ্চলত বাস কৰে আৰু পুহানাৰ আৰ আই টি মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ বিটেক কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ । আৰক্ষী বিষয়াগৰাকীৰ মতে ২২ ছেপ্টেম্বৰত তেওঁ বন্ধুবৰ্গক অৱগত নকৰাকৈ সন্ধিয়া কোনো অজ্ঞাত স্থানলৈ ৰাওনা হৈছিল । তেতিয়াৰে পৰা ছাত্ৰজনৰ কোনো সন্ধান নাই । আৰক্ষীৰ মতে তেওঁৰ বন্ধুসকলে বিচাৰিছে যদিও এতিয়ালৈ ছাত্ৰজনৰ কোনো সম্ভেদ ওলোৱা নাই ।

আৰক্ষী বিষয়া ঐশ্বৰ্য পালে কয় যে বন্ধু নীলমণিয়ে নিশান সন্ধানহীন হোৱাৰ কথা তেওঁৰ পৰিয়াল আৰু আৰক্ষীক অৱগত কৰিছিল । তাৰ পিছত ছাত্ৰজনৰ সন্ধানহীন সম্পৰ্কে এটা গোচৰ ৰুজু কৰা হয় । আৰক্ষী বিষয়াগৰাকীৰ মতে সন্ধানহীন ছাত্ৰজনক বিচাৰি অনুসন্ধান অব্যাহত আছে আৰু গোচৰটোৰ তদন্ত চলি আছে ।

সন্ধানহীন নিশানৰ বন্ধু নীলমণিয়ে কয় যে তেওঁৰ বন্ধু নিশানে ২২ ছেপ্টেম্বৰৰ আবেলি প্ৰায় ৪ মান বজাত কোনো খবৰ নিদিয়াকৈ ৰূমৰ পৰা ওলাই গৈছিল । নীলমণিৰ মতে তেওঁলোকে বহুত বিচাৰিছিল যদিও বন্ধুৰ কোনো সম্ভেদ পোৱা নাই । তেওঁলোকে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক :অৰুণাচল প্ৰদেশত প্ৰৱেশত বাধা জগদগুৰু শংকৰাচাৰ্যক - JAGADGURU SHANKARACHARYA

ABOUT THE AUTHOR

...view details